Logo
image

লক্ষ্য একেই!জোনবাইৰ কক্ষপথত লুনা-২৫ৰে চন্দ্ৰযানৰ প্ৰতিদ্বন্দ্বিতা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২০ আগষ্টঃ এই প্ৰতিযোগিতা পূৰ্ব ঘোষিত নাছিল৷ কিন্তু ভাৰতৰ চন্দ্ৰযান-৩য়ে চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰাৰ পাছত হঠাতে উভতি চাই দেখিছে, নিচেই কাষত আছে আৰু এক প্ৰতিদ্বন্দ্বী৷ আশ্চৰ্যজনকভাৱে সেই প্ৰতিদ্বন্দ্বী অৰ্থাৎ ৰাছিয়াৰ চন্দ্ৰযান লুনা-২৫ৰ লক্ষ্যস্থানো একেই, গন্তব্যস্থলো একে– চন্দ্ৰৰ দক্ষিণ মেৰু৷ এতিয়ালৈকে অনাবিষ্কৃত চন্দ্ৰৰ দক্ষিণ মেৰুত কোনে প্ৰথমে অৱতৰণ কৰিব, সেই লৈ কোনো প্ৰতিযোগিতা হ’ব নেকি– সেই সন্দৰ্ভত অৱশ্যেই ইছৰ’ আৰু ৰছকছমছ উভয়েই নিমাত৷ কিন্তু পৃথিৱীৰ পৰা যি এই দুয়োখন চন্দ্ৰযানৰ গতিবিধি নিৰীক্ষণ কৰি আছে, যি গমগতি লৈ আছে,  তেওঁলোকৰ মতে অঘোষিত হ’লেও এয়া এক প্ৰতিযোগিতা৷ অন্ততঃ চন্দ্ৰৰ এতিয়াও অনাবিষ্কৃত দক্ষিণ মেৰুত কোনখন দেশৰ যানে প্ৰথমে অৱতৰণ কৰি ইতিহাস সৃষ্টি কৰে, তাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে চন্দ্ৰযান-৩ আৰু লুনা-২৫৷ অৱশ্যেই এয়া নিৰীক্ষকৰ মতামত, ইছৰ’ কিম্বা ৰছকছমছৰ নহয়৷ পিছে ১৯৫৯ চনতে লুনা-২ নামৰ চন্দ্ৰযানখনে প্ৰথমে চন্দ্ৰৰ বুকুত অৱতৰণ কৰি ইতিহাস গঢ়া ৰাছিয়াৰ সৈতে এতিয়াও চন্দ্ৰৰ বুকুত ‘ছফ্‌ট লেণ্ডিং’ কৰিবলৈ সক্ষম নোহোৱা ভাৰতে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাতো বাতুলতা মাত্ৰ৷ প্ৰসংগতঃ ১৯৬৬ চনত ৰাছিয়াই লুনা-৯ক চন্দ্ৰপৃষ্ঠত সফলভাৱে ‘ছফ্‌ট লেণ্ডিং’ কৰিবলৈ সক্ষম হৈছিল৷ তাৰো ৫৭ বছৰৰ পাছত প্ৰথমটো ‘ছফ্‌ট লেণ্ডিং’ কৰিবলৈ আগবঢ়া ভাৰতৰ বাবে ৰাছিয়াৰ সৈতে ‘স্পেচ ৰেচ’ বা ‘মুন ৰেচ’ স্বৰূপাৰ্থতে অসম এক প্ৰতিযোগিতা৷ কিন্তু একে সময়তে দুয়োখন দেশৰ দুখন চন্দ্ৰযান প্ৰায় চন্দ্ৰত নামিবলৈ তৎপৰতা প্ৰদৰ্শন কৰাৰ বাবেই অনেকৰ মনত এয়া এক প্ৰতিযোগিতাস্বৰূপ হৈ উঠিছে৷ এই ঘটনাই স্মৃতি জগাই তুলিছে ’৭০ৰ দশকৰ শেষৰ আমেৰিকা আৰু ৰাছিয়াৰ ‘স্পেচ ৰেচ’ৰ দুৰ্দান্ত প্ৰতিযোগিতাৰ ৰোমাঞ্চকৰ কাহিনী৷ প্ৰসংগতঃ ১৯৭৬ চনত লুনা-২৪ য়ে চন্দ্ৰত অৱতৰণ কৰাৰ পাছত ৰাছিয়াই যোৱা ৪৭ বছৰে কোনো যান চন্দ্ৰলৈ প্ৰেৰণ কৰা নাছিল৷ তদুপৰি দুবছৰ পূৰ্বেই ৰাছিয়াই লুনা-২৫ চন্দ্ৰলৈ প্ৰেৰণ কৰাৰ কথা আছিল যদিও বিভিন্ন বিসংগতিৰ বাবে তেওঁলোকে ২০২১ চনৰ অভিযান ২০২৩তহে আৰম্ভ কৰিলে৷ সেই দিশৰ পৰা ৰাছিয়াই প্ৰতিযোগিতামূলক মনোবৃত্তিৰেই লুনা-২৫ক প্ৰেৰণ  কৰা বুলি অনেকেই ধাৰণা কৰিছে৷ উল্লেখ্য, ১৯৭৬ চনৰ পৰা আজিলৈকে মাথোঁ চীনেহে দুখন যান চন্দ্ৰত সফলভাৱে অৱতৰণ কৰাবলৈ সক্ষম হৈছে৷ চীনে চাংগে-৩ ২০১৩ চনত আৰু চাংগে-৪ ২০১৮ চনত চন্দ্ৰত অৱতৰণ কৰাবলৈ সক্ষম হৈছিল৷ ভাৰতে ২০২১ চনত চন্দ্ৰলৈ চন্দ্ৰযান-২ প্ৰেৰণ কৰিলেও যানখনে ‘ছফ্‌ট লেণ্ডিং’ কৰিবলৈ সক্ষম নহ’ল৷ অৰ্থাৎ ব্যৰ্থ হৈছিল ভাৰতৰ চন্দ্ৰযান-২১ অভিযান৷

ৰাছিয়াৰ মহাকাশ বিজ্ঞান সংস্থা ৰছকছমছে এতিয়াও পৰিষ্কাৰভাৱে লুনা-২৫ৰ অৱতৰণৰ দিন জনোৱা নাই৷ বিভিন্ন সূত্ৰৰ পৰা প্ৰকাশিত তথ্য অনুসৰি অহা ২১ আগষ্ট অৰ্থাৎ সোমবাৰে লুনা-২৫য়ে অৱতৰণ কৰিব৷ আনহাতে, চন্দ্ৰযান-৩ৰ বাবে নিৰ্দিষ্ট কৰা দিন হৈছে ২৩ আগষ্ট, বুধবাৰ৷ যদিহে নিৰ্দিষ্ট সূচী অনুসৰি দুয়োখন যানে চন্দ্ৰত সফল অৱতৰণ কৰে তেন্তে এই অঘোষিত প্ৰতিযোগিতা ভাৰতৰ বাবে অৰ্থহীন হৈ পৰিব৷ চন্দ্ৰযান-৩য়ে তেতিয়া বিশ্বৰ চতুৰ্থ দেশ হিচাপে চন্দ্ৰত অৱতৰণ কৰাৰ কৃতিত্বক লৈয়েই সন্তুষ্ট থাকিব লাগিব৷ অৱশ্যে, বিভিন্ন মহলৰ ধাৰণা, যিহেতু চন্দ্ৰযান-৩ এতিয়া অৱতৰণ কৰিব পৰাকৈ চন্দ্ৰৰ কাষত আছে, সেয়ে দেওবাৰৰ অন্তিমটো ঢাপ অতিক্ৰমৰ পাছত আগতীয়া অৱতৰণৰ প্ৰয়াসো চলাব পাৰে৷ অৱশ্যে তেনে সম্ভাৱনা তেনেই ক্ষীণ৷ কিয়নো চন্দ্ৰযান-৩ৰ অৱতৰণৰ দিন স্থিৰ কৰা হৈছে চন্দ্ৰত সূৰ্যোদয়ৰ প্ৰথমটো দিন লক্ষ্য কৰি৷ ২৩ আগষ্টত চন্দ্ৰত সূৰ্যোদয় হ’ব আৰু সফল অৱতৰণ কৰিব পাৰিলে লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞান এটা চন্দ্ৰদিন অৰ্থাৎ¸ পৃথিৱীৰ ১৪ দিন সক্ষম হৈ থাকিব৷ আনহাতে, লুনা-২৫১ লেণ্ডাৰ সক্ষম হৈ থাকিব পৃথিৱীৰ এবছৰ৷ যোৱা ১০ আগষ্টত ভছথোচনি মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপন কৰাৰ পাছত মাথোঁ ৮ দিনতে লুনা-২৫ চন্দ্ৰৰ কক্ষপথত উপনীত হৈছে৷ সেইপথ অতিক্ৰম কৰিবলৈ চন্দ্ৰযান-৩ক প্ৰয়োজন হৈছে ২৩ দিন৷ ৰাছিয়াৰ অতি শক্তিশালী ছয়ুজ ৰকেটে বেছি দূৰলৈ লুনা-২৫ক আগবঢ়াই নিয়াৰ বাবেই লুনাই এতিয়া চন্দ্ৰযান-৩ৰ সৈতে উপবৃত্তাকাৰ কক্ষপথত চন্দ্ৰক নিচেই কাষৰ পৰা প্ৰদক্ষিণ কৰি আছে৷ চন্দ্ৰযান-৩ক উৎক্ষেপন কৰা ৰকেটৰ শক্তি ছয়ুজৰ তুলনাত বহু কম হোৱাৰ বাবেই চন্দ্ৰযান-৩ৰ গতি ধীৰ৷ সামগ্ৰিকভাৱে এয়া এক অসম প্ৰতিযোগিতা৷ কিন্তুকোনে প্ৰথমে চন্দ্ৰৰ বুকুত নামি হাঁহি মাৰে সেয়া এতিয়াও অজানা৷