Logo
image

মহানগৰীত ষ্ট্ৰীটফুড! মেয়ৰৰ নামকৰণক লৈহে বিপত্তি

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৯ আগষ্টঃ  গুৱাহাটীৰ খাদ্য ৰসিকৰ বাবে এটা সু-খবৰ লৈ আহিছে গুৱাহাটী পৌৰ নিগমে৷ বিশেষকৈ পদপথৰ খাদ্যৰ জুতি লৈ ফুৰা সকলে গুৱাহাটীৰ বিশেষ কিছু স্থানত ল’ব পাৰিব নানা থলুৱা তথা মুখৰোচক খাদ্যৰ জুতি৷ দেশৰ বিভিন্ন ঠাইত থকাৰ দৰে গুৱাহাটীতো অচিৰেই দেখা পোৱা যাব ‘খাও গলি’৷ প্ৰথম পৰ্যায়ত গুৱাহাটীৰ দুটা স্থান ‘খাও গলি’ হিচাপে নিৰ্বাচিত হৈছে৷ সেইদুটা স্থান হৈছে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰ আৰু ফুডভিলাৰ সন্মুখভাগ৷ এই সম্পৰ্কে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয়– শিক্ষিত যুৱক-যুৱতীসকলে পৰিকল্পিতভাৱে পদপথত দোকান দি যাতে স্বাৱলম্বী হ’ব পাৰে তাৰবাবে আমি প্ৰয়াস কৰিছোঁ৷ প্ৰাৰম্ভিক পৰ্যায়ত আমি দুটা স্থান ‘খাও গলি’ৰ বাবে নিৰ্বাচন কৰিছোঁ৷ পৰৱৰ্তী সময়ত আৰু দহটা স্থান ‘খাও গলিৰ’ বাবে নিৰ্বাচন কৰা হ’ব৷ সেইদুটা স্থান হৈছে গুৱাহাটীৰ মাজ মজিয়াত থকা দীঘলীপুখুৰীপাৰ আৰু পাণবজাৰৰ ফুডভিলাৰ সন্মুখভাগ৷  এই ‘খাও গলি’ৰ পদপথৰ ব্যৱসায়ীসকলৰ বাবে আমি কিছু নিয়ম বান্ধি দিছোঁ৷ সেই অনুসৰি পদপথৰ ব্যৱসায়ীসকলে ইউনিফৰ্ম পৰিধান কৰিব লাগিব, কোনো ধৰণৰ প্লাষ্টিকৰ ব্যৱহাৰ কৰিব নোৱাৰিব, ব্যৱসায়ীসকলে গ্লৱছ পৰিধান কৰি পৰিষ্কাৰ পৰিচ্ছন্নতাক গুৰুত্ব দি খাদ্যবস্তু প্ৰস্তুত কৰিব লাগিব৷ তেওঁলোকে সুৰাপান কৰি ব্যবসায় কৰিব নোৱাৰিব৷ সেইদৰে নিশা ৯ বজাৰ পাছত তেওঁলোকে ব্যবসায় বন্ধ ৰাখিব লাগিব৷  আমি তেওঁলোকৰ বাবে ৰাজহুৱা শৌচাগাৰ আৰু বিজুলী সংযোগৰ ব্যৱস্থা৷ লগতে খাদ্যৰসিক আৰু ব্যসায়ীসকলৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় আৰক্ষীৰ থানাৰ সৈতে যোগাযোগ কৰিম৷ অতি শীঘ্ৰে গুৱাহাটীত দেখা যাব এই ‘খাও গলি’ সমূহ৷ আমি ইয়াৰ বাবে ধাৰ্য কৰি দিয়া নীতি নিয়ম সমূহক অতি শীঘ্ৰে জাননী জাৰি কৰিম৷’ মনকৰিবলগীয়া যে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীপাৰ আৰু কটন বিশ্ববিদ্যালয়ৰ সন্মুখত থকা পদপথৰ দোকানসমূহ সন্ধিয়াৰ ভাগত খাদ্যৰসিকেৰে ভৰি পৰে৷ দুয়োটা স্থানৰ কাষতে থকা শান্তি উদ্যান আৰু নেহৰু পাৰ্কৰ বাবে শিশু, অভিভাৱকৰ লগতে যুৱপ্ৰজন্ম ঠাহ খাই পৰা দেখা যায়৷ ফলত এই ব্যবসায়ীসকলে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে৷ কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব নিদয়াৰ বাবে বহু লোকে পদপথৰ দোকান সমূহৰ খাদ্য গ্ৰহণ কৰি অসুস্থ হৈ পৰা উদাহৰণ নথকা নহয়৷ এই ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰা পদক্ষেপে খাদ্যৰসিকসকলক কিছু পৰিমাণে সকাহ দিবলৈ সক্ষম হ’ব৷ উল্লেখ্য, এই ‘খাও গলি’ সমূহ হৈ উঠিলে এক সুন্দৰ, পৰিষ্কাৰ পৰিবেশত খাদ্যৰ জুতি ল’ব পাৰিব গুৱাহাটী মহানগৰীৰ খাদ্যৰসিকসকলে৷ মহানগৰীত ষ্ট্ৰীটফুডৰ চাহিদা দিনক দিনে বৃদ্ধি হ’বলৈ ধৰিছে৷ অৱশ্যে মেয়ৰৰ এই ‘খাও গলি’ নামকৰণক লৈহে মহানগৰীৰ সচেতন শ্ৰেণীৰ মাজত বিপত্তি দেখা গৈছে৷