Logo
image

কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰাহুল! দাবী গেহলটৰ

আমাৰ অসম’ বিশেষ সেৱা, নতুন দিল্লী, ২৮ আগষ্টঃ দেশৰ শাসকীয় বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ বিৰুদ্ধে ২৬টা বিৰোধী দলে ‘ইণ্ডিয়া’ মিত্ৰজোঁট গঠন কৰিছে৷ ৩১ আগষ্ট আৰু ১ছেপ্টেম্বৰত মুম্বাইত এই মিত্ৰজোঁটৰ দুদিনীয়া বৈঠক অনুষ্ঠিত হ’ব৷ তাতেই সমন্বয়ক আৰু আন আন কমিটী গঠন কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব৷ কিন্তু বিৰোধী দলৰ মিত্ৰজোঁটে কেতবোৰ গুৰুত্বপূৰ্ণ সমস্যাৰ সন্মুখীন হোৱাৰ দিশে আগবাঢ়িছে৷ কাৰণ মিত্ৰজোঁটৰ কেইবাটাও দলে নিজা নিজা নেতাক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিবলৈ জোৰ দিছে৷ পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছে দলৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে থিয় কৰাবলৈ এতিয়াৰে পৰাই জোৰদাৰ প্ৰচাৰ চলাইছে৷ আনহাতে মিত্ৰজোঁটৰ আন এটা দল বিহাৰৰ জনতা দল ইউনাইটেডে নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী কৰিবলৈ দাবী জনাইছে৷ কিন্তু এতিয়া কংগ্ৰেছে দলৰ সাংসদ ৰাহুল গান্ধীক এই পদৰ বাবে প্ৰক্ষেপ কৰে৷ ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা অশোক গেহলটে দাবী কৰে যে বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব ৰাহুল গান্ধী৷ কিন্তু গেহলটৰ মন্তব্যৰ সমান্তৰালকৈ শনিবাৰে জেডিইউৰ নেতা শ্ৰৱণ কুমাৰে মন্তব্য কৰে যে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ জনতাই বিৰোধীৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নীতিশ কুমাৰকহে বিচাৰে৷ অৱশ্যে নীতিশ কুমাৰে এই পদৰ প্ৰতি আগ্ৰহী হয়নে নহয় সেয়া সময়ে ক’ব৷ আনহাতে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ মতেও বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী পদৰ চেহেৰা হ’ব লাগে ৰাহুল গান্ধী৷ গতিকে কথা হ’ল বিৰোধী মিত্ৰজোঁটে কাক এই সুযোগটো দিব?