Logo
image

প্ৰতীক্ষাৰ অন্তঃ পাঁচ দিনৰ পাছত অমিত শ্বাহৰ সাক্ষাৎ পালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে

ডিজিটেল ডেস্কঃ প্ৰতীক্ষাৰ যেন অন্ত পৰিল৷ সুদীৰ্ঘ পাঁচ দিন নতুন দিল্লীত বাহৰ পাতি থকাৰ পিছত শুকুৰবাৰে অৱশেষত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ পালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰাৰ সমান্তৰালভাৱে তেওঁৰ ওপৰত সম্পূৰ্ণ অনাস্থা প্ৰকাশ কৰি খাদ্য আৰু অসামৰিক যোগান বিভাগৰ কেবিনেট মৰ্যাদা সম্পন্ন অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতিজনে৷ ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যালয়ৰ পৰা ফোন কৰি গোহাঁইক নতুন দিল্লীলৈ জৰুৰীভাৱে তলব কৰা হয়৷ ইয়াৰ পিছতে দেওবাৰে বিয়লি ৰাজেন গোহাঁই নতুন দিল্লীত উপস্থিত হয়৷ সোমবাৰে অমিত শ্বাহে গোহাঁইক সাক্ষাৎ দিয়াৰ কথা আছিল যদিও এই সাক্ষাতৰ বাবে সুদীৰ্ঘ পাঁচ দিন অসম ভৱনতে বাহৰ পাতি অপেক্ষা কৰিবলগীয়া হয় নগাঁও সমষ্টিৰ চাৰিবাৰৰ সাংসদজনে৷ 

শুকুৰবাৰে অমিত শ্বাহক সাক্ষাৎ কৰাৰ অন্তত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি ৰাজেন গোহাঁয়ে কয়, "আজি পুৱা অমিত শ্বাহৰ পৰা হঠাৎ ফোন আহিলে আৰু দিনৰ ১২ বজাত মোক মাতি পঠিয়ালে৷ অমিত শ্বাহক তেখেতৰ বাসভৱনত লগ ধৰি মোৰ মনৰ কথাখিনি ক’লোঁ৷ তেখেতে খুব ভালকৈ শুনিছে৷ মোৰ কথাখিনি শুনি কি সিদ্ধান্ত লয় তেখেতৰ কথা৷ কিছুমান সাংগঠনিক কথাও আলোচনা হৈছে৷ এই বিষয়ত আগলৈ নিশ্চয় কিবা সিদ্ধান্ত ল’ব বুলি ভাবিছোঁ৷ মই এইবাৰ নিৰ্বাচন খেলাৰ কথা কোৱাই নাই৷ নিৰ্বাচন খেলাৰ কোনো ইচ্ছাও নাই৷ মোৰ স্বাৰ্থত বা নিৰ্বাচনত টিকট বিচাৰি এইখিনি কথা কৈছো যে এনে নহয়৷ মই দলৰ কথা কৈছো৷ দলটো ভাল হৈ থাকিলে আমাৰ সকলোৰে ভাল৷ দলটোৰ যাতে কোনো ক্ষতি নহয় সেয়ে মোৰ মনৰ কথা তেখেতক কৈছোঁ৷ মোক বেয়া ব্যৱহাৰ কৰাৰ কথাটো কৈছোঁ৷ কিন্তু জয়ন্তমল্ল বৰুৱা কোন তেওঁ চিনি নাপায় বুলি ক’লে৷ মোক সুধিলে জয়ন্তমল্ল কোন বুলি৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ লগতে থাকে বুলি ক’লো৷ বিশেষ আৰু একো নকলে৷ অমিত শ্বাহ যথেষ্ট অভিজ্ঞ লোক৷ দলৰ সাংগঠনিক কাম আগৰ পৰা যথেষ্ট কৰি আহিছে৷ মই কি কৈছোঁ, কি কোৱা নাই, কি উদ্দেশ্যৰে কৈছো সেইটো সহজে অনুভৱ কৰিব পাৰে৷ কেবিনেট পদটো উভতাই ল’বলৈ কৈছে৷ কিন্তু মই অধ্যক্ষ পদটো কিয় উভতাই নলও তেখেতক ভালকৈ বুজাই কৈছোঁ৷ মই কিয় নলও বা ল’ব নোৱাৰো কৈছোঁ৷ মোৰ মনৰ কথাখিনি কৈছোঁ৷ যি সিদ্ধান্ত লয় ল’ব৷ ১৫ মিনিটতকৈ বেছি সময় কথা আমি পাতিছোঁ৷"