Logo
image

ৰীমা বৰাৰ ‘অনুনাদ’লৈ শ্ৰেষ্ঠ সামাজিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা, ‘অনুৰ’লৈ ৰজত কমল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ আগষ্টঃ ৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা বৃহস্পতিবাৰে ঘোষণা কৰা হয়৷ ৰাজ্যৰ বাবে সুখবৰ যে এইবাৰ অসমলৈ আহিছে মুঠ ৬টাকৈ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা৷ প্ৰবীণ শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা৷ ‘ব্ৰিজ’খ্যাত পৰিচালক কৃপাল কলিতাৰ ‘হাতীবন্ধু’ ছবিৰ বাবে কুলদা কুমাৰ ভট্টাচাৰ্যই লাভ কৰিছে এই সন্মান৷ পৰিচালক ৰীমা বৰাৰ ‘অনুনাদঃ দ্য ৰিছনেন্স’ লৈ আগবঢ়োৱা হৈেছ সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা৷ ছবিখনৰ প্ৰযোজনা অসম চলচ্ছিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ৷ ইয়াৰ পূৰ্বে অক্ষয় কুমাৰ অভিনীত ‘পেডমেন’ শীৰ্ষক ছবিখনে লভ কৰিছিল এই বঁটা৷ কাহিনীচিত্ৰ শাখাত মঞ্জুল বৰুৱা পৰিচালিত ‘অনুৰ’লৈ ৰজত কমল বঁটা আগবঢ়োৱা হৈছে৷ ছবিখনৰ প্ৰযোজনা ডাঃ গোপেন্দ্ৰ মোহন দাসৰ৷ শ্ৰেষ্ঠ মিছিং ছবিৰ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা লাভ কৰিছে বিশ্বজিৎ বৰা পৰিচালিত ‘বুম্বা ৰাইড’এ৷ ছবিখনৰ প্ৰযোজনা লুইত কুমাৰ বৰ্মন, বিশ্বজিৎ বৰা, বিনোদলাল দাস আৰু কৌশিক হাজৰিকাৰ৷ নন ফিচাৰ শাখাত তিৱা ছবি Fire on edge লৈ এন্থপল’জিকেল ছবিৰ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা আগবঢ়োৱা হৈছে৷ ছবিখনৰ পৰিচালনা প্ৰণৱজ্যোতি ডেকাৰ৷ সেইদৰে ননফিচাৰ শাখাত কুলদা কুমাৰ ভট্টাচাৰ্যলৈ ‘হাতীবন্ধু’ৰ বাবে শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা আগবঢ়োৱা হৈছে৷ আনহাতে মঞ্জুল বৰুৱা পৰিচালিত ‘অনুৰ’ ছবিত অভিনয়ৰ বাবে অভিনেত্ৰী ডাঃ জাহানাৰা বেগমলৈ আগবঢ়োৱা হৈছে  জুৰিৰ বিশেষ উল্লেখ সন্মান৷