Logo
image

ভূটান, টাৱাঙলৈ চলিব ৰে’ল

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১১ আগষ্টঃ চুবুৰীয়া দেশ ভূটানৰ লগত দ্বি-পাক্ষিক সম্পৰ্ক উন্নত কৰা আৰু দুয়োখন দেশৰ পৰ্যটন খণ্ডক নতুন মাত্ৰা দিয়াৰ লক্ষ্যৰে ভাৰত চৰকাৰে অসমৰ পৰা ভূটানলৈ নতুন ৰে’লপথ নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰিছে৷ এই আঁচনি অনুসৰি ৰে’লপথছোৱা অসমৰ কোকৰাঝাৰ জিলাৰ পৰা ভূটানৰ গেলেংফু হৈ নিৰ্মাণ কৰা হ’ব৷ ইফালে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এক উচ্ছস্তৰীয় সূত্ৰই বৃহস্পতিবাৰে সদৰি কৰা অনুসৰি এই ৰে’লপথ নিৰ্মাণ কৰাৰ বাবে ইতিমধ্যে দুটা পৰ্য্যায়ত জৰীপ কাৰ্য সম্পূৰ্ণ হৈছে৷ শীঘ্ৰে চূড়ান্ত জৰীপ সম্পূৰ্ণ কৰি তাৰ প্ৰতিবেদন ৰে’লৱে বৰ্ডক  দাখিল কৰা হ’ব৷ তাৰ পাছত ৰে’ল মন্ত্ৰালয়ে ৰে’লপথ নিৰ্মাণৰ বাবে সেউজ সংকেত প্ৰদান কৰাৰ পাছতেই নিৰ্দিষ্ট এক সময়সীমাৰ ভিতৰত ৰে’লপথছোৱা নিৰ্মাণ কৰা হ’ব৷ ইফালে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ড॰ এছ জয় শংকৰে এই ৰে’লপথ নিৰ্মাণ হ’লে দুয়োখন দেশৰ পৰ্যটন খণ্ডত কেনে ধৰণৰ ইতিবাচক প্ৰভাব পৰিব সেই বিষয়ে সদৰি কৰিছে৷ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী গৰাকীয়ে সদৰি কৰা অনুসৰি ৰে’লপথ নিৰ্মাণৰ বিষয়ে ভূটানৰ সৈতে আলোচনা কৰা হৈছে৷ ভূটানে ৰে’লপথ ছোৱা নিৰ্মাণত সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰাৰ বিষয়েও মন্ত্ৰী ড॰ এছ জয়শংকৰে সদৰি কৰিছে৷ উল্লেখ্য কোকৰাঝাৰৰ পৰা ভূটানলৈ ৰে’ল চলাচল আৰম্ভ হ’লে নিশ্চিতভাৱে অসম লাভবান হ’ব৷ বিশেষকৈ ৰাজ্যৰ পৰ্যটন খণ্ডত এক ইতিবাচক প্ৰভাব পৰিব ৰে’ল চলাচল আৰম্ভ হোৱাৰ পাছত৷ ইফালে অসমৰ শোণিতপুৰ জিলাৰ মিছামাৰীৰ পৰা অৰুণাচল প্ৰদেশৰ চীন সীমান্তৱৰ্তী চহৰ টাৱাঙলৈ ৰেলপথ নিৰ্মাণৰ পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে৷ ইতিমধ্যে এই ৰে’লপথছোৱাৰ প্ৰাৰম্ভিক জৰীপ কাৰ্য আৰম্ভ কৰা হৈছে৷ সামৰিক দৃষ্টিকোণৰ পৰাও অতি গুৰুত্বপূৰ্ণ চহৰ টাৱাঙলৈ ৰে’লপথ নিৰ্মাণ হ’লে পৰ্যটন খণ্ডত ইতিবাচক প্ৰভাৱ  পৰাৰ লগত ভাৰতীয় সেনাৰ গধুৰ অস্ত্ৰ শস্ত্ৰ, ৰছদ পাতি সৈন্য আদি সময়মতে গৈ টাৱাঙ পাব৷