Logo
image

দিল্লীত অমিত শ্বাহৰ বাবে বোন্দাপৰ দিছে ৰাজেন গোহাঁয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ আগষ্টঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰাৰ পাছতে প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইক জৰুৰীভাৱে নতুন দিল্লীলৈ তলব কৰা হৈছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যালয়ৰ পৰা  ফোন কৰি সোমবাৰে গোহাঁইক অমিত শ্বাহৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হয়৷ এই নিৰ্দেশ অনুসৰি দেওবাৰে বিয়লি ৰাজেন গোহাঁই নতুন দিল্লীত উপস্থিত হয় যদিও সোমবাৰে নিশা বাতৰি লিখা পৰ্যন্ত তেওঁ অমিত শ্বাহৰ সাক্ষাৎ পাবলৈ সক্ষম হোৱা নাই৷ উল্লেখ্য, আজি নিশাৰ ভাগত তেওঁ অমিত শ্বাহৰ সাক্ষাৎ লাভ কৰাৰ সম্ভাৱনা আছে৷ আজি বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহ উত্তৰ প্ৰদেশৰ আলিগড়ত দলীয় কাৰ্যসূচীলৈ যায়৷ অৱশ্যে দিনৰ ভাগত অমিত শ্বাহৰ সাক্ষাৎ পাব বুলি ৰাজেন গোহাঁই আশা কৰিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল৷ নতুন দিল্লীলৈ মাতি পঠিয়ালেও অমিত শ্বাহে বিয়লি পৰ্যন্ত ৰাজেন গোহাঁইক সাক্ষাৎ নিদিলে৷ দলীয় সূত্ৰৰ মতে হাইকামাণ্ডে ৰাজেন গোহাঁইৰ বিদ্ৰোহক ভালদৰে গ্ৰহণ কৰা নাই৷ তেওঁৰ দৰে এজন জ্যেষ্ঠ নেতাই দলৰ বিৰুদ্ধে এনেদৰে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰা ঘটনাক দলীয় অনুশাসন ভংগৰ দৃষ্টিৰে চাইছে দলৰ শীৰ্ষ নেতৃত্বই৷ হয়তো ইয়াৰ ফলতে দিল্লীত অমিত শ্বাহৰ বাবে বোন্দাপৰ দিবলগীয়া হৈছে প্ৰাক্তন সাংসদজনে৷

ৰাজেন গোহাঁয়ে ভুল কৰিছেঃ বিধায়ক বিনোদ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ ন-পুৰণি বিজেপি সংঘাতক লৈ মুখ খুলিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিধায়ক বিনোদ হাজৰিকাই৷ বাণীপুৰস্থিত বিধায়কৰ কাৰ্যালয়ত আজি এক সংবাদ মেল আয়োজন কৰি ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইকে একপ্ৰকাৰ দোষাৰোপ কৰিলে বিধায়ক হাজৰিকাই৷ ৰাজেন গোহাঁয়ে দলটোৰ ন-পুৰণি নেতাসকলৰ মাজত ব্যৱধান বাঢ়ি অহাৰ লগতে পুৰণা বিজেপি কৰ্মীসকলৰ দলত বিশেষ গুৰুত্ব নোহোৱা বুলি অভিযোগ কৰি অসম চৰকাৰে প্ৰদান কৰা কেবিনেট পদৰ পৰা পদত্যাগ কৰি অসমৰ ৰাজনীতিত তোলপাৰ লগোৱাৰ পাছতে বিধায়ক হাজৰিকাই সংবাদ মেলৰ জৰিয়তে ৰাজেন গোহাঁয়ে এনেদৰে কৈ ভুল কৰিছে বুলি প্ৰকাশ কৰে৷ বিধায়কজনে আৰু কয় যে, দেউতাকে ভুল কৰিলেও তেওঁ সেই কথা স্বীকাৰ কৰি ভুলটো ভুল বুলি ক’বলৈ কুণ্ঠাবোধ নকৰে৷ বৰ্তমান সময়ত দলটোৰ মাজত চলি থকা ন-পুৰণি সম্পৰ্কে তেওঁ আৰু কয় যে, এইক্ষেত্ৰত কিবা ভুল বুজাবুজি থাকিলে নিজৰ মাজতে সমাধান কৰিব লাগিছিল, কিন্তু এনেদৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ নাম নোলোৱাকৈ কয়, কিছুমান কথা কওঁতে নিজে সাৱধান হোৱাটো প্ৰয়োজন৷ নহ’লে সমস্যাবোৰ অধিক জটিল হৈ পৰে৷ তদুপৰি, অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকাক অসমৰ এজন অতিকৈ কৰ্মদক্ষ মন্ত্ৰী হিচাপে কাম কৰা বুলি সংবাদ মেলত প্ৰকাশ কৰে৷ বৰ্তমান বিৰোধী কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টীক সমালোচনা কৰাৰ কোনো অধিকাৰ নাই বুলি স্পষ্টকৈ উল্লেখ কৰে৷ দলটোৰ ভিতৰচ’ৰাত চলি থকা এনে বিৰ্তকই দলক যথেষ্ট ক্ষতি কৰিব৷ ১৯৯৭-৯৮ পৰা তৃণমূলৰ পৰা ধৰি ৮ বছৰ জিলা সভাপতিৰ উপৰিও বৰ্তমান বিধায়ক বিনোদ হাজৰিকা এজন অন্যতম পুৰণি বিজেপি৷ চাৰিবাৰকৈ বিধায়ক তথা বৰ্তমান কেবিনেট মৰ্যাদা লাভ কৰা প্ৰশান্ত ফুকনৰ লগতো বহুদিন ধৰি একেলগে কাম কৰি আছে বুলিও বিনোদ হাজৰিকাই কয়৷ দলত নতুন-পুৰণি বুলি কোনো কথা নাই, সকলোৱে লগ হৈয়ে কাম কৰি আছে আৰু কৰি থাকিব৷ আজি সংবাদ মেলত সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰি কয় যে, এই সমষ্টি নিৰ্ধাৰণৰ ফলত নিৰ্বাচনত কোনো প্ৰভাৱ নপৰে বুলি কোৱাৰ লগতে সমষ্টিটো অধিকাংশ লোকে এই বিষয়ে একো নাজানে বুলিও কয়৷ বৰ্তমান এনেদৰে ন-পুৰণি বিৰ্তকই দুখ অনুভৱ কৰি বিনোদ হাজৰিকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজেন গোঁহাইক শ্ৰদ্ধা তথা এজন অন্যতম পুৰণি বিষয়ববীয়া হৈ তেওঁ এই সময়ত তেনে মন্তব্য কৰাটো দুৰ্ভাগ্যজনক বুলি কয়৷ কিবা হৈছে যদি দলৰ ভিতৰত আলোচনা কৰিব লাগিছিল৷ সংবাদ মাধ্যমৰ আগত নহয়৷ আনহাতে, দলৰ দুই-তিনিজন ব্যক্তিয়ে কোনো কাৰণত আপোচ তথা মনৰ ক্ষোভ কৰিলেই দলৰ কোনো বিশেষ ক্ষতি নাই৷ ইয়াত কংগ্ৰেছৰ কোনো প্ৰয়োজন নাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ, তাচ্ছিল্য কৰাৰ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন কৰ্মদশী মুখ্যমন্ত্ৰী আৰু ৰাজ্যখনক আগুৱাই নিয়াৰ বাবে তেওঁ দিনে-নিশাই কাম কৰি থকাৰ সময়ত এনেদৰে এজন জ্যেষ্ঠ নেতাই মন্তব্য কৰাটো কোনো কাৰণতে মানি ল’ব নোৱাৰি বুলি প্ৰকাশ কৰে৷

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যোৱা কোনো নেতা সফল নহয়ঃ যাদৱ ডেকা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ বিজেপি দলৰ সংবিধান মানি যিদিনাই যিকোনো ব্যক্তিয়ে দলত যোগদান কৰে সেইদিনাৰ পৰাই দলৰ এজন সদস্য হিচাপে স্বীকৃতি লাভ কৰে৷ তাত ন-পুৰণি বুলি কোনো কথা উল্লেখ নাথাকে৷ দলীয় অনুশাসন মানি সদস্য ভৰ্তি হোৱাৰ পাছত তেওঁ এজন কাৰ্যকৰ্তা হিচাপে দলৰ সংবিধান আৰু অনুশাসন মানি দলৰ বাবে কাম কৰি যাব লাগিব৷ সোমবাৰে সাংবাদিকৰ আগত এই মন্তব্য কৰি বিজেপিৰ জ্যেষ্ঠ নেতা যাদৱ ডেকাই কয় যে, ন-পুৰণি ধাৰণাটো বিৰোধীয়ে চৰ্চালৈ আনিছে৷ দলত যোগদান কৰাৰ পাছতেই সকলোকে সহকৰ্মী বুলি সন্মান দিয়াৰ পিছত ন-পুৰণি প্ৰসংগটো আহিবই নোৱাৰে বুলি মত প্ৰকাশ কৰে বিজেপিৰ জ্যেষ্ঠ নেতাজনে৷ লগতে দলৰ কিছু নেতাই সামাজিক তথা আন আন মাধ্যমত দলৰ বিৰুদ্ধে বা চৰকাৰৰ বিৰুদ্ধে যি মন্তব্য আগবঢ়াইছে কোনো কাৰণতে সমৰ্থনযোগ্য নহয় বুলি প্ৰকাশ কৰে বিজেপিৰ জ্যেষ্ঠ নেতা যাদৱ ডেকাই৷ দলীয় বিষয়সমূহ দলৰ মজিয়াত আলোচনা নকৰি ব্যক্তিগত স্বাৰ্থত সামাজিক মাধ্যমত প্ৰকাশ কৰি একাংশই বিজেপিত সংঘাত আনিব বিছাৰিছে৷ এনে কৰিলে দলৰ ক্ষতি হ’ব বুলি মন্তব্য কৰে ডেকাই৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা তথা নেতৃত্বত অসমত উন্নয়নৰ ক্ষেত্ৰত, আন্তঃগাঁথনিৰ ক্ষেত্ৰত বা প্ৰশাসনিক সংস্কাৰৰ ক্ষেত্ৰতে হওক সকলো দিশতে সুন্দৰ পৰিৱেশ সৃষ্টি কৰি বিৰল কৃতিত্ব বুটলিবলৈ সক্ষম হৈছে৷ তেনেক্ষেত্ৰত দল তথা চৰকাৰৰ বিৰুদ্ধে কথা ক’লে দলৰ অনুশাসন ভংগ কৰাৰ দৰে হ’ব বুলি মন্তব্য কৰে জ্যেষ্ঠ নেতাজনে৷ দলৰ সংবিধান আৰু অনুশাসন উলংঘা কৰা এনে নেতাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দলৰ এগৰাকী জ্যেষ্ঠ নেতা হিচাপে এই মন্তব্য কৰে৷ দলৰ সংবিধান মতে তেনে নেতাক দলৰ পৰা বহিষ্কাৰো কৰিব পাৰে বুলি মন্তব্য কৰে৷ দলৰ বিৰুদ্ধে যিসকলে বিষোদগাৰ প্ৰদৰ্শন কৰিছে তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে৷ প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইৰ উদ্ধৃতি দি তেওঁ কয়, ৪ বাৰকৈ সাংসদ হৈছে৷ দলে তেওঁলোকক যথেষ্ট সন্মান দিছে৷ তাৰ পাছতো তেওঁলোকে কি কাৰণত দলৰ বিৰুদ্ধে, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত বিষোদগাৰ কৰিব তাত কেতিয়াও সমৰ্থন দিব পৰা নাযায়৷ লগতে তেওঁ কয় কয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কৃতৃত্বই ১০৪টা সমষ্টি খিলঞ্জীয়াৰ পক্ষত আনিবলৈ সক্ষম হৈছে৷ তেনে এটা বিৰল কৃতিত্বৰ বাবে ড॰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় জ্যেষ্ঠ বিজেপি নেতাজনে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ ৰাইজে যথেষ্ট আশীৰ্বাদ কৰিছে গতিকে তেওঁৰ বিৰুদ্ধে কোনো নেতাই গৈ সফল নহ’ব৷