Logo
image

ৰঞ্জন দৈমাৰীসহ এনডিএফবিৰ বিৰুদ্ধে থকা গোচৰ ৰেহাইৰ সিদ্ধান্ত

আমাৰ অসম, ৩০ জানুৱাৰীঃ বিটিআৰ চুক্তি অনুসৰি কাৰাৰুদ্ধ এন ডি এফ বি বিদ্ৰোহীসকলৰ বিৰুদ্ধে চলি থকা গোচৰসমূহ উঠাই লোৱাৰ বাবে অসম চৰকাৰে আদালতত আবেদন কৰিব বুলি সদৰী কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণ কাণ্ডৰ খলনায়ক ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈ পৰিছে৷ শুকুৰবাৰে তামুলপুৰৰ কুমাৰীকাটাত এটা চৰকাৰী কাৰ্যসূচীত অংশ লৈ সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এন ডি এফ বিৰ কাৰাৰুদ্ধ বিদ্ৰোহীসকলৰ গোচৰ উঠাই লোৱাৰ বাবে ফাষ্টট্ৰেক আদালতত আবেদন জনাব বুলিও ঘোষণা কৰে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী শৰ্মাই কয়– ‘এন ডি এফ বিৰ কাৰাৰুদ্ধ কেডাৰসকলৰ গোচৰ উঠাই লোৱাৰ বাবে ইতিমধ্যে এখন বিশেষ আদালত স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে৷ চৰকাৰে গোচৰসমূহ প্ৰত্যাহাৰ কৰিব৷ কিন্তু এন ডি এফ বিৰ বিৰুদ্ধে থকা গোচৰসমূহ কেৱল চৰকাৰে প্ৰত্যাহাৰ কৰিলে নহ’ব৷ আদালতেহে গোচৰসমূহ প্ৰত্যাহাৰ কৰিব লাগিব৷ সেই কাৰণে এন ডি এফ বিৰ বিৰুদ্ধে থকা গোচৰসমূহ ফাষ্টট্ৰেকত প্ৰত্যাহাৰ কৰাৰ বাবে আদালতত আমি আবেদন কৰিম৷ আদালতৰ সিদ্ধান্তৰ ভিত্তিত বি টি আৰ চুক্তিৰ আখৰে আখৰে ৰূপায়ণ কৰা হ’ব৷ নতুনকৈ কাৰ্বি পাহাৰ আৰু আদিবাসী দুটা বিদ্ৰোহী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ হ’ব৷’ লক্ষণীয়ভাৱে মন্ত্ৰী শৰ্মাৰ এই ভাষ্যই ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণ গোচৰত দোষী সাব্যস্ত হৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৰঞ্জন দৈমাৰীসহ ১০জন বিদ্ৰোহীয়ে মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে৷ উক্ত গোচৰটোত কাৰাবন্দী হৈ আছে এন ডি এফ বিৰ উপাধ্যক্ষ ৰাজেন গয়াৰী আৰু উপ-মুখ্য সেনাধ্যক্ষ জৰ্জ বড়ো৷ আনহাতে লখিমপুৰৰ গহপুৰৰ দুটা গোচৰতো মৃত্যুদণ্ডৰে দণ্ডিত এন ডি এফ বিৰ দুৰ্ধৰ্ষ কেডাৰ অজয় বসুমতাৰী আৰু যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত নিতুল দৈমাৰীয়ো মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে৷

এন ডি এফ বিৰ গোচৰসমূহ ফাষ্ট ট্ৰেক আদালতত নিষ্পত্তি কৰিব চৰকাৰেঃ হিমন্ত

চিৰাং জিলাৰ কয়লা ময়লাত শুকুৰবাৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আদৰ্শ মহাবিদ্যালয় এখনৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ লগত সংগতি ৰাখি আয়োজিত সভাত উপস্থিত থাকি মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথিৰ ভাষণত কয় যে, বিটিআৰ অঞ্চলৰ প্ৰধান সমস্যা হৈছে যাতায়াত, নদীৰ খহনীয়া, স্বাস্থ্য ব্যৱস্থা আৰু ভূমিৰ অধিকাৰ৷ তেওঁ শিক্ষা, ক্ৰীড়া আৰু সংস্কৃতি ৰক্ষাৰে মানৱ সম্পদ গঢ়ি পৰিকল্পিত কাম কৰাৰ প্ৰয়োজন বুলি মত ব্যক্ত কৰে৷ তেওঁ পাঁচবছৰৰ ভিতৰত বিটিআৰ অঞ্চলৰ উন্নয়ন সধাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷ কোক্‌ৰাঝাৰত ইতিপূৰ্বে চৰকাৰী মহাবিদ্যালয় স্থাপন হোৱাৰ পাছত দ্বিতীয়খন চৰকাৰী মহাবিদ্যালয় কয়লা ময়লাত স্থাপন কৰা হ’ব৷ পৰৱৰ্তী সময়ত তামুলপুৰ আৰু ওদালগুৰিতো দুখন চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপন কৰাৰ কথা প্ৰকাশ কৰে৷ চিৰাঙৰ কয়লা ময়লাত চাৰিজন স্থানীয় ব্যক্তিয়ে আগবঢ়োৱা ৩২ বিঘা মাটিত স্থাপন হ’বলগীয়া নিছিমা আদৰ্শ মহাবিদ্যালয়খন ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পাছতে ক’লা আৰু বিজ্ঞান শাখাত শিক্ষাবৰ্ষ আৰম্ভ হ’ব৷ মহাবিদ্যালয়খনৰ বাবে প্ৰথমবছৰৰ বাবে ১৬ কোটি মোকলাই দিয়া হয়৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সময়ত বিটিআৰৰ চল্লিশটা সমষ্টিতে একোখনকৈ মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও ব্যক্ত কৰে৷ বিটিআৰত প্ৰমোদ বড়োৱে খিলঞ্জীয়া ভূমিহীন লোকৰ মাজত ভূমিৰ পট্টা প্ৰদান কৰি যুগান্তকাৰী কাম কৰাৰ বিপৰীতে একাংশ লোকে উচ্ছেদ কৰিব বুলি ভুৱা প্ৰচাৰ চলোৱা কাৰ্যক বিৰোধিতা কৰে৷ ইপিনে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনত বিটিআৰ অঞ্চলত ইউপিপিএলৰ নেতৃত্বত বিজেপি আৰু গণ সুৰক্ষা পাৰ্টীয়ে নিৰ্বাচনী মিত্ৰতা কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ ইফালে বিটিআৰ চুক্তি অনুসৰি এন ডি এফ বিৰ সকলোধৰণৰ গোচৰ ৰাজ্য চৰকাৰে উঠাই ল’ব আৰু ফাষ্টৰ্ট্ৰেক আদালত খুলি গোচৰসমূহ নিষ্পত্তি কৰা হ’ব লগতে আদিবাসী আৰু কাৰ্বি পাহাৰতো ৰাইজে আনন্দৰ খবৰ পাব বুলি উগ্ৰপন্থীয়ে মূলসুঁতিলৈ অহাৰ ইংগিত দিয়ে মন্ত্ৰীজনে৷ ইয়াৰ পূৰ্বে সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে দেশে স্বাধীনতা লাভৰ পাছত কয়লা ময়লাত এখন উচ্ছশিক্ষাৰ অনুষ্ঠান স্থাপন হোৱাই অঞ্চলটোলৈ আমূল পৰিৱৰ্তন আনিব বুলি মত ব্যক্ত কৰে৷ তেওঁ কয়, বিটিচিৰ শাসকীয় বিপিএফ দলে শিক্ষানুষ্ঠান গঢ়াত ব্যৰ্থ হৈছে৷ নিছিমা অঞ্চলৰ শিক্ষাৰ্থীসকলে বিজনী আৰু বঙাইগাঁও মহাবিদ্যালয়ত প্ৰায় ২৫ কিলোমিটাৰ পথ অতিক্ৰমী উচ্ছশিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছিল৷ বহুতে উচ্ছতৰ মাধ্যমিকপৰ্যন্ত পঢ়িয়ে সমাপ্ত কৰিবলগীয়া হয় শিক্ষাজীৱন৷ বিটিআৰ চুক্তিৰ জৰিয়তে বিটিআৰ অঞ্চলত শান্তি ঘূৰি অহাৰ পাছত বিটিচি প্ৰশাসনে সকলো জাতি-জনগোষ্ঠীৰ মাজত উন্নয়নৰ কাম কৰিবলৈ আগবাঢ়িছে বুলি মন্তব্য কৰি এতিয়া বিটিআৰত উত্তৰ অঞ্চলৰ পৰা উন্নয়নৰ কাম আৰম্ভ কৰিব বুলিও মত ব্যক্ত কৰে৷ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিটিচিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিৎ বসুমতাৰী, উপাধ্যক্ষ অভিৰাম মহানায়ক, পৰিষদীয় সদস্য প্ৰদীপ কুমাৰ বায়ন, মাধৱ চন্দ্ৰ ছেত্ৰী, ইউপিপিএলৰ কাৰ্যকৰী সভাপতি ৰণগৌৰা নাৰ্জাৰী, সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰী, জিলা উপায়ুক্ত গৌতম তালুকদাৰ, আৰক্ষী অধীক্ষক সুধাকৰ সিং, বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসকে ধৰি  হাজাৰোধিক লোক উপস্থিত থকা অনুষ্ঠানত সাংস্কৃতিক কাৰ্যক্ৰম প্ৰদৰ্শন কৰা হয়৷ সভাত আদৰণি ভাষণ প্ৰদান কৰে বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক জগদীশ ব্ৰহ্মই৷

বিজেপি-ইউ পি পি এলৰ মিত্ৰতাৰ বিষয়ে আলোচনাই হোৱা নাইঃ গোবিন্দ বসুমতাৰী

নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই ওদালগুৰিত বিটিআৰ চুক্তি দিৱসৰ সামৰণি অনুষ্ঠানত অংশ লৈ বিজেপি আৰু ইউ পি পি এলৰ মাজত বিধানসভা নিৰ্বাচনত মিত্ৰতা হ’ব বুলি ঘোষণা কৰিছিল৷ আনকি মন্ত্ৰীজনে এই সকলোবোৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়তে চূড়ান্ত হৈ গ’ল বুলিও ঘোষণা কৰিছিল৷ কিন্তু মন্ত্ৰীজনৰ মন্তব্যক একপ্ৰকাৰে অস্বীকাৰ কৰিলে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে৷ শুকুৰবাৰে ওদালগুৰিত ইউ পি পি এলৰ এখন যোগদান সভাত অংশ লোৱাৰ পাছত সাংবাদিকৰে হোৱা বাৰ্তালাপত  গোবিন্দ বসুমতাৰীয়ে বিজেপিৰ লগত ইউ পি পি এলৰ মিত্ৰতা হ’ব নে নাই সেইটো সিদ্ধান্ত হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে৷ বসুমতাৰীয়ে বিটিচিৰ অন্তৰ্গত ১২টাকৈ বিধানসভা সমষ্টিতে ইউ পি  পি এল দলে প্ৰাৰ্থিত্ব দিব বুলিও মন্তব্য কৰে৷ এয়াই নহয় হিমন্ত বিশ্ব শৰ্মাই  কি উৎসৰ পৰা জানি মিত্ৰতাৰ কথা কৈছে  সেইটো নাজানোঁ বুলিও গোবিন্দ বসুমতাৰীয়ে মন্তব্য কৰে৷ তেওঁ এই সন্দৰ্ভত লগতে কয় যে- আমি এতিয়ালৈ বিজেপিৰ লগত লগ লাগি কাম কৰিম নে নকৰিম সিদ্ধান্ত লোৱা নাই৷ যিহেতু ইউ পি পি এল এটা স্বতন্ত্ৰৰীয়া ৰাজনৈতিক দল আৰু নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ আমাৰ অধিকাৰ আছে৷ বিজেপিৰ  মনোভাৱ কেনেকুৱা  নাজানোঁ৷ আমি এতিয়ালৈকে কোনোবা ৰাজনৈতিক দলৰ লগত একেলগে নিৰ্বাচন খেলিম নে নেখেলিম বিষয়টো আলোচনা কৰা নাই৷ সময় এতিয়াও আছে৷ এইখিনিৰ ভিতৰত  আলোচনা কৰি আমি সিদ্ধান্ত ল’ম৷ ইয়াৰ পাছতে গৃহমন্ত্ৰী কোক্‌ৰাঝাৰ আহোঁতে সকলো চূড়ান্ত হোৱা বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে বুলি সাংবাদিকে বসুমতাৰীক মিত্ৰতাৰ বিষয়ে প্ৰশ্ন কৰাত বসুমতাৰীয়ে কয়-হিমন্ত বিশ্ব শৰ্মাই  কি উৎসৰ পৰা জানি কৈছে সেইটো নাজানোঁ৷ কিন্তু বিষয়টো আমি আলোচনা কৰা নাই৷ আলোচনা কৰাৰ পাছতে সিদ্ধান্ত লোৱা হ’ব৷ গোবিন্দ বসুমতাৰীয়ে লগতে বিটিচিৰ অন্তৰ্গত  ১২ টা বিধানসভা সমষ্টিতে ইউ পি পি এলে প্ৰাৰ্থী দিব বুলিও মন্তব্য কৰে৷ এইখিনি খাটাং কৰা বুলিও কয় বসুমতাৰীয়ে৷ ইপিনে যিকেইটা সমষ্টি আধা বিটিচিত আধা বিটিচিৰ বাহিৰত পৰে সেইকেইটাত হয়টো প্ৰাৰ্থী নিদিব পাৰোঁ বুলি বসুমতাৰীয়ে মন্তব্য কৰে৷ এইক্ষেত্ৰত সেই সমষ্টিৰ ফিল্ডৰ ৰিপ’ৰ্টৰ ওপৰত নিৰ্ভৰ কৰি  সিদ্ধান্ত ল’ব বুলিও বসুমতাৰীয়ে অৱগত কৰে৷ ইয়াৰ মাজতে বিটিচিত ভিতৰত মিত্ৰতা নহ’ব নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয়- বিটিচিৰ ভিতৰত সমষ্টিত মিত্ৰতা নহয় বুলিও কোৱা নাই৷ কিন্তু এতিয়ালে আমি সিদ্ধান্ত লোৱা নাই৷ এনেদৰে সাংবাদিকৰ আগত মন্তব্য কৰে গোবিন্দ বসুমতাৰীয়ে৷ যি সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  ইউ পি পি এলৰ লগত মিত্ৰতা সন্দৰ্ভত  স্পষ্টকৈ মন্তব্য প্ৰদান কৰিছে তেনে সময়তে বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্যজনে এই সন্দৰ্ভত আলোচনা হোৱা নাই বুলি কৰা মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে৷ গোবিন্দ বসুমতাৰীৰ এই মন্তব্যৰ পাছতে মন্ত্ৰী শৰ্মাই ইউ পি পি এলৰ সৈতে আলোচনা নকৰাকৈ এনে বৃহৎ ঘোষণা এটা কৰিলে নে উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীক অন্ধকাৰত ৰাখি এই মিত্ৰতাৰ কথা গোপনে আলোচনা হ’ল ইয়াকলৈও  প্ৰশ্নৰ সৃষ্টিৰ হৈছে৷