Logo
image

মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযানঃ ২৮০ লিটাৰ চুলাই মদ জব্দ

ডিজিটেল সংবাদ, গুৱাহাটীঃ আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আবকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বিগত সময়চোৱাত দেশী-বিদেশী অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে৷ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাসৰ নিৰ্দেশত গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে পুৱাৰে পৰা বিয়লিলৈ বিৰুবাৰী, পাণবজাৰ, জালুকবাৰী আৰু ৰে'লৱে আবকাৰী চক্ৰৰ চক্ৰ পৰিদৰ্শকৰ নেতৃত্বত আবকাৰী দলে যৌথভাবে আৰু সুকীয়াকৈ আৰক্ষীৰ সহযোগত মালিগাঁওৰ শুকুৰবৰীয়া সাপ্তাহিক বজাৰ নৰকাসুৰ পাহাৰৰ কমলনগৰকে ধৰি বিভিন্ন অঞ্চলত এক বৃহৎ অভিযান চলায়৷

অভিযানকালত প্ৰায় ২৮০ লিটাৰৰো অধিক চুলাই মদ জব্দ কৰাৰ লগতে চুলাই মদ প্ৰস্তুত কাৰ্যত ব্যৱহৃত প্ৰায় ৮০০ লিটাৰৰো অধিক পাছ জব্দ কৰা হয়। অৱশ্যে অভিযানৰ উমান পায়েই চুলাই মদ বিক্ৰেতা আৰু প্ৰস্তুত কাৰ্যৰ লগত জড়িত লোকসকল পলাই যাবলৈ সক্ষম হয়। যাৰ বাবে অভিযানকাৰী দলে কাকো হাতে-লোটে আটক কৰিবলৈ সক্ষম নহ'ল। আনহাতে জব্দ কৰা চুলাই মদ আৰু পাছখিনি পাছত বিভাগীয় নিয়মানুসাৰে নষ্ট কৰি পেলোৱা হয়।