Logo
image

হাইকমাণ্ডৰ সাক্ষাৎ নোপোৱালৈকে দিল্লীতে অপেক্ষা কৰিব গোহাঁয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৫ আগষ্টঃ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰদেশ বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ অপেক্ষাৰ কেতিয়া অন্ত পৰিব? বিগত চাৰিদিন ধৰি নতুন দিল্লীত বাহৰ পাতি থকা ৰাজেন গোহাঁইয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাত পাবলৈ সক্ষম হ’ব নে? উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰাৰ লগতে তেওঁৰ নেতৃত্বৰ প্ৰতি অনাস্থা প্ৰকাশ কৰাৰ পিছতে দলৰ হাইকমাণ্ডৰ ৰোষত পৰে চাৰিবাৰৰ সাংসদজনে৷ মুখ্যমন্ত্ৰীৰ নেতৃত্বৰ প্ৰতি অনাস্থা প্ৰকাশ কৰি গোহাঁইয়ে অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ কেবিনেট মৰ্যদা সম্পূৰ্ণ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে৷ ইয়াৰ পিছতো মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে  আক্ৰমণাত্মক স্থিতি অব্যাহত ৰখাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যালয়ৰ পৰা ফোন কৰি গোহাঁইক নতুন দিল্লীৰৈ জৰুৰীভাৱে তলব কৰা হয়৷ এই তলবৰ পিছতে ৰাজেন গোহাঁই দেওবাৰে বিয়লি নতুন দিল্লীত উপস্থিত হয়৷ অমিত শ্বাহে সোমবাৰে ৰাজেন গোহাঁইক সাক্ষাৎ কৰিব বুলি বাৰ্তা প্ৰেৰণ কৰা হয় যদিও বৃহস্পতিবাৰে নিশা বাতৰি লিখা পৰলৈ এই সাক্ষাৎ হৈ উঠা নাই৷ ফলত অসম ভৱনৰ ২২৪ নম্বৰ কোঠাতে এই সাক্ষাতৰ আশা বুকুত বান্ধি সময় অতিবাহিত কৰিবলৈ বাধ্য হৈছে বিজেপিৰ প্ৰবীণ নেতাজনে৷ উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ নগাঁও লোকসভা সমষ্টি বদৰুদ্দিন আজমলৰ হাতত তুলি দিয়া বুলি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল গোহাঁইয়ে৷ নগাঁও লোকসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত এই সমষ্টিটো বিজেপিৰ হাতৰ পৰা আজমলৰ হাতলৈ যোৱা বুলি অভিযোগ কৰিছিল তেওঁ৷ আৰু যাৰ সম্পূৰ্ণ দোষ জাপি দিছিল মুখ্যমন্ত্ৰীৰ ওপৰত৷ দলৰ এজন প্ৰবীন নেতা হোৱা স্বত্বেও সংবাদ মাধ্যমৰ আগত বাৰম্বাৰ দল আৰু চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰি থকা বিষয়টোক সহজভাৱে লোৱা নাই বিজেপি হাইকমাণ্ডে৷ অৱশ্যে অমিত শ্বাহে সাক্ষাত নকৰা পৰ্যন্ত নতুন দিল্লীত বাহৰ পাতি অপেক্ষা কৰিব বুলি সদৰি কৰিছে প্ৰাক্তন সাংসদজনে৷ যিহেতু দলৰ হাইকমাণ্ডে তেওঁক মাতি পঠিয়াইছে সেয়ে হাইকমাণ্ডক সাক্ষাত কৰিহে অসমলৈ উভতিব বুলি মন ঠিৰাং কৰিছে ৰাজেন গোহাঁইয়ে৷