Logo
image

আমিনগাঁৱত বিশ্ব পৰ্যায়ৰ বেডমিণ্টন ষ্টেডিয়াম মুকলি

‘আমাৰ অসম’ৰ আমিনগাঁৱৰ প্ৰতিনিধি, ১২ আগষ্টঃ আমিনগাঁৱত মুকলি কৰা হ’ল বিশ্ব পৰ্যায়ৰ বেডমিণ্টন ষ্টেডিয়াম৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে আমিনগাঁৱত ৰাষ্ট্ৰীয় বেডমিণ্টন উৎকৰ্ষ কেন্দ্ৰ শুভ উদ্বোধন কৰাৰ লগতে ৩২০ কোটি টকা ব্যয় সাপেক্ষে আমিনগাঁও ক্ৰীড়া প্ৰকল্পত মুকলি ক্ৰীড়াংগন ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য যে ৰাষ্ট্ৰীয় বেডমিণ্টন উৎকৰ্ষ কেন্দ্ৰত ১৬খন ক’ৰ্ট, ৩,৫৫৩ খন আসনযুক্ত, আৱাসিক আৰু অন্যান্য সুবিধাৰে  ৪০ হাজাৰ বৰ্গ ফুট পৰিসৰযুক্ত ভাৰতৰ প্ৰথমটো এই বেডমিণ্টন কেন্দ্ৰই বেডমিণ্টন খেল আৰু প্ৰতিযোগিতাৰ দিশত খেলুৱৈসকলক অধিক গতিশীলতা প্ৰদান কৰিব৷ আমিনগাঁও ক্ৰীড়া প্ৰকল্পত মুকলি ক্ৰীড়াংগন ৩০,৬৩৪ বৰ্গ মিটাৰ এলেকা সামৰি ২০ হাজাৰ আসনযুক্ত মুকলি ক্ৰীড়াংগনে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনক অধিক শক্তিশালী কৰি তুলিব৷ প্ৰশিক্ষককে ধৰি খেলুৱৈসকলৰ আৱাসগৃহ ব্যৱস্থাৰ জৰিয়তে অত্যাধুনিকভাৱে নিৰ্মিত হ’ব এই প্ৰকল্প৷ মুখ্যমন্ত্ৰীয়ে কয় যে ক্ৰীড়াৰ বিকাশৰ দিশত ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস চলাই আহিছে৷ আমিনগাঁৱত স্থাপন হ’বলগীয়া গেমছ ভিলেজত ৫০০ গৰাকী খেলুৱৈ থকাৰ সুবিধা থাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে এই গেমছ ভিলেজে ৰাজ্যৰ উঠি অহা প্ৰজন্মৰ খেলুৱৈসকলক আধুনিক সুবিধা প্ৰদান কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ২০২৫ ৰ পৰা ২০২৭ চনৰ ভিতৰত ৰাষ্ট্ৰীয় গেমছ অনুষ্ঠিত কৰাৰ বাবে প্ৰয়াস চলাইছে৷ বৰ্তমানৰ ৰাজ্য চৰকাৰে ক্ৰীড়াৰ বিকাশৰ ক্ষেত্ৰত নিৰন্তৰভাৱে কাম কৰি আহিছে৷ তেওঁ কয় যে নেহৰু ষ্টেডিয়াম ৫০০ কোটি টকা ব্যয়ৰে ৫০ হাজাৰ দৰ্শক বহিব পৰাকৈ আটকধুনীয়াকৈ নিৰ্মাণ কৰা হ’ব৷  গুৱাহাটীৰ সমীপৱৰ্তী চন্দ্ৰপুৰত আন এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ কয়৷ ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ৩ হাজাৰ কোটি টকা ব্যয়ৰে বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰি থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি তোলা হ’ব৷ আমিনগাঁৱত নিৰ্মাণৰত অত্যাধুনিক আন্তৰ্জাতিক মান সম্পন্ন চুইমিং পুল অহা দুবছৰত ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলিও তেওঁ কয়৷ আজিৰ এই অনুষ্ঠানত পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, কৃষি, পশুপালন আদি বিভাগৰ মন্ত্ৰী অতুল বৰা, জলসম্পদ আদি বিভাগৰ  পীয়ুষ হাজৰিকা, হস্ততাঁত আৰু  বস্ত্ৰ শিল্প আদি বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, বিধায়কসকল ক্ৰমে ভৱেশ কলিতা, তৰংগ গগৈ, হেমাংগ ঠাকুৰীয়া,  দিগন্ত কলিতা,  সুমন হৰিপ্ৰিয়া, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, জিলা আয়ক্ত কীৰ্তি জল্লী,ভাৰতীয় বেডমিণ্টন সন্থাৰ সম্পাদক সঞ্জয় মিশ্ৰ,  প্ৰাক্তন অলিম্পিয়ান চেম্পিয়ন তফিক হৃদায়ত, আৰ ই চি লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক বিবেক কুমাৰ দেবাং, চানৰাইজ কোম্পানীৰ সভাপতি দিলীপ কুমাৰ চেথ, ভাৰতীয় বেডমিণ্টনৰ মুখ্য প্ৰশিক্ষক  পুলেলা গোপীচান্দ, বিশিষ্ট খেলুৱৈ কিদাম্বী শ্ৰীকান্ত, ধ্ৰুৱ কপিলা, বিষ্ণু প্ৰসাদ প্ৰাঞ্জলা, এছ এছ প্ৰণয়, স্বট্টিকসাইৰাজ ৰনকিৰেড্ডী, কৃষ্ণ প্ৰসাদ গাৰাগাৰ লগতে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ শীৰ্ষ বিষয়া সকল প্ৰমুখ্যে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে৷

৫টা নতুন কামাণ্ডো বেটেলিয়নক প্ৰশিক্ষণ দিছে সেনাইঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ স্থায়ী কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য, ডিব্ৰুগড় জিলাৰ দুলীয়াজানত অনুষ্ঠিত আৰক্ষী অধীক্ষকৰ সন্মিলনত কামৰূপ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় নিৰ্মাণৰ বাবে সিদ্ধান্ত লোৱা হৈছিল৷ এই সিদ্ধান্ত অনুসৰি কাৰ্যালয়টো নিৰ্মাণত প্ৰায় ৩.৬৬ কোটি টকা ব্যয় কৰা হ’ব৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কামৰূপ জিলা আৰক্ষীৰ দৃষ্টিভংগীৰ পৰা অতিশয় পুৰণি জিলা৷ ১৪ খন আৰক্ষী থানা, ১২ খন আউট পোষ্ট আৰু ৫ টা পেট্ৰ’ল পোষ্টেৰে কামৰূপ জিলাৰ আৰক্ষী বাহিনীটো গঠিত হৈছে ৷ যোৱা দুটা বছৰত কামৰূপ জিলাৰ আৰক্ষীয়ে বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ জিলাখনত আৰক্ষীয়ে ৫ বাৰ ড্ৰাগছ বিনষ্ট কৰিছে যাৰ পৰিমাণ ৪০ কোটি টকাতকৈও অধিক৷ কামৰূপ জিলা আৰক্ষীয়ে আৰু অধিক গতিশীলভাৱে কাম কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ তেওঁ লগতে কয়– মৈত্ৰী আঁচনিৰ জৰিয়তে আৰক্ষী বাহিনীৰ ৰূপান্তৰৰ যাত্ৰাত অগ্ৰসৰ হৈছে৷ বৰ্তমানলৈকে প্ৰায় ২০০ কোটি টকা ব্যয় সাপেক্ষে ৭৩ খন আৰক্ষী থানা নিৰ্মাণ কৰা হৈছে৷ ৪৬ খন আৰক্ষী থানাৰ কামো দ্বিতীয় পৰ্যায়ত চলি আছে আৰু ১৭ খন থানাৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছে৷ শেহতীয়াভাৱে ৰাজ্য চৰকাৰে ১৬২ খন থানা নিৰ্মাণৰ বাবে ৫২৩.৬৯ কোটি টকা অনুমোদন দিছে৷ কামৰূপ জিলাৰ পলাশবাৰীত এখন আৰক্ষী থানা ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিব বিচাৰিছে৷ ৰাজ্যৰ আৰক্ষী বাহিনীক অধিক শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মন্ত্ৰীজনে কয়৷ ভাষণত তে উল্লেখ কৰে যে, কিছুদিনৰ ভিতৰতে অসম আৰক্ষী বাহিনীত ৫ টা নতুন কামাণ্ডো বেটেলিয়নে কামত যোগদান কৰিব৷ আউট পোষ্ট আৰু পেট্ৰ’ল পোষ্টসমূহ প্ৰয়োজন ভিত্তিত ৰাজ্য চৰকাৰে থানালৈ ৰূপান্তৰ সাধন কৰিব আৰু কামৰূপ জিলাৰ সৰহ সংখ্যক এনেধৰণৰ আউট পোষ্ট আৰু পেট্ৰ’ল পোষ্ট থানালৈ পৰিৱৰ্তন সাধন কৰা হ’ব৷ এই অনুষ্ঠানত বিধায়কসকল ক্ৰমে ভৱেশ কলিতা, দিগন্ত কলিতা, সুমন হৰিপ্ৰিয়া, হেমাংগ ঠাকুৰীয়া, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, উপ আৰক্ষী মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিনহা, কামৰূপ জিলাৰ আয়ুক্ত কীৰ্তি জল্লী, জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷