Logo
image

সকলো অচল হ’লেও জোনবাইত নামিবই চন্দ্ৰযান, ইছৰ’ৰ ঘোষণা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১০ আগষ্টঃ চন্দ্ৰযান-৩ৰ ইঞ্জিন আৰু চেঞ্চৰ যদি বন্ধও হৈ যায়, তথপি বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিবলৈ সমৰ্থ হ’ব৷ ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা ইছৰ’ৱে দাবী কৰা অনুসৰি চন্দ্ৰযান-৩ৰ সম্ভাব্য সকলো ব্যৰ্থতাৰ মোকাবিলা কৰিবলৈ তেওঁলোক প্ৰস্তুত৷ মঙলবাৰে এটা স্বেচ্ছাসেৱী সংস্থাই  আয়োজন কৰা ‘চন্দ্ৰযান-৩ঃ ভাৰত’ছ প্ৰাইড স্পেচ মিছন’ শীৰ্ষক এটা প্ৰশ্নোত্তৰ অনুষ্ঠানত ভাগ লৈ ইছৰ’ৰ মুৰব্বী এছ সোমনাথে কৰা এই মন্তব্যই দেশৰ অনেকৰ মনত সন্দেহ আৰু শংকাৰ সৃষ্টি কৰিছে৷ চন্দ্ৰযান-২ৰ অভিযান শেষ মুহূৰ্তত ব্যৰ্থ হোৱাৰ দৰে চন্দ্ৰযান-৩ৰো ব্যৰ্থতাৰ পূৰ্বাভাষ ইছৰ’ৱে পাইছে নেকি বুলিও সোমনাথৰ বক্তব্যত ৰহস্যৰ সৃষ্টি হৈছে৷ এছ সোমনাথে জনায় যে লেণ্ডাৰ বিক্ৰমক এনেদৰে নিৰ্মাণ কৰা হৈছে যে সমস্ত চেঞ্চৰ আৰু তাৰ দুটা ইঞ্জিন বন্ধ হৈ গ’লেও ই অহা ২৩ আগষ্টত চন্দ্ৰত অৱতৰণ কৰিব পাৰিব৷ তেওঁ কয়– ‘তেনে আশংকাৰ কথা চিন্তা কৰি ঠিক সেইদৰে বিক্ৰমৰ নক্সা তৈয়াৰ কৰা হৈছে৷ অৱশ্যে এইক্ষেত্ৰত এটা চৰ্ত আছে, বিক্ৰমৰ প্ৰপাল্‌ছন কাৰ্যকৰী হৈ থাকিব লাগিব৷’ সম্প্ৰতি চন্দ্ৰযান-৩য়ে ২৮৮ কিলোমিটাৰ ‘পেৰিজি’ আৰু ৩২৮ কিলোমিটাৰ ‘এপোজি’ কক্ষপথেৰে ঘণ্টাত ৩৮,৫২০ কিলোমিটাৰ গতিত চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে৷ যোৱা ১৪ জুলাইত উৎক্ষেপণ কৰা চন্দ্ৰযান-৩ক ইছৰ’ৱে ৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত স্থাপন কৰিছিল৷ আজি বুধবাৰে ইছৰ’ৱে এটা প্ৰচেষ্টাৰে চন্দ্ৰযান-৩ক চন্দ্ৰৰ কাষলৈ ঠেলি দিছে আৰু অহা ১৪ তথা ১৬ আগষ্টত অধিক কাষলৈ ঠেলি দিব৷ তেতিয়া চন্দ্ৰযান-৩য়ে চন্দ্ৰক ১০০ কিলোমিটাৰ x ১০০ কিলোমিটাৰ দূৰৰ পৰা প্ৰদক্ষিণ কৰিব৷ ২৩ আগষ্টত চন্দ্ৰযান-৩ৰ গতিবেগ কমাই আনি শূন্য কৰা হ’ব আৰু সেইদিনাই বিয়লি ৫.৪৫ বজাত বিক্ৰমে চন্দ্ৰত অৱতৰণ কৰিব৷ তেতিয়া যদি কোনো বিজুতি ঘটি বিক্ৰমৰ দুয়োটা ইঞ্জিন আৰু সকলো চেঞ্চৰ বন্ধ হৈ পৰে তথাপি প্ৰপাল্‌ছন কাৰ্যকৰী হৈ থাকিলে চন্দ্ৰযান-৩য়ে সঠিকভাৱে অৱতৰণ কৰিবলৈ সমৰ্থ হ’ব৷ অৱশ্যে বিক্ৰমৰ অৱতৰণেই ইছৰ’ৰ বাবে এই অভিযানৰ বৃহত্তম প্ৰত্যাহ্বান বুলি এছ সোমনাথে স্বীকাৰ কৰিছে৷ কিয়নো এতিয়া বিক্ৰম আনুভূমিক অৰ্থাৎ পঠালি হৈ আছে৷ অৱতৰণৰ সময়ত বিক্ৰমক উলম্ব কৰিব লাগিব আৰু ই তেনেদৰেই অৱতৰণ কৰিব৷ এই প্ৰক্ৰিয়া যথেষ্ট জটিল৷

প্ৰসংগতঃ চন্দ্ৰযান-৩য়ে অৱতৰণ কৰাৰ পূৰ্বেই ৰাছিয়াৰ এখন চন্দ্ৰযান লুনাই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব৷ লুনা-২৫ নামৰ এই যানখন ৰাছিয়াই অহা ১১ আগষ্টত চন্দ্ৰলৈ প্ৰেৰণ কৰিব৷ এয়া হ’ব ৰাছিয়াৰ প্ৰায় ৫০ বছৰৰ পাছত চন্দ্ৰ অভিযান৷ লুনা-২৫য়ে চন্দ্ৰযান-৩ৰ পূৰ্বেই অৱতৰণ কৰাৰ কথা৷ উল্লেখ্য, চন্দ্ৰযান-৩ৰ দৰে লুনা-২৫য়ে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব৷ এতিয়ালৈ কোনো চন্দ্ৰযানে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা নাই৷ সেয়ে চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথমে অৱতৰণ কৰাৰ কৃতিত্ব ভাৰতে নে ৰাছিয়াই অৰ্জন কৰে সেই লৈ কৌতুহলৰ সৃষ্টি হৈছে৷

ইপিনে, যোৱা ৫ আগষ্টৰ পৰা সৃষ্টি হোৱা সৌৰ ধুমুহাই ভাৰতৰ চন্দ্ৰযান-৩ৰ ক্ষতিসাধন কৰাৰ আশংকা সৃষ্টি হৈছে৷ সৌৰ ধুমুহাৰ ফলত সূৰ্যৰ পৰা প্লাজমা আৰু চৌম্বকীয় তৰংগৰ বিৰাট বিস্ফোৰণ হয় আৰু কোটি কোটি জ্বলন্ত পদাৰ্থ সূৰ্যৰ পৰা নিৰ্গত হৈ সৌৰজগতত সিচঁৰতি হৈ পৰে৷ ইয়াৰ প্ৰভাৱত চন্দ্ৰযান-৩ৰ উপৰি পৃথিৱীত ইণ্টাৰনেট আৰু জিপিএছ সেৱা ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ এই আশংকা প্ৰকাশ কৰিছে নাছাই৷