Logo
image

চন্দ্ৰত কেনেকৈ মাটি কিনিব? দামেই বা কিমান

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ আগষ্টঃ সমগ্ৰ বিশ্বতে চমক সৃষ্টি কৰি অৱশেষত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিলে ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা চমুকৈ ইছৰ’ৱে প্ৰেৰণ কৰা চন্দ্ৰযান-৩৷ যুগান্তকাৰী ইতিহাস ৰচি চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ অৱতৰণৰ লগে লগে চন্দ্ৰৰ ভূ-পৃষ্ঠক লৈ পুনৰ চৰ্চা লাভ কৰা দেখা গৈছে৷    ইণ্টাৰনেটতো চন্দ্ৰত মাটি ক্ৰয়ৰ অনুসন্ধানে এতিয়া ট্ৰেণ্ডিঙত উঠিছে৷ কিন্তু সঁচাকৈ জানো চন্দ্ৰত মাটি ক্ৰয় কৰিব পাৰি৷ শুনিলে আচৰিত যেন লাগিলেও মাত্ৰ ৪২ ইউএছ ডলাৰতে চন্দ্ৰৰ বিক্ৰী হৈ আছে মাটি৷ এটা মাৰ্কিন সংস্থাই অনলাইনত চন্দ্ৰৰ মাটি বিক্ৰী কৰি আহিছে৷ বিভিন্নজেন নিজৰ লগতে বিবাহ বাৰ্ষিকী, সন্তানৰ জন্মদিন আদিত চন্দ্ৰত মাটি ক্ৰয় কৰি পঞ্জীয়ন প্ৰমাণ-পত্ৰ আপোনজনক উপহাৰ দি আহিছে৷ এনে খবৰে সংবাদ শিৰোনামো দখল কৰিছে৷ আমেৰিকাৰ তিনি প্ৰাক্তন ৰাষ্ট্ৰপতিৰ লগতে বলীউডৰ কিং খান শ্বাহৰুখ খান আৰু প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ নামতো আছে চন্দ্ৰত মাটি৷ অৱশ্যে চন্দ্ৰৰ মাটিৰ অঞ্চল বিশেষে দাম বেলেগ বেলেগ৷ বে অৱ ৰেইনব’, ছী অৱ ৰেইনছ, লেক অৱ ড্ৰিমছ, ছী অৱ চেৰিনিটী আদি বিভিন্ন নামযুক্ত স্থানৰ পৰা পচন্দ অনুসৰি মাটি ক্ৰয় কৰিব পাৰি৷ অৱশ্যে অনলাইনত সংস্থাটোৱে ভাৰ্ছুৱেলী চন্দ্ৰৰ মাটি বিক্ৰী কৰিলেও বাস্তৱত সেই মাটিৰ গৰাকী আপুনি হ’ব নোৱাৰে৷ ১৯৬৭ চনৰ ‘আউটাৰ স্পেচ ট্ৰিটি’ অনুসৰি কোনো ৰাষ্ট্ৰ বা ব্যক্তিয়ে চন্দ্ৰ অথবা আন গ্ৰহত নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে৷ বিশ্বৰ কল্যাণৰ বাবে চন্দ্ৰত অধ্যয়ন চলাব পাৰে যদিও চন্দ্ৰত  মালিকীস্বত্ব সাব্যস্ত কৰিব নোৱাৰে৷ ছোভিয়েট ইউনিয়ন, আমেৰিকা¸ যুক্তৰাষ্ট্ৰই স্বাক্ষৰ কৰা বাহ্যিক মহাকাশ সন্ধি নামেৰে জনাজাত এই সন্ধিত ভাৰতৰ লগতে ১০৯খন দেশেও স্বাক্ষৰ কৰিছে৷ ১৯৬৯ চনতো ৰাষ্ট্ৰসংঘই ‘মুন এগ্ৰিমেণ্ট’ নামেৰে এখন চুক্তি স্বাক্ষৰ হৈছিল৷ এই চুক্তিতো চন্দ্ৰত কেৱল মানৱজাতিৰ কল্যাণৰ বাবে পৰীক্ষা-নিৰীক্ষাৰ সন্মতি দিয়া হৈছিল৷ অৱশ্যে এই চুক্তিত ভাৰত, ফ্ৰান্সসহ মাত্ৰ ১১খন ৰাষ্ট্ৰইহে স্বাক্ষৰ কৰে৷ ৰাষ্ট্ৰসংঘৰ এই চুক্তিৰ পাছতেই আমেৰিকাৰ ‘লুনাৰ এম্বেচি’ নামৰ সংস্থাটোৰ স্বত্বাধিকাৰী ডেনিছ হোপে ১৯৮০ চনত চন্দ্ৰৰ ভূমি আৰু খনিজ সম্পদৰ মালিকীস্বত্ব বিচাৰি ৰাষ্ট্ৰসংঘলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ কিন্তু ৰাষ্ট˜সংঘৰ পৰা এই পত্ৰৰ কোনো উত্তৰ লাভ নকৰাত ইয়াকে ৰাষ্ট্ৰসংঘৰ সন্মতি হিচাপে ধৰি লৈ নিজকে গেলেক্টিক চৰকাৰৰ অধ্যক্ষ ঘোষণা কৰি ডেনিছ হোপে চন্দ্ৰৰ মাটি বিক্ৰী কৰি আহিছে৷ সেই অনুসৰি দি লুনাৰ ৰেজিষ্ট্ৰী নামৰ ৱেবছাইটৰ জৰিয়তে বিশ্বৰ যিকোনো ব্যক্তিয়ে আবেদন কৰি চন্দ্ৰৰ মাটি ক্ৰয় কৰিব পাৰে৷ ৱেবছাইটত প্ৰয়োজনীয় নথি-পত্ৰ দি নিৰ্দিষ্ট ভূমি পচন্দ কৰাৰ পাছতেই মাটি ক্ৰয় কৰিব পাৰিব৷ প্ৰতিষ্ঠানটোৱে মাটি ক্ৰয় কৰাৰ প্ৰমাণ-পত্ৰও প্ৰদান কৰে আবেদনকাৰীক৷ চন্দ্ৰৰ মাটিৰ প্ৰতি একৰত দাম হৈছে ন্যূনতম ৩৭.৫০ মাৰ্কিন ডলাৰ৷ অৰ্থাৎ ভাৰতীয় মূল্য হিচাপত চন্দ্ৰৰ এক একৰ মাটিৰ দাম হৈছে ৩,০৯৪ টকা৷ ৫০০ একৰতকৈ অধিক মাটি ক্ৰয় কৰিলে ইএমআইৰ জৰিয়তেও ধন পৰিশোধ কৰিব পাৰিব৷ ‘লুনাৰ এম্বেচি’ নামৰ সংস্থাটোৰে বৰ্তমানলৈ চন্দ্ৰৰ ৬১ কোটি ১০ লাখ একৰ মাটি বিক্ৰী কৰি ধন অৰ্জন কৰিছে৷ বলীউডৰ কিং খান শ্বাহৰুখ খানকো ইতিপূৰ্বে জন্মদিনৰ উপহাৰ হিচাপে অষ্ট্ৰেলিয়াৰ এগৰাকী মহিলা অনুৰাগীয়ে চন্দ্ৰৰ মাটি উপহাৰ দিছে৷ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে ২০১৮ চনৰ ২৫ জুনত চন্দ্ৰৰ ভূমি ‘মাংস্কোডি সাগৰ’ৰ পৰা এক একৰ মাটি ক্ৰয় কৰিছিল৷ অভিনেতাজনে সেই সময়ত ৪২.৫ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত ৩,৪৩০ টকা পৰিশোধ কৰি এই ভূমি ক্ৰয় কৰিছিল৷ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ ডব্লিই বুশ্ব, জিম্মী কাৰ্টাৰ আৰু ৰণাল্ডো ৰেগানে চন্দ্ৰৰ ভূমি ক্ৰয় কৰিছিল৷