Logo
image

চন্দ্ৰপৃষ্ঠত আজি ঐতিহাসিক অৱতৰণ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ আগষ্টঃ মহাকাশ বিজ্ঞানৰ এক যুগান্তকাৰী ইতিহাস সৃষ্টিৰ দুৱাৰদলিত উপনীত হৈছে ভাৰত৷ ৪০ দিনৰ উৎকণ্ঠাপূৰ্ণ, জটিল কিন্তু সফল যাত্ৰাৰ অন্তত চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ-উদ্যত চন্দ্ৰযান-৩৷ অধিক সৰল ভাষাত ক’বলৈ হ’লে চন্দ্ৰত ‘ছফ্‌ট লেণ্ডিং’ কৰাৰ বাবে সাজু হৈছে চন্দ্ৰযান-৩১ লেণ্ডাৰ মডিউল বিক্ৰম৷ এই বিক্ৰমৰ অন্তৰ্ভাগত সোমাই আছে প্ৰজ্ঞান নামৰ ৰ’ভাৰ মডিউল৷ সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত ভাৰতৰ লেণ্ডাৰৰ সফল অৱতৰণৰ আগতীয়া কম্পিউটাৰ ‘প্ৰগ্ৰেমিং’ কৰি পঠিয়াইছে ভাৰতৰ মহাকাশ বিজ্ঞান সংস্থা ইছৰ’ৱে৷ এই ইছৰ’ৰ জটিল গৱেষণালব্ধ জ্ঞানৰ জৰিয়তে ভাৰতে ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰত চন্দ্ৰৰ বুকুত ইতিহাসৰ দুখন পৃষ্ঠা নতুনকৈ লিখিবলৈ সাজু হৈছে৷  তাৰে প্ৰথম হৈছে– বিশ্বৰ চতুৰ্থখন দেশ হিচাপে চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ৷ প্ৰথমটো পদক্ষেপ সফল হোৱাৰ লগে লগে ভাৰতে দ্বিতীয়টো অদ্বিতীয় ইতিহাসো ৰচনা কৰিব দক্ষিণ মেৰুত প্ৰথমবাৰৰ বাবে পদাৰ্পণ কৰি৷ কিয়নো চন্দ্ৰৰ অনাবিষ্কৃত দক্ষিণ মেৰুত আজি পৰ্যন্ত কোনো দেশে অৱতৰণ কৰি পৰা নাই৷ অৰ্থাৎ ভাৰতৰ চন্দ্ৰত সফল অৱতৰণ মানেই মহাকাশ বিজ্ঞান বা চন্দ্ৰ অভিযানত সৃষ্টি হ’ব নতুন এক ইতিহাস৷ সেই অপেক্ষাৰ অৱসান ঘটিবলৈ বেছি সময় নাই৷ বুধবাৰে সন্ধিয়া ৬.০৪ বজাত স্থিৰ কৰা হৈছে চন্দ্ৰৰ অৱতৰণৰ শুভক্ষণ৷ সন্দেহ নাই, সেয়া হ’ব চন্দ্ৰপৃষ্ঠত ভাৰতৰ ঐতিহাসিক অৱতৰণ৷ 

ইছৰ’ৱে মঙলবাৰে প্ৰকাশ অনুসৰি বিক্ৰম লেণ্ডাৰ সঠিকভাৱে কোনো বিঘিনি নোহোৱাকৈ আগবাঢ়ি গৈ আছে৷ এই পৰ্যন্ত বিক্ৰমৰ পথ পূৰ্বে নিৰ্ধাৰণ কৰি থোৱাৰ দৰেই মসৃন আৰু সুষম৷ ইছৰ’ৱে বিক্ৰমৰ এই যাত্ৰাক ‘টেক্সট বুক’ বুলি অভিহিত কৰিছে৷ উল্লেখ্য লেণ্ডাৰ বিক্ৰম যোৱা বৃহস্পতিবাৰেই পৰিকল্পনা অনুসৰি মূল যানৰ পৰা পৃথক হৈছে৷ এতিয়া বিক্ৰম চন্দ্ৰৰ মাটিৰ পৰা ২৫ কিলোমিটাৰ  উচ্ছতাত আছে৷ অৱশ্যে ই এতিয়া স্থিৰ হৈ থকা নাই৷ বৰং বিক্ৰমে এতিয়াও চন্দ্ৰক সেই নিম্ন উচ্ছতাৰে প্ৰদক্ষিণ কৰি আছে৷ বুধবাৰে অৱতৰণৰ দিনটোত বিক্ৰমে ঢাপে ঢাপে নিজৰ উচ্ছতা কমাই আনি চন্দ্ৰৰ কাষ চাপি যাব৷ ইয়াৰ সমান্তৰালভাৱে ভাৰসাম্য ৰাখি হ্ৰাস পাব বিক্ৰমৰ গতিও৷ বৰ্তমান অৱস্থানৰ পৰা বিক্ৰমক চন্দ্ৰত অৱতৰণ কৰিবলৈ প্ৰকৃততে ১৫ মিনিটৰহে প্ৰয়োজন হ’ব৷ কিন্তু তাৰ বাবে প্ৰস্তুতি দীঘলীয়া৷ সেই প্ৰস্তুতি আজি মঙলবাৰৰ পৰাই আৰম্ভ হৈছে৷ প্ৰথম ঢাপত বিক্ৰমক ৭.৫ কিলোমিটাৰ উচ্ছতালৈ নমাই নিয়া হ’ব৷ অৰ্থাৎ তেতিয়া বিক্ৰম আৰু চন্দ্ৰপৃষ্ঠৰ মাজৰ দূৰত্ব হ’ব ৭.৫ কিলোমিটাৰ৷ সেই সময়ত লেণ্ডাৰ অৰ্থাৎ বিক্ৰমৰ গতি হ’ব প্ৰতি ছেকেণ্ডত ৩৫৮ মিটাৰ৷ এই পদক্ষেপটোৰ বাবে প্ৰয়োজন হ’ব ১১ মিনিট সময়৷ ইয়াৰ পৰৱৰ্তী গন্তব্য হ’ব চন্দ্ৰৰ পৰা ৬.৮ কিলোমিটাৰ উচ্ছতা৷ সেই ঢাপত চাইকেলৰ ব্ৰেক ধৰাৰ দৰে নিয়ন্ত্ৰিত ব্ৰেক ধৰি বিক্ৰমৰ গতি আৰু হ্ৰাস কৰা হ’ব৷ তেতিয়া বিক্ৰমৰ গতি হ’ব প্ৰতি ছেকেণ্ডত ৩৩৬ মিটাৰ৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বিক্ৰমৰ উচ্ছতা আৰু কমাই আনি চন্দ্ৰৰ ৮০০মিটাৰ ওপৰলৈ লৈ যোৱা হ’ব৷ সমান্তৰালভাৱে গতিও হ্ৰাস কৰা হ’ব বিক্ৰমৰ৷ সেই পৰ্যায়ত বিক্ৰমে লেজাৰ ৰশ্মি ব্যৱহাৰ কৰিব৷ চন্দ্ৰৰ মাটিত লেজাৰ ৰশ্মি প্ৰতিফলিত কৰি চেন্সৰৰ জড়িয়তে সেই সময়ছোৱাত বিক্ৰমে অৱতৰণৰ বাবে উপযুক্ত স্থানৰ সন্ধান কৰিব৷ তেতিয়াও লাহে লাহে উচ্ছতা আৰু কমাই অনা হ’ব৷ ৮০০মিটাৰৰ পৰা ১৫০ মিটাৰলৈ বিক্ৰমৰ উচ্ছতা কমাই অনাৰ পাছত বিক্ৰমৰ গতি হ’ব প্ৰতি ছেকেণ্ডত ৬০ মিটাৰ৷ ৬০ মিটাৰ উচ্ছতাত বিক্ৰমৰ গতি প্ৰতি ছেকেণ্ডত ৪০ মিটাৰলৈ হ্ৰাস কৰা হ’ব৷ ৬০ৰ পৰা ১০ মিটাৰ উচ্ছতালৈ নমাই  অনাৰ সময়ত বিক্ৰমৰ গতি হ’ব প্ৰতি ছেকেণ্ডত ১০ মিটাৰ৷ সেই সময়ত বিক্ৰমে অৱতৰণৰ স্থান উপযুক্ত নহয় বুলি চেন্সৰ আৰু কেমেৰাৰ সহায়ত ধৰা পেলাব পাৰিলে ই পূৰ্ব নিৰ্দ্ধাৰিত স্থানতকৈ ১৫০ মিটাৰ আগবাঢ়ি যাব৷ অৱশ্যে পূৰ্ব নিৰ্দ্ধাৰিত স্থান সঠিক আৰু উপযুক্ত বুলি ভাবিলে সেই স্থানতে লেণ্ডাৰ বিক্ৰমে অৱতৰণ কৰিবলৈ চেষ্টা কৰিব৷ সেই মুহূৰ্তত বিক্ৰমৰ গতি হ’ব প্ৰতি ছেকেণ্ডত ১.৬৮ মিটাৰ৷ সেই পৰ্যায়ত চন্দ্ৰৰ নূ্যনতম অভিকৰ্ষ বলে বিক্ৰমক টানি নিয়াৰো আশংকা আছে৷ পূৰ্ব নিৰ্দ্ধাৰিত কম্পিউটাৰ প্ৰগ্ৰেমৰ জড়িয়তে বিক্ৰমে তেনে গতিক নিয়ন্ত্ৰণ কৰিব৷ শেষৰ এই দীঘলীয়া ১৫ মিনিটৰ পৰ্যায়টোত ইছৰ’ৰ বিজ্ঞানীৰ ভূমিকা আমাৰ দৰে সাধাৰণ দৰ্শকৰ দৰেই হ’ব৷ কিয়নো সেই মুহূৰ্তত বিক্ৰমৰ নিয়ন্ত্ৰণ কাৰো হাতত নাথাকে, সি হ’ব স্বয়ংক্ৰিয়৷ যি বিপদ বিঘিনি হয়, সেয়া বিক্ৰমে নিজেই চম্ভালিব লাগিব৷  সেই সকলো কৰ্তব্য ইতিপূৰ্বেই স্থিৰ কৰি দিয়া হৈছে৷ শেষ মুহূৰ্তত সকলো সিদ্ধান্ত যদি সঠিকভাৱে বিক্ৰমে তাৰ শৰীৰত লগাই থোৱা চেন্সৰ, লেজাৰ, কেমেৰাৰ সহায়ত ল’ব পাৰে তেন্তে বিক্ৰমে তেতিয়াই চন্দ্ৰৰ বুকুত ‘ছফট লেণ্ডিং’ কৰিবলৈ সক্ষম হ’ব আৰু সেয়া হৈ পৰিব ভাৰতৰ বাবে এক ইতিহাস৷