Logo
image

ত্ৰিৰংগাক অপমান! ইউক্ৰেইনৰ গায়িকাক আটক

‘আমাৰ অসম’ৰ  বিশেষ, ১৭ আগষ্টঃ দেশৰ ৰাষ্ট্ৰীয় পতকাক অসন্মান কৰি দলিয়াই দিয়াৰ অভিযোগ উঠিছে ইউক্ৰেইনৰ গায়িকা  উমা শান্তিৰ বিৰুদ্ধে৷ ঘটনাটো সংঘটিত হৈছে পুনে চহৰত৷ বিদেশী গায়িকাগৰাকীয়ে ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাক দলিয়াই দি ত্ৰিৰংগাক অপমান কৰা বুলি অভিযোগ কৰিছে দেশৰ  সচেতন নাগৰিকে৷ এই লৈ সৃষ্টি হৈছে ব্যাপক বিতৰ্কৰ৷ ৰাষ্ট্ৰীয় পতাকাক অপমান কৰাৰ অভিযোগত ইতিমধ্যে ইউক্ৰেইনৰ গায়িকাগৰাকীৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছে পুনে আৰক্ষীয়ে৷ উল্লেখ্য, স্বাধীনতা দিৱসৰ প্ৰাক্‌ক্ষণত পুনেৰ এখন ৰেস্তোঁৰাত সংগীতানুষ্ঠান পৰিৱেশন কৰিছিল উমাৰ শান্তিৰ বেণ্ডে৷ সেই অনুষ্ঠানত গীত পৰিৱেশনৰ অনুষ্ঠানত উমাৰ হাতত আছিল দুখন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা৷ গানৰ তালত পতাকা দখন দলিয়াই দিয়ে গায়িকাগৰাকীয়ে৷ এই ঘটনাৰ ভিডিঅ’ মুহূৰ্ততে নেট দুনিয়াত  ভাইৰেল হৈ পৰে৷  গায়িকাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে একাংশ নেটিজেন৷ উমাৰ বিৰুদ্ধে পুনেৰ কুৰেগাঁও পাৰ্ক থানাত এফ আই আৰ দাখিল কৰিছে এজন হাবিলদাৰে৷ ইতিমধ্যে গায়িকাগৰাকীক আটক কৰা হৈছে৷