Logo
image

জি এল পাব্লিকেশ্বন্ছৰ চৌহদত সদৌ অসম সংবাদকর্মী সন্থাৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ সদৌ অসম সংবাদকর্মী সন্থাৰ উদ্যোগত, বেলতলাৰ ই এছ আই চি মডেল হাস্পতাল  আৰু জি এল পাব্লিকেশ্বন্ছ লিমিটেডৰ সহযোগত জি এল পাব্লিকেশ্বন্ছ প্রতিষ্ঠানৰ চৌহদত শুকুৰবাৰে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়৷ অনুষ্টুপীয়াকৈ আয়োজিত আৰু সদৌ অসম সংবাদকর্মী সন্থাৰ সভাপতি সুদীপ্ত সৰকাৰে আঁত ধৰা এটা অনুষ্ঠানৰ মাধ্যমেৰে স্বাস্থ্য শিবিৰ মুকলি কৰে বিশিষ্ট সাংবাদিক তথা 'আমাৰ অসম'ৰ মুখ্য সম্পাদক, গল্পকাৰ, ঔপন্যাসিক মনোজ কুমাৰ গোস্বামীয়ে। গোস্বামীয়ে তেওঁৰ ভাষণত কয় যে সংবাদ মাধ্যমৰ কৰ্মীসকলে সাধাৰণ মানুহৰ জীৱন শৈলীতকৈ বেলেগ এটা জীৱন শৈলীৰ মাধ্যমেৰে দিনে- ৰাতিয়ে কৰ্ম সম্পাদন কৰে। কেতিয়াবা স্বাস্থ্যৰ অৱনতি হ'লে চিকিৎসা কৰাবলৈও অতি খৰচী ব্যৱস্থাৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লাগে। ফলত কেতিয়াবা বিনা চিকিৎসাই সেইসকলে দিন কটাবলগীয়া পৰিস্থিতিৰোও উদ্ভৱ হয়। সেয়ে সদৌ অসম সংবাদকর্মী সন্থাই সময়ে সময়ে লোৱা এনে উদ্যোগে এইক্ষেত্ৰত যথেষ্ট উপকৃত কৰিব বুলিও উল্লেখ কৰে। 

সভাত মনোজ কুমাৰ গোস্বামীয়ে সংবাদকর্মী সন্থাৰ পুঁজিলৈ ২৫০০.০০ টকাৰ এক বৰঙণিও আগবঢ়ায়। অনুষ্ঠানৰ আৰম্ভণিতে ই এছ আই চি হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অপূর্ব কুমাৰ শ‍ইকীয়াই কয় যে ই এছ আই চি হাস্পতাললৈ চিকিৎসা ল'বলৈ একাংশ লোকহে আহে। বহুতেই সুবিধা পায়ো বহু ক্ষেত্ৰত গ্ৰহণ কৰা দেখা নাযায়। সেয়ে যিসকলে ই এছ আই চিৰ সুবিধা লাভ কৰিব পাৰে তেওঁলোকে নিশ্চয় সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰোৱাই চিকিৎসাৰ সুবিধা গ্ৰহণ কৰাটো উচিত।

 ই এছ আই চিৰ ছ'চিয়েল ছিকিউৰিটী বিষয়া কিশোৰ দাসে অনানুষ্ঠানিকভাৱে ই এছ আই চিয়ে কি কি সুবিধা আগবঢ়াইছে বা ইয়াৰ সুবিধা কেনেকৈ ল'ব পাৰি এই সম্পর্কে কিছু আভাস দি ভৱিষ্যতে আৰু অধিক সচেতনতাৰ প্রয়োজন আছে বুলি কয়। সভাত জি এল পাব্লিকেশ্বন্ছৰ মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ তালুকদাৰে ভাষণত কয় যে সংবাদকর্মী সন্থাই পূর্বেও জি এল পাব্লিকেশ্বন্ছ প্রতিষ্ঠানত বিশেষকৈ ক'ৰনাৰ সময়ত ভেকচিনৰ বুষ্টাৰ ড'জ প্ৰদানৰ কাৰ্যসূচীও গ্ৰহণ কৰিছিল। প্ৰতিষ্ঠানৰ তৰফৰ পৰা আৱশ্যকীয় সহযোগিতা প্ৰদান কৰা হৈছিল৷ এই ধৰণৰ কাৰ্যসূচীয়ে সংবাদকর্মীসকলক যথেষ্ট উপকৃত কৰিব বুলিও তেওঁ কয়৷

ই এছ আই চি বেলতলা হাস্পতালৰ তৰফৰ পৰা চিকিৎসক ডাঃ ময়ূৰী ৰাভা ৰয়, ডাঃ অপূর্ব কুমাৰ শ‍ইকীয়া, ডাঃ সৌৰভ দাসে শিবিৰত চিকিৎসা প্ৰদান কৰে। তেওঁলোকক সহযোগিতা কৰে চিকিৎসা কর্মী মনিকা সাহা গগৈ, নিৰ্মল পাঠক আৰু মুনিন্দ্ৰ বড়োই। সদৌ অসম সংবাদকর্মী সন্থাৰ পৰা চিকিৎসাকৰ্মীসকলৰ লগতে বিশিষ্টসকলক গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়। স্বাস্থ্য শিবিৰত ই চি জি, মধুমেহ পৰীক্ষা, উচ্চ ৰক্তচাপ পৰীক্ষা কৰাৰ উপৰি বিভিন্ন প্রয়োজনীয় ঔষধ বিতৰণ কৰা হয়। উপস্থিত সংবাদকর্মীসকলৰ ভিতৰত ৫৩ জনে স্বাস্থ্য পৰীক্ষা কৰোৱায়৷