Logo
image

এতিয়া চন্দ্ৰপৃষ্ঠত কি কৰিব ৰ’ভাৰ প্ৰজ্ঞানে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ আগষ্টঃ চন্দ্ৰপৃষ্ঠত সফল অৱতৰণৰ পাছত কি? কি কৰিব ৰ’ভাৰ প্ৰজ্ঞানে? লেণ্ডাৰ বিক্ৰমৰ কাম ইমানতে শেষ নেকি? এতিয়া অনুসন্ধিৎসুক এই প্ৰশ্নই আমনি কৰিছে৷ চন্দ্ৰপৃষ্ঠত বিক্ৰমৰ সফল অৱতৰণৰ পাছত লেণ্ডাৰ মডিউল আৰু ৰ’ভাৰ  মডিউল [প্ৰজ্ঞান] দুয়োটাৰ কাম আৰম্ভ হ’ব৷ অৱশ্যে তাৰ পূৰ্বে দুয়ো বিশ্ৰাম ল’ব ৪ ঘণ্টা৷ তাৰ পাছতেই ১৭০০ কিলোগ্ৰাম ওজনৰ লেণ্ডাৰ বিক্ৰমৰ বুকুৰ মাজৰ পৰা ওলাই আহিব ২৬ কিলোগ্ৰাম ওজনৰ প্ৰজ্ঞান৷ বিক্ৰম স্থিৰ হ’লেও প্ৰজ্ঞান সচল৷ প্ৰজ্ঞান চন্দ্ৰপৃষ্ঠলৈ নামি আহিব এটা এঢলীয়া পথেৰে৷ নিজৰ ৬টা চকাৰ সহায়ত প্ৰতি ছেকেণ্ডত ১ ছেণ্টিমিটাৰ গতিত প্ৰজ্ঞানে ইফাল সিফাল কৰিব৷ ইয়াৰ এই গতিৰ বাবে শক্তি যোগান ধৰিব সূৰ্যই৷ সেয়ে অহা ১৪ দিন, অৰ্থাৎ চন্দ্ৰত সূৰ্যৰ পোহৰ থকালৈকেহে প্ৰজ্ঞান স্বচ্ছল হৈ থাকিব৷ চন্দ্ৰৰ মাটিত প্ৰজ্ঞানে আঁকি দিব ভাৰতৰ পতাকা৷ অৱশ্যে একেলগে বিক্ৰম আৰু প্ৰজ্ঞানে পৰস্পৰৰ ফটোও তুলিব, নিজ নিজ শৰীৰত থকা একাধিক কেমেৰাৰে৷ প্ৰজ্ঞানে সংগ্ৰহ কৰা সকলো তথ্য বিক্ৰমলৈ প্ৰেৰণ কৰিব আৰু বিক্ৰমে সেয়া প্ৰেৰণ কৰিব ‘গ্ৰাউণ্ড কণ্ট্ৰল’ অৰ্থাৎ ইছৰ’লৈ৷ ইতিমধ্যে অৱতৰণৰ খন্তেক পাছতে বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুৰ একাধিক ফটো ইছৰ’লৈ প্ৰেৰণ কৰিছে৷ 

বিক্ৰম আৰু প্ৰজ্ঞানৰ সৈতে প্ৰেৰণ কৰা হৈছে ঘাইকৈ ৪টা ‘পে-লোড’ বা যন্ত্ৰ৷ নাম হৈছে ৰম্ভা, চেষ্টে, ইলছা আৰু এৰে৷ ইয়াৰ ৰম্ভা হৈছে ‘ৰেডিঅ’ এনাটমী অৱ মুনবাউণ্ড হাইপাৰছেনচিটিভ আয়নোস্ফিয়াৰ এণ্ড এটমস্ফিয়াৰ’৷ ৰম্ভাই চন্দ্ৰৰ বুকুত সূৰ্যৰ পৰা অহা ৰশ্মিৰ ভিতৰৰ প্লাজমা কণাৰ ঘনত্ব, পৰিমাণ আৰু পৰিৱৰ্তন নিৰীক্ষণ কৰিব৷ চেষ্টেই [চন্দ্ৰ’জ ছাৰফেচ থাৰ্মোফিজিকেল এক্সপেৰিমেণ্ট [জুখি চাব চন্দ্ৰপৃষ্ঠৰ তাপমাত্ৰা আৰু জলকণাৰ অস্তিত্ব৷ ইলছাই [ইনষ্ট্ৰুমেণ্ট ফৰ লুনাৰ ছিছমিক এক্টিভিটি] অৱতৰণস্থলৰ চৌপাশৰ মাটিৰ কম্পন সক্ৰান্তীয় তথ্য পৰীক্ষা কৰিব৷ আনহাতে এৰেই [লেজাৰ ৰেট্ৰোৰিফ্লেক্টৰ] চন্দ্ৰৰ গতিশীলতা আৰু চন্দ্ৰৰ দক্ষিণ মেৰুৰ পৰা পৃথিৱীৰ নিকটতম স্থানৰ দূৰত্ব জুখিব৷ ১৪ দিনৰ অন্তত সূৰ্যৰ পোহৰ শেষ হ’লে চন্দ্ৰৰ অন্ধকাৰ অঞ্চলত চিৰদিনৰ বাবে নিদ্ৰাৰ কোলাত ঢলি পৰিব বিক্ৰম আৰু প্ৰজ্ঞান৷ দুয়ো আৰু কোনোদিনেই সেই নিদ্ৰাৰ পৰা সাৰ পাই নুঠিব৷