Logo
image

মোদী অসন্তুষ্ট, মন্ত্ৰী হিমন্তক দিল্লীলৈ তলব

আমাৰ অসম, ৩০ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষুণ্ণ৷ তেওঁ অসন্তুষ্ট ৰাজ্যিক বিজেপিৰ সাংগঠনিক ব্যৰ্থতাক লৈ৷ যাৰ বাবে বুধবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ততাতৈয়াকৈ মাতি পঠিওৱা হয় মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ জৰুৰী তলবৰ পাছতে বৃহস্পতিবাৰে পুৱা নতুন দিল্লী অভিমুখে ৰাওনা হয় মন্ত্ৰী ড॰ শৰ্মা৷ শুকুৰবাৰে পুৱা তেওঁ নতুন দিল্লীৰ পৰা উভতি আহে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ক্ষোভৰ কাৰণ অতি গুৰুতৰ৷ ২৩ জানুৱাৰীত শিৱসাগৰৰ জেৰেঙা পথাৰত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ সভাত ৰাইজৰ উপস্থিতি সন্তোষজনক নাছিল৷ যিটো প্ৰধানমন্ত্ৰীৰ চকুতো ধৰা পৰিছিল৷ অথচ প্ৰধানমন্ত্ৰীৰ এইখন সভাত প্ৰায় তিনি লাখ লোকৰ সমাগম হ’ব বুলি দাবী কৰিছিল স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ নেতৃত্বই৷ কিন্তু দেখা গ’ল যে পঞ্চাশ হাজাৰতকৈ বেছি লোক প্ৰধানমন্ত্ৰীৰ সভাত সমৱেত নহ’ল৷ ভূমিহীন ভূমিপুত্ৰক ভূমি পট্টা প্ৰদানৰ এই অনুষ্ঠানৰ পাছতে প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ সেৰেঙা উপস্থিতিক লৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল৷ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়সূচীৰ পৰিৱৰ্তন আৰু অতিপাত ঠাণ্ডাৰ ফলত জনসমাগম আশানুৰূপ নহ’ল বুলি যুক্তি দি প্ৰধানমন্ত্ৰীক বুজাবলৈ চেষ্টা কৰা হৈছিল যদিও তেওঁ এই যুক্তিত মুঠেই সন্তুষ্ট নহ’ল৷ ফলত বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জৰুৰীভাৱে তলব কৰা হয় নতুন দিল্লীলৈ৷ শিৱসাগৰৰ সভাত মানুহৰ উপস্থিতি কিয় সেৰেঙা হ’ল সেই বিষয়ে প্ৰশ্ন কৰাৰ উপৰি ৭ ফেব্ৰুৱাৰীত ঢেকীয়াজুলিত হ’বলগীয়া সভাত ব্যাপক জনসমাৱেশ নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্দেশ দিয়ে৷ শিৱসাগৰৰ জেৰেঙা পথাৰত স্থানীয় লোকৰ অনুপস্থিতিৰ বিষয়টোক লৈ প্ৰধানমন্ত্ৰীয়ে অসন্তোষ প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাৰ সন্মুখত৷ জেৰেঙা পথাৰৰ সভাৰ আয়োজক কোন আছিল সেয়াও জানিব বিচাৰে প্ৰধানমন্ত্ৰীয়ে৷ সভাখনক লৈ দলৰ স্থানীয় উদ্যোক্তাসকল কিয় সম্পূৰ্ণৰূপে সাজু হোৱা নাছিল সেই বিষয়েও প্ৰশ্ন কৰে প্ৰধানমন্ত্ৰীয়ে৷ এনে ঘটনাৰ পৰা খিলঞ্জীয়া লোকৰ বসতিপ্ৰধান উজনি অসমৰ মানুহৰ মাজলৈ ভুল বাৰ্তা বিয়পি পৰিব পাৰে বুলিও প্ৰধানমন্ত্ৰীয়ে ক্ষোভ প্ৰকাশ কৰে৷ নতুন দিল্লীৰ পৰা উভতি আহিয়েই মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী পীয়ূষ হাজৰিকা, সাংসদ পল্লৱলোচন দাস, প্ৰাক্তন বিধায়ক জয়ন্তমল্ল বৰুৱাক অধিক সক্ৰিয় হ’বলৈ নিৰ্দেশ দিয়ে– ৭ ফেব্ৰুৱাৰীৰ প্ৰধানমন্ত্ৰীৰ সভাখনৰ আয়োজনৰ ক্ষেত্ৰত৷ ইয়াৰ পাছতে সাংসদ পল্লৱলোচন দাসে ঘোষণা কৰে যে ঢেকীয়াজুলিত প্ৰধানমন্ত্ৰীৰ সভাত ৫ লাখ লোকৰ সমাৱেশ ঘটিব৷ মূলতঃ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচী লৈয়েই প্ৰধানমন্ত্ৰীৰ এই সঘন অসম ভ্ৰমণ যদিও জেৰেঙা পথাৰৰ দৰে ঢেকীয়াজুলিতো প্ৰধানমন্ত্ৰী চৰকাৰী কাৰ্যসূচীতহে উপস্থিত থাকিব৷ সেইদিনা প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বনাথ আৰু চৰাইদেউ চিকিৎসা মহাবিদ্যালয় আৰু ‘অসম মালা’ৰ অধীনত ৰূপায়ণ কৰিবলগীয়া ৫ হাজাৰ কোটি টকীয়া পথ নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশ ল’ব৷ জেৰেঙা পথাৰৰ তিক্ত অভিজ্ঞতাৰ বাবে বিব্ৰত হৈ পৰা হিমন্তবিশ্ব শৰ্মা সম্প্ৰতি অসন্তুষ্ট প্ৰধানমন্ত্ৰীক সন্তুষ্ট কৰিবলৈ কাৰ্যক্ষেত্ৰত জঁপিয়াই পৰিছে৷ উল্লেখ্য যে, শিৱসাগৰৰ সভাস্থলীত মানুহৰ কম উপস্থিতিক লৈ মুখ্যমন্ত্ৰীয়েও অসন্তুষ্টি প্ৰকাশ কৰিছিল৷ সভা শেষ হোৱাৰ আগে আগে সভাখনৰ আয়োজনৰ দায়িত্বত থকা যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ আৰু উজনি অসমৰ দুই মন্ত্ৰী সঞ্জয় কিষাণ আৰু যোগেন মহনৰ বিৰুদ্ধে মুকলিভাৱে ক্ষোভ আৰু অসন্তোষ প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ তেওঁলোকৰ ওপৰত ভৰসা কৰি যথেষ্ট ভুল কৰা বুলি মুখ্যমন্ত্ৰীয়ে মুকলিভাৱে বিষোদগাৰ কৰিছিল৷ জেৰেঙা পথাৰত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ সভাখনৰ মূল দায়িত্ব দিয়া হৈছিল যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈক৷ এই সভাৰ আয়োজনৰ বাবে সাংসদ গগৈক চাৰে তিনি কোটি টকা দিয়া হৈছিল৷ এই চাৰে তিনি কোটি টকাৰ আঢ়ৈ কোটি টকা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিছিল৷ উত্থাপিত অভিযোগ মতে, সভাৰ আয়োজনৰ মূল দায়িত্বত থকা সাংসদ তপন কুমাৰ গগৈয়ে এই চাৰে তিনি কোটি টকা ভালকৈ ব্যৱহাৰেই নকৰিলে৷ জেৰেঙা পথাৰৰ সভাৰ মূল দায়িত্বত যে সাংসদ তপন গগৈ আছিল সেই কথাও প্ৰধানমন্ত্ৰীক জনাই দিয়া হৈছে৷ জেৰেঙা পথাৰৰ সভাৰ প্ৰসংগ বিজেপিৰ ভিতৰচ’ৰাত বহুলভাৱে চৰ্চিত হৈ থকাৰ সময়তে এতিয়া সকলোৰে দৃষ্টি ঢেকিয়াজুলিৰ প্ৰস্তাৱিত সভাখনত আবদ্ধ হৈ পৰিছে৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা হঠাৎ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক মাতি পঠিওৱা বিষয়টো দিছপুৰ আৰু বাজপেয়ী ভৱনত ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে৷ বিশেষকৈ নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰী শৰ্মাক অকলে মাতি পঠিওৱা প্ৰসংগও চৰ্চালৈ আহিছে৷