Logo
image

ইছৰোৰ অবিশ্বাস্য সাফল্যৰ আঁৰত দক্ষিণৰ ৫ বিজ্ঞানী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ আগষ্টঃ চন্দ্ৰৰ কুমেৰু বিজয় কৰি বিশ্বৰ মহাকাশ বিজ্ঞান আৰু চন্দ্ৰ অভিযানৰ সফল অভিজাত ক্লাবত ভাৰতক অন্তৰ্ভুক্ত কৰাৰ আঁৰত ১০০০ৰো অধিক ভাৰতীয় বিজ্ঞানী আৰু প্ৰযুক্তিবিদৰ অবদান আছে৷ তাৎপৰ্যপূৰ্ণভাৱে এই  সহস্ৰাধিক বিজ্ঞানী আৰু প্ৰযুক্তিবিদৰ গৰিষ্ঠসংখ্যকেই হৈছে দাক্ষিণাত্যৰ বিজ্ঞানী আৰু প্ৰযুক্তিবিদ৷ এই সহস্ৰাধিক বিজ্ঞানী আৰু প্ৰযুক্তিবিদৰ নেতৃত্ব প্ৰদান কৰি ভাৰতৰ চন্দ্ৰ অভিযান সফল কৰি তোলাৰ আঁৰত মুঠতে পাঁচজন বিজ্ঞানী তথা প্ৰযুক্তিবিদৰ সিংহভাগ অৱদান আছে৷ আচৰিত যেন লাগিলেও চন্দ্ৰ অভিযানক নেতৃত্ব প্ৰদান কৰা এই পাঁচজন বিজ্ঞানীও দক্ষিণ ভাৰতৰ৷ যাৰ নেতৃত্ব অবিহনে ভাৰতৰ চন্দ্ৰযান-৩ৰ অভিযান সফল নহ’লহেঁতেন, তেওঁলোক হ’ল ক্ৰমে– এছ সোমনাথ, ইছৰ’ৰ অধ্যক্ষ, পি ভেৰামুথুভেল, অভিযান সঞ্চালক, ইউ উন্নিকৃষ্ণণ নায়াৰ, বিক্ৰম ছাৰাভাই মহাকাশ কেন্দ্ৰৰ সঞ্চালক, এম শংকৰণ, ইউ আৰ ৰাও ছেটেলাইট কেন্দ্ৰৰ সঞ্চালক আৰু এ ৰাজাৰাজন, লান্স অথ’ৰাইজেন ব’ৰ্ডৰ সঞ্চালক৷ 

এছ সোমনাথঃ চন্দ্ৰযান-৩ৰ অভিযানৰ সূচনাৰ পৰা ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথ এতিয়া দেশৰ ঘৰে ঘৰে পৰিচিত নাম৷ বাংগালোৰৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স’ৰ পৰা এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী সোমনাথ ‘লিকুইড প্ৰপালছন ছিষ্টেম চেণ্টাৰৰো মুৰব্বী৷ কোৱা বাহুল্য মাথোঁ, চন্দ্ৰযান-৩ৰ সাফল্যৰ ক্ষেত্ৰত এই দুয়োটা প্ৰতিষ্ঠানৰে প্ৰধান ভূমিকা আছে৷ এই সোমনাথ হৈছে ‘লান্স ভেহিকল’ অৰ্থাৎ মহাকাশলৈ যান প্ৰেৰণ কৰা ৰকেট নিৰ্মাণৰ বিশেষজ্ঞ৷ এইবাৰ চন্দ্ৰযান-৩ক প্ৰেৰণ কৰা ‘লান্স ভেহিকল মাৰ্ক--৩’ৰ নিৰ্মাণো তেওঁৰ নেতৃত্বতে হোৱা৷ চন্দ্ৰত ভাৰতৰ সফল অভিযানৰ নেতৃত্ব দিয়াৰ বাবে তেওঁৰ নাম চিৰযুগমীয়া হৈ ৰ’ব৷ 

পি ভেৰামুথুভেলঃ পি ভেৰামুথুভেল হৈছে চন্দ্ৰযান-৩ৰ মিছন ডাইৰেক্টৰ বা প্ৰকল্প সঞ্চালক৷ তামিলনাডুৰ ভিলুপুৰমৰ ভেৰামুথুভেল আই আই টি মাদ্ৰাজৰ পৰা উত্তীৰ্ণ প্ৰযুক্তিবিদ৷ চন্দ্ৰযান-৩ৰ মূল অভিযানৰ পৰিচালনা তেওঁৰ নেতৃত্বতে সম্পন্ন হৈছে৷

ইউ উন্নিকৃষ্ণণ নায়াৰঃ ‘বিক্ৰম ছাৰাভাই স্পেচ চেণ্টাৰ’ৰ সঞ্চালক, কেৰালাৰ উন্নিকৃষ্ণণ নায়াৰ মূলতঃ ৰকেট বিজ্ঞানী আৰু ভাৰতৰ ‘লান্স ভেহিকল মাৰ্ক-৩’ৰ নিৰ্মাণৰ নেতৃত্ব তেঁৱেই বহন কৰিছিল৷ চন্দ্ৰযানৰ প্ৰদক্ষিণৰ প্ৰযুক্তিও উন্নিকৃষ্ণণৰ নেতৃত্বতে সম্পন্ন হৈছে৷ 

এছ শংকৰঃ এছ শংকৰণ ‘ইউ এছ ৰাও ছেটেলাইট চেণ্টাৰ’ৰ সঞ্চালক, যি কৃত্ৰিম উপগ্ৰহ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছে৷ চন্দ্ৰযান-৩ৰ লেণ্ডাৰ আৰু ৰ’ভাৰ শংকৰণৰ নেতৃত্বতে নিৰ্মাণ হৈছে৷

এ ৰাজাৰাজনঃ ‘সতীশ ধাৱান স্পেচ চেণ্টাৰ’ৰ সঞ্চালক এ ৰাজাৰাজনৰ নেতৃত্বত চন্দ্ৰযান-৩ক উৎক্ষেপণ কৰা হৈছে৷ তেওঁৰ মূল দায়িত্ব আছিল চন্দ্ৰযান-৩ৰ ‘ডিজাইন এণ্ড ডেভলপমেণ্ট’ৰ৷