Logo
image

গোহাঁইক দিল্লীলৈ তলব, আজি অমিত শ্বাহৰে বৈঠক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২১ আগষ্টঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ কেবিনেট মৰ্যদা সম্পন্ন অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে নতুন দিল্লীলৈ তলব কৰা হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যালয়ৰ পৰা ফোন কৰি ৰাজেন গোহাঁইক জৰুৰীভাৱে নতুন দিল্লীলৈ মাতি পঠিওৱাৰ সূত্ৰে দেওবাৰে নতুন দিল্লী অভিমুখে ৰাওনা হয় বিজেপিৰ প্ৰবীণ নেতাজন৷ সোমবাৰে ৰাজেন গোহাইয়ে অমিত শ্বাহক সাক্ষাৎ কৰিব৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰাৰ পূৰ্বে প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি গোহাঁইয়ে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল৷ এই সাক্ষাতৰ সময়ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা নগাঁও লোকসভা সমষ্টি বদৰুদ্দিন আজমলক গতাই দিয়াৰ পৰিকল্পনা কৰা বুলি অভিযোগ কৰিছিল গোহাইয়ে৷ ইয়াৰ দ্বাৰা চিৰদিনৰ বাবে নগাঁও সমষ্টি বিজেপিয়ে হেৰুৱাব লাগিব বুলিও গোহাইয়ে দাবী কৰিছিল৷ তেওঁৰ অভিযোগৰ পিছত গোটেই কথাখিনি লিখিত আকাৰে তেওঁৰ পৰামৰ্শ সহ জমা দিবলৈ নিৰ্দেশ দিছিল অমিত শ্বাহে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ এই নিৰ্দেশৰ পিছদিনাই ৰাজেন গোহাইয়ে সমগ্ৰ বিষয়টো লিখিত আকাৰে জমা দিছিল অমিত শ্বাহৰ হাতত৷ কিন্তু ৰাজেন গোহাঁইয়ে অভিযোগ কৰা অনুসৰি তেওঁৰ এই অভিযোগ আৰু পৰামৰ্শৰ ভিত্তিতে নগাঁও লোকসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰা হ’ব বুলি অমিত শ্বাহে আশ্বাস দিছিল যদিও কাৰ্যক্ষেত্ৰত সেই আশ্বাস পূৰণ নহ’ল আৰু নগাঁও লোকসভা সমষ্টি আজমলৰ হাতত তুলি দিয়া হ’ল৷ নগাঁও লোকসভা সমষ্টিৰ চাৰিবাৰৰ সাংসদ জনে এটাৰ পিছত আনটো বিস্ফোৰক অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীৰ নেতৃত্বৰ ওপৰত অনাস্থা প্ৰকাশ কৰাৰ পিছতে নতুন দিল্লীলৈ তেওঁক তলব কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ উল্লেখ্য যে বৃহস্পতিবাৰে বিয়লিৰে পৰা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও নতুন দিল্লীতে বাহৰ পাতি আছে৷ সোমবাৰৰ বৈঠকতে নিৰ্ণয় হ’ব ৰাজেন গোহাইৰ বিদ্ৰোহৰ ভৱিষ্যৎ৷ দলৰ কেন্দ্ৰীয় নেতৃত্বই গোহাঁইৰ এই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰিব নে তেওঁৰ সৈতে ৰাজনৈতিক বুজাবুজি কৰি বিদ্ৰোহ প্ৰশমিত কৰিব সেয়া নিৰ্ভৰ কৰিব কাইলৈৰ বৈঠকৰ ওপৰত৷

মুখ্যমন্ত্ৰীয়ে মোক ৭ বাৰ ফোন কৰিছেঃ ৰাজেন গোহাঁই

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ বিজেপিৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ আক্ৰমণ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল কৰাৰ সমান্তৰালকৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বকো চিন্তিত কৰি তুলিছে৷ ২৪’ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ নেতাৰ অসন্তুষ্টি প্ৰদৰ্শনক সহজভাবে ল’ব পৰা নাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই৷ যাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ দিল্লীলৈ তলব কৰে ৰাজেন গোহাঁইক৷ এই সম্পৰ্কে আজি নগাঁৱত সংবাদ মাধ্যমৰ আগত গোহাঁয়ে কয় যে মুখ্যমন্ত্ৰীয়ে মোক কালি জ্জবাৰ ফোন কৰিছিল৷ তেওঁ মোক অমিত শ্বাহক ফোন কৰিবলৈ অনুৰোধ জনালে৷ মোৰ হাতত অমিত শ্বাহৰ নম্বৰ নাছিল৷ মুখ্যমন্ত্ৰীয়ে মোক অমিত শ্বাহৰ নম্বৰ দিলে৷ মই অমিত শ্বাহক ফোন কৰিছিলো৷ এইবোৰ কথা ক’লে কাৰোবাৰ সন্মান লাঘৱ হ’ব৷ সেয়ে মই কোৱা নাছিলো৷ কাইলৈ মোক অমিত শ্বাহে লগ কৰিবলৈ কৈছে৷ মই কাইলৈ লগ কৰি সকলোখিনি কম৷ প্ৰাক্তন সাংসদজনে আৰু কয় যে পীয়ূষ হাজৰিকা ভাল ল’ৰা৷ তেওঁৰ লগত মোৰ সম্পৰ্ক ভাল৷ তেওঁৰ প্ৰতি মোৰ কোনো আপত্তি নাই৷ যি কৈছে ৰাজনীতিৰ খাতিৰত কৈছে৷ তেওঁ বেয়া কথা কোৱা নাই৷ কিন্তু জয়ন্ত মল্লৰ ওপৰত মোৰ আপত্তি আছে৷ জয়ন্ত মল্লই মোক সংবাদ মাধ্যমত অপমান কৰিছে৷ জ্যেষ্ঠজনক অপমান কৰিব নাপায়৷ জয়ন্তই দলৰ কাৰ্যালয়ৰ পৰা মোক গতিয়াই উলিয়াই দিবলৈ কৈছে৷ কাক গতিয়াই উলিয়াই দিয়ে সময়ত ৰাইজে দেখিব৷ এইদৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ওপৰত খৰ্গহস্ত হৈ পৰে ৰাজেন গোহাঁই৷ প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁয়ে কয় যে নৰেন্দ্ৰ মোদী, ৰাজনাথ সিং, ভুৱনেশ্বৰ কলিতা আমাৰ বয়সৰ৷ সেইবুলি এতিয়া সকলোৱে দল এৰি নাতিৰ লগত খেলিব নেকি? ইয়াৰ প্ৰত্যুত্তৰ মই সময়ত দিম৷ গোহাঁয়ে কয় যে মই ন-পুৰণিৰ কথা কোৱা নাই৷ কিন্তু অসমত পুৰণিক আঁতৰাবলৈ কোৱা প্ৰক্ৰিয়াৰ বিষয়ে কম৷ কাক মুখ্যমন্ত্ৰী পাতে মই কোনো আপত্তি কৰা নাই৷ সৰ্বানন্দক পাতে, হিমন্তক পাতে কোনো আপত্তি কৰা নাছিলো৷ মই দলটোক বহুত দিছো৷ মোৰ সম্পত্তি বিক্ৰী কৰি দল কৰিছিলো৷ মই কাৰো আশীৰ্বাদত মুখ্যমন্ত্ৰী হ’বলৈ যোৱা নাই৷ মই মন্ত্ৰিত্ব পাইছিলো নিজৰ দমত৷ মোদীক মই প্ৰশ্ন কৰিছিলো মোৰ ভুল ক’ত৷ মোক মুখ্যমন্ত্ৰীয়ে যি কৈছিল সেয়া ৰাজহুৱা কৰিলে বিজেপি থান-বান হৈ যাব৷ বহুত কথা আছে সকলো অমিত শ্বাহক ক’ম৷ আজিৰ পৰা আৰু সংবাদ মাধ্যমৰ সন্মুখত একো নকওঁ৷ অমিত শ্বাহক লগ কৰাৰ পিছত যি ক’ব লগা আছে কম৷