Logo
image

এইবাৰ মহাকাশলৈ মহিলা ৰবট পঠিয়াব ইছৰোৱে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ আগষ্টঃ চন্দ্ৰযান-৩১ দুৰ্দান্ত সাফল্যত উৎসাহিত ভাৰতে অচিৰেই মহাকাশ অভিযানলৈ মহিলা ৰবট প্ৰেৰণ কৰিব৷ কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে শনিবাৰে এই ঘোষণা কৰিছে৷ এখন সংবাদমেলত তেওঁ কয় যে, অহা অক্টোবৰতে  ভাৰতে মহাকাশ অভিযান চলাব৷ গগনযান নামৰ অভিযানত ইছৰোৱে মহাকাশলৈ এগৰাকী ভাৰতীয় মহিলা ৰবটক প্ৰেৰণ কৰিব৷ সেই ৰবটৰ নাম হৈছে ব্যোমমিত্ৰা৷ কেন্দ্ৰীয় মন্ত্ৰীজনে প্ৰকাশ কৰা অনুসৰি অহা অক্টোবৰৰ প্ৰথম কিম্বা দ্বিতীয় সপ্তাহতে ইছৰোৱে গগনযান উৎক্ষেপন কৰিব৷ অৱশ্যে এইবাৰৰ উৎক্ষেপনতে ব্যোমমিত্ৰাক প্ৰেৰণ কৰা হ’ব নে পৰৱৰ্তী অভিযানত প্ৰেৰণ কৰা হ’ব সেই সন্দৰ্ভত তেওঁ প্ৰথমে নিৰ্দিষ্ট তথ্য উল্লেখ কৰাৰ পৰা বিৰত থাকে৷ তেওঁ কয় যে, ক’ভিড অতিমাৰীৰ বাবে গগনযান প্ৰকল্পটো স্থগিত ৰাখিবলগীয়া হৈছিল৷ এতিয়া কেন্দ্ৰীয় চৰকাৰে থিৰাং কৰিছে অহা অক্টোবৰতে পৰীক্ষামূলকভাৱে সেই প্ৰকল্প আৰম্ভ কৰা হ’ব৷ তেওঁ কয় যে, মহাকাশলৈ নভোচৰক প্ৰেৰণ কৰাটোৰ সমানেই তেওঁলোকক নিৰাপদে পৃথিৱীলৈ ঘুৰাই অনাটোও জৰুৰী৷ সেইবাবেই চৰকাৰে প্ৰথমে মানৱৰ পৰিৱৰ্তে এগৰাকী মহিলা ৰবট প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে৷ সাংবাদিকৰ বাৰম্বাৰ প্ৰশ্নৰ উত্তৰত জিতেন্দ্ৰ সিঙে জনাই যে গগনযানৰ দ্বিতীয় অভিযানতহে ব্যোমমিত্ৰা নামৰ ভাৰতীয় মহিলা ৰবটক মহাকাশলৈ প্ৰেৰণ কৰা হ’ব৷ এই ৰবটত মানুহৰ আচাৰ-আচৰণৰ সকলো বৈশিষ্ট ফুটি উঠিব বুলিও কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে দাবী কৰে৷