Logo
image

নতুন প্ৰজন্মই চন্দ্ৰত পৰ্যটনৰ স্বপ্ন দেখিব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ আগষ্টঃ চন্দ্ৰমামা এতিয়া বহুদূৰত নাই৷ চন্দ্ৰ মামা এতিয়া মাত্ৰ এটা ট্যুৰহে৷ নতুন প্ৰজন্মই এতিয়া চন্দ্ৰত পৰ্যটনৰ স্বপ্ন দেখিব৷ – এই ভাষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ বুধবাৰে জোনবাইৰ দেশত চন্দ্ৰযান-৩ৰ ঐতিহাসিক তথা সফল অৱতৰণৰ পাছত দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গৰ পৰা ইছৰ’ৰ বিজ্ঞানীসকলক অভিনন্দন জনাই এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ তেওঁ আৰু কয়– দেশত এতিয়া চলিছে অমৃত কাল৷ এয়া নতুন ভাৰত উদ্‌যাপন কৰাৰ সময়৷ কোনো নাগৰিকে যেতিয়া দেশে এনে ইতিহাস সৃষ্টি কৰা দেখিবলৈ পায় তেতিয়া তেওঁৰ জীৱন ধন্য হৈ পৰে৷ এই মুহূৰ্ত অভূতপূৰ্ব৷ এই মুহূৰ্ত বিকশিত ভাৰতৰ শংখবাদ মুহূৰ্ত; ভাৰতৰ উদ্‌যাপনৰ মুহূৰ্ত৷ এইটোৱেই হৈছে চন্দ্ৰপক্ষত বিজয়ৰ খোজ দিয়াৰ মুহূৰ্ত৷ ১৪০ কোটি হৃদয়ৰ শক্তিৰ মুহূৰ্ত৷ পৃথিৱীত লোৱা সংকল্প চন্দ্ৰত আজি বাস্তৱায়িত হৈছে৷ টীম চন্দ্ৰযান-ইছৰ’ আৰু সকলো বিজ্ঞানীলৈ অভিনন্দন৷ ইয়াৰ বাবে তেওঁলোকে বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰি আছিল৷ অভিযানৰ এই সাফল্যই ভাৰতৰ সীমনাক চন্দ্ৰৰ কক্ষপথৰে বাহিৰলৈ লৈ যাব৷ আমি আমাৰ সৌৰজগতৰ সীমা পৰীক্ষা কৰিম আৰু জনতাই বিশ্বব্ৰহ্মাণ্ডৰ অসীম সম্ভাৱনা উপলব্ধি কৰিবলৈ আমি কাম কৰিব লাগিব৷ আমি ভৱিষ্যতৰ বাবে একাধিক বৃহৎ আৰু অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে৷ শীঘ্ৰেই ইছৰ’য়ে সূৰ্যৰ বিশদ অধ্যয়নৰ বাবে ‘আদিত্য এল-ৰ’ অভিযান আৰম্ভ কৰিব৷ ইয়াৰ পিছত শুক্ৰ গ্ৰহ ইছৰ’ৰ অন্যতম লক্ষ্য৷ গগণযানৰ জৰিয়তে দেশখনে প্ৰথমটো মানৱ মহাকাশ অভিযানৰ বাবেও সম্পূৰ্ণৰূপে সাজু হৈছে৷ ভাৰতে বাৰে বাৰে প্ৰমাণ কৰি আহিছে যে সীমা আকাশৰো ঊধবৰ্ত৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা হৈছে দেশৰ উজ্জ্বল ভৱিষ্যতৰ আধাৰ৷ সেইবাবেই দেশে এই দিনটোক চিৰদিনৰ বাবে মনত ৰাখিব৷ এই দিনটোৱে পৰাজয়ৰ পৰা আমাক সকলোকে উজ্জ্বল ভৱিষ্যতৰ দিশত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰক৷ এই দিনটোৱে আমাৰ সংকল্প সাধনৰ পথ দেখুৱাব৷ পৰাজয়ৰপৰা শিক্ষা লৈ কেনেকৈ বিজয় লাভ কৰা হয়, তাৰেই প্ৰতীক এই দিনটো৷  আমাৰ বিজ্ঞানীসকলৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ ফলশ্ৰুতিত আজি ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হৈছে, যি স্থানত আজিলৈকে বিশ্বৰ কোনো দেশেই উপনীত হ’ব পৰা নাছিল৷ এতিয়া, আজিৰপৰা চন্দ্ৰ সম্পৰ্কীয় কৌতূহলবোৰ সলনি হ’ব, চন্দ্ৰক লৈ কাহিনীও সলনি হ’ব, নতুন প্ৰজন্মৰ বাবেও সলনি হ’ব আশ্চৰ্যৰাজি৷ ভাৰতত আমি সকলোৱে ধৰণীক মাতৃ আৰু চন্দ্ৰক মামা বুলি কওঁ৷ এসময়ত কোৱা হৈছিল যে চন্দ্ৰ মামা বহুত দূৰত থাকে৷ এতিয়া এনে এটা দিনো আহিব যেতিয়া শিশুসকলে ক’ব– চন্দ্ৰ মামা মাথোঁ এটা ভ্ৰমণৰ দূৰতে আছে৷ এই আনন্দৰ মুহূৰ্তত মই বিশ্বৰ সকলো জনতা, প্ৰতিখন দেশ আৰু প্ৰতিটো অঞ্চলৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ৷ ভাৰতৰ সফল চন্দ্ৰ অভিযান অকল ভাৰতৰেই নহয়৷ এই বছৰত বিশ্বই ভাৰতৰ জি-২০ৰ অধ্যক্ষতা কৰা প্ৰত্যক্ষ কৰিছে৷ আমাৰ এখন বিশ্ব, এটা পৰিয়াল, এটি ভৱিষ্যতৰ দৃষ্টিভংগীৰ সমগ্ৰ বিশ্বতে অনুৰণন ঘটিছে৷ আমি প্ৰতিনিধিত্ব কৰা  এই মানৱকেন্দ্ৰিক  দৃষ্টিভংগীক সাৰ্বজনীনভাৱে আদৰণি জনোৱা হৈছে৷ গতিকে এই সফলতা সমগ্ৰ মানৱ জাতিৰে সফলতা৷ ই ভৱিষ্যতে আন দেশৰ চন্দ্ৰ অভিযানত সহায় কৰিব৷ মোৰ বিশ্বাস যে গ্ল’বেল ছাউথৰ দেশসমূহকে প্ৰমুখ্য কৰি বিশ্বৰ সকলো দেশেই এনে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হ’ব৷ আমি সকলোৱে চন্দ্ৰ আৰু ইয়াৰোধিক অভিযানৰ আকাংক্ষা কৰিব পাৰোঁ৷ আমি চকুৰে বিৰল ইতিহাস ৰচনা হোৱা প্ৰত্যক্ষ কৰিলেই জীৱন ধন্য হয়৷ এনে ঐতিহাসিক ঘটনা ৰাষ্ট্ৰৰ জনজীৱনৰ চিৰন্তন চেতনা হৈ পৰে৷ এই মুহূৰ্তটো পাহৰিব নোৱাৰি৷ এই মুহূৰ্ত অভূতপূৰ্ব৷ এই মুহূৰ্তটোৱেই হৈছে এখনি উন্নত ভাৰতৰ শংখনাদ৷ এয়া এখনি নব্য ভাৰতৰ উদ্‌যাপনৰ মুহূৰ্ত৷ প্ৰত্যাহ্বানৰ মহাসাগৰ পাৰ হোৱাৰ এই মুহূৰ্ত৷ এই মুহূৰ্তত চন্দ্ৰ জয়ৰ পথত অগ্ৰসৰ হৈছে৷ এই মুহূৰ্তটো ১৪০ কোটি জনসাধাৰণৰ শক্তিৰ প্ৰতিফলন৷ এয়া ভাৰতৰ নতুন শক্তি, নতুন বিশ্বাস, নতুন চেতনাৰ মুহূৰ্ত৷ ভাৰতৰ উত্থানশীল ভাগ্যক আহ্বান জনোৱাৰ এই মুহূৰ্ত৷ অমৃত কালৰ প্ৰথম সফলতা৷ আমি এটা সংকল্প লৈছিলোঁ আৰু চন্দ্ৰৰ ক্ষেত্ৰত এয়া সম্ভৱ কৰি তুলিলোঁ৷ আমাৰ বৈজ্ঞানিক সতীৰ্থসকলেও কৈছে যে ভাৰতে এতিয়া চন্দ্ৰত অৱস্থান কৰিছে৷ আজি আমি মহাকাশত নব্য ভাৰতৰ নতুন উত্থানৰ সাক্ষী হৈছে৷ বৰ্তমান মই ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকাত আছো৷ কিন্তু, প্ৰতিগৰাকী দেশবাসীৰ দৰে মোৰ মনটোও চন্দ্ৰযান মহাঅভিযানত কেন্দ্ৰীভূত হৈ আছিল৷ নতুন ইতিহাস ৰচনা হোৱাৰ লগে-লগে প্ৰতিজন ভাৰতীয় আনন্দত আত্মহাৰা হৈ উঠিছে, ঘৰে ঘৰে উদ্‌যাপন হৈছে৷ ময়ো হৃদয়ৰপৰা দেশবাসীৰ সৈতে, পৰিয়ালৰ লোকৰ সৈতে উৎসাহেৰে সংযুক্ত হৈ আছো৷ এই মুহূৰ্তৰ বাবে বছৰবছৰ ধৰি কঠোৰ শ্ৰম কৰি অহা টীম চন্দ্ৰযান, ইছৰ’ আৰু দেশৰ সকলো বিজ্ঞানীক আন্তৰিক অভিনন্দন জনাইছোঁ৷ উদ্যম, উৎসাহ, আনন্দ আৰু আৱেগেৰে ভৰা এই বিৰল মুহূৰ্তৰ বাবে দেশৰ ১৪০ কোটি জনতাক অভিনন্দন৷