Logo
image

সংখ্যা নাই, তথাপি আজি অনাস্থা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ আগষ্টঃ যোৱা ২৪ মাৰ্চত সাংসদ পদ খাৰিজ হোৱাৰ প্ৰায় চাৰে চাৰি মাহৰ পাছত লোকসভালৈ প্ৰত্যাৱৰ্তন ঘটা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে অনাস্থা প্ৰস্তাৱৰ বিতৰ্কত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ কৰে৷ ৰাহুল গান্ধীয়ে দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে মণিপুৰ এতিয়া দেশৰ অংগ নহয়৷ অথচ তেওঁ নিৰ্বাচনৰ সময়ত বাৰম্বাৰ মণিপুৰলৈ যোৱাত কোনো এলাহ নকৰে৷ ৰাহুল গান্ধীয়ে কয়– ‘কেইদিনমানৰ পূৰ্বে মই মণিপুৰলৈ গৈছিলোঁ৷ কিন্তু আমাৰ প্ৰধানমন্ত্ৰী নগ’ল৷ তেওঁ আজিলৈকে যোৱা নাই৷ কিন্তু নিৰ্বাচন আহিলেই পুনৰ তেওঁ মণিপুৰলৈ যাব৷ এতিয়া মণিপুৰ তেওঁৰ বাবে অপ্ৰয়োজনীয়৷ তেওঁৰ বাবে মণিপুৰ ভাৰতৰ ভিতৰৰ ৰাজ্য নহয়৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে মণিপুৰত ভাৰতমাতাক হত্যা কৰিছে৷ প্ৰধানমন্ত্ৰী ৰক্ষক নহয়৷’ উল্লেখ্য, ৰাহুল গান্ধীয়ে সংসদত ভাষণ দিয়াৰ সময়ত লোকসভা টিভিয়ে তেওঁক  দেখুওৱাৰ পৰিৱৰ্তে লোকসভাৰ অধ্যক্ষ আৰু আন দৃশ্য দেখুৱাই থকা বুলি কংগ্ৰেছে অভিযোগ কৰিছে৷ দলৰ নেতা জয়ৰাম ৰমেশে কয় যে ৰাহুল গান্ধীৰ ৩৭ মিনিটৰ বক্তৃতাৰ সময়ত তেওঁক মুঠেই ১৪ মিনিট ৩৭ ছেকেণ্ড দেখুওৱা হৈছে৷ ৰাহুল গান্ধীয়ে মণিপুৰ সন্দৰ্ভত ১৫ মিনিট ২২ ছেকেণ্ড ভাষণ দিছিল আৰু সেই সময়ত লোকসভা টিভিয়ে ১১ মিনিট ৮ ছেকেণ্ড দেখুৱাইছিল ওম বিৰলাক৷ অৰ্থাৎ বক্তৃতাৰ সময়ত ৰাহুল গান্ধীক ৪ মিনিট ৩৪ ছেকেণ্ড দেখুৱাই ৭১ শতাংশ সময় টিভি পোন হৈ আছিল অধ্যক্ষৰ দিশে৷ তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰকে ধৰি বহু সাংসদৰ অভিযোগ, বিৰোধী দলৰ সাংসদে বক্তৃতা দিবলৈ থিয় হ’লেই লোকসভা টিভিৰ কেমেৰা আনদিশে ঘূৰাই দিয়া হয়৷ মোদী চৰকাৰৰ নিৰ্দেশতে এয়া হোৱা বুলি অভিযোগ উঠিছে৷

ইপিনে, ৰাহুল গান্ধীক উত্তৰ দিবলৈ গৈ মেজাজ হেৰুৱাই পেলোৱা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীয়ে মহিলা সাংসদক উদ্দেশ্যি ‘ফ্লায়িং কিছ’ দিয়াৰ অভিযোগ উত্থাপন কৰাত সংসদত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়৷ বৃহস্পতিবাৰে অনাস্থা প্ৰস্তাৱৰ অন্তিম দিন৷ কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ উত্তৰ দিব৷ বিৰোধী জোঁট ‘ইণ্ডিয়া’ৰ অনাস্থা প্ৰস্তাৱত চৰকাৰৰ কোনো ক্ষতি হোৱাৰ সম্ভাৱনা নাই৷ কিয়নো বিজেপি নেতৃত্বাধীন এনডিএৰ সদস্যসংখ্যা হৈছে ৩৩২জন৷ তদুপৰি বিজু জনতা দলৰ ৯ আৰু ৱাইএছআৰ¸ কংগ্ৰেছৰ ৯জন সাংসদে অনাস্থা প্ৰস্তাৱত চৰকাৰক সমৰ্থন দিব৷

ইপিনে, ৰাহুল গান্ধীৰ অভিযোগ খণ্ডন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ৰাহুল গান্ধীয়ে মণিপুৰ ভ্ৰমণ কৰি হিংসাত ইন্ধনহে যোগাইছে৷ তেওঁ কয় যে মণিপুৰত যে অশান্তি হৈছে তাত কোনো সন্দেহ নাই, কিন্তু মণিপুৰৰ হিংসাক লৈ যে ৰাজনীতি হৈছে সেয়াহে লজ্জাজনক ঘটনা৷ মণিপুৰৰ হিংসাৰ বাবে অমিত শ্বাহে মণিপুৰ উচ্ছ ন্যায়ালয়ৰ ৰায়ক জগৰীয়া কৰে৷ আনহাতে, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ আগদিনা নাৰী নিৰ্যাতনৰ ভিডিঅ’ ভাইৰেল কৰা ঘটনাও তেওঁ ষড়যন্ত্ৰ বুলি অভিহিত কৰে৷ মণিপুৰৰ মুখ্যমন্ত্ৰীক অপসাৰণ নকৰা সন্দৰ্ভত তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰৰ সৈতে সহযোগিতা কৰি আছে৷ সহযোগিতা নকৰিলে অপসাৰণৰ কথা বিবেচনা কৰা হ’লহেঁতেন৷ মণিপুৰৰ হিংসাত এইপৰ্যন্ত ১৫২জন নিহত হোৱা বুলি প্ৰকাশ কৰা অমিত শ্বাহৰ মতে তাৰে ১০৭জন প্ৰথম তিনিদিনতে নিহত হৈছিল৷ ইয়েই প্ৰমাণ কৰে এতিয়া হিংসা হ্ৰাস পাই আহিছে৷

গৌৰৱ গগৈ বাচ্ছা, ইতিহাস নাজানেঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ মণিপুৰৰ ঘটনাক লৈ লোকসভাৰ মজিয়াত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে দিয়া উদাত্ত ভাষণে তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে বিজেপিত৷ কংগ্ৰেছ সাংসদজনৰ সবল আৰু যুক্তিপূৰ্ণ ভাষণে সদনত শাসকীয় দলটোক কাৰ্যতঃ অস্বস্তিত পেলোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ উদ্ধাৰত নামি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাপৰ্যন্ত৷ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়– গৌৰৱ গগৈ বাচ্ছা৷ ইতিহাস নাজানে৷ সেইবাবে তেওঁ দুখন মণিপুৰৰ কথা কৈছে৷ কংগ্ৰেছে তিনিখন মণিপুৰ কেতিয়াবাই বনাই থৈছে৷ কিন্তু অতি লক্ষণীয় কথা যে মণিপুৰৰ ঘটনা সন্দৰ্ভত গৌৰৱ গগৈ লোকসভাৰ মজিয়াত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি সবল যুক্তি প্ৰদৰ্শন কৰাৰ পাছতে ছ’চিয়েল মিডিয়াত প্ৰশংসাৰে ওপচাই দিছে লাখ লাখ নেট নাগৰিকে৷ প্ৰয়াত হেম বৰুৱাৰ সৈতে তুলনা কৰিছে বিভিন্নজনে৷ ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বলিষ্ঠ বক্তব্যৰ পাছত বিজেপিৰ আইটি ছেল হঠাৎ সক্ৰিয় হৈ পৰিছে৷ কংগ্ৰেছৰ কাৰ্যকালত হোৱা বিভিন্ন সংঘৰ্ষৰ ইতিহাস খুচৰি গৌৰৱ গগৈৰ বক্তব্যক লঘূ কৰাৰ চেষ্টা চলাইছে বিজেপিৰ আইটি ছেলৰ কৰ্মীসকলে৷ ইফালে, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ বক্তব্যক নস্যাৎ কৰাৰ চেষ্টা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো৷ সাংসদ গৌৰৱ গগৈক বাচ্ছা বুলি কটাক্ষ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়– গৌৰৱ গগৈ নিজেই বাচ্ছা৷ তেওঁ ভাৰতৰ ইতিহাস অধ্যয়ন কৰক৷ কংগ্ৰেছে ভাৰতক খণ্ড খণ্ড কৰিছে৷ সেই কংগ্ৰেছে এতিয়া আকৌ জোৰা লগাবলৈ আহে৷ মণিপুৰক লৈ কংগ্ৰেছে ৰাজনীতি কৰি আছে৷ বিভেদৰ ৰাজনীতি কংগ্ৰেছেই কৰে৷ তেওঁলোকে দেশ ভাঙি চূড়মাৰ কৰিলে৷ এতিয়া তেওঁলোকেই কয় ভাৰত জোড়ো৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক বাচ্ছা বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছে৷ কংগ্ৰেছ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয়– কৃষ্ণৰূপী শিশুৰ জন্ম হোৱাৰ লগে লগে ভয় খাইছিল ৰজা কংসই৷ কথাবোৰ তেনেকুৱা হ’ব নেকি? বামুণৰো এদিন বহুৱাৰো এদিন৷ অহংকাৰ যিমানেই বাঢ়িব দৰ্পচূৰ্ণও সিমানেই সোনকালে হ’ব৷ গৌৰৱ গগৈৰ বক্তব্যত যদি মুখ্যমন্ত্ৰী শংকিত নহ’লহেঁতেন তেনেহ’লে সাংসদ গৌৰৱ গগৈৰ ভাষণৰ পাছতে সন্ধিয়া জ্জ বজাতে তেওঁ সংবাদমেল আয়োজন নকৰিলেহেঁতেন৷ তেওঁ ইমান ভয় খাইছে কিয়? শান্তি আনিব পৰা নাই নেকি? ৩ মাহ ধৰি মণিপুৰ জ্বলি থাকিল কিয়? ১৫০জন লোকে প্ৰাণ আহুতি দিবলগীয়া হ’ল কিয়? নেডাৰ আহ৩ায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল কংগ্ৰেছৰ গৰ্ভতে৷ তৰুণ গগৈৰ শাসনকালত প্ৰতিটো বিষয়তেই তেওঁ জড়িত আছিল৷ অসমৰ প্ৰতিজন নাগৰিকে এই কথা জানে৷ সেই সময়ৰ কংগ্ৰেছৰ শাসনক দোষাৰোপ কৰা আৰু ওপৰলৈ চাই থুৱাই দিয়া একে কথা৷ গৌৰৱ গগৈক তুচ্ছ-তাচ্ছিল্য কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিজৰ পদমৰ্যাদা ৰক্ষা কৰি কথা ক’ব লাগে৷