Logo
image

‘মন কী বাত’ত অসমৰ দৌৰবিদ অম্লানৰে কথা পাতিলে মোদীয়ে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০৪সংখ্যক ‘মন কী বাত’ত আজি অসমৰ দৌৰবিদ অম্লান বৰগোহাঁইক উচ্ছ প্ৰশংসা কৰিলে৷ মন কী বাতৰ কাৰ্যসূচীৰ মাজতে তেওঁ দৌৰবিদৰ সৈতে টেলিফোনিক বাৰ্তালাপো কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়– ‘অলপতে চীনত বল্ড ইউনিভাৰচিটি গেমছ অনুষ্ঠিত হৈছিল৷ এই গেমছত ১১টা গ’ল্ড মেডেলসহ ২৬টা মেডেল লাভেৰে ভাৰতে উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়৷ আজিৰ ‘মন কী বাত’ত ৱল্ড ইউনিভাৰচিটি গেমছত মেডেল জিকা কিছুমান যুৱ খেলুৱৈ মোৰ লগত আছে৷ উত্তৰ প্ৰদেশৰ প্ৰগতিয়ে আৰ্চাৰীত মেডেল জিকিছে৷ অসমৰ অম্লানে এথলেটিকছত মেডেল জিকিলে৷’ ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে টেলিফোনিক লাইনত থকা দৌৰবিদ অম্লান বৰগোহাঁইৰ সৈতে বাৰ্তালাপ কৰে৷ প্ৰধানমন্ত্ৰীয়ে অম্লানক এথলেটিকছ কিয় বাছনি কৰিলে বুলি প্ৰশ্ন কৰে৷ ইয়াৰ উত্তৰত অম্লান বৰগোহাঁইয়ে কয়– ‘তেওঁৰ প্ৰথমতে ফুটবলত আগ্ৰহ আছিল যদিও পিছলৈ এথলেটিকছৰ প্ৰতি আগ্ৰহ বাঢ়ে৷’ ষ্টেট লেভেলত পৰাজিত হোৱাৰ পাছতো পুনৰ উৎসাহী হৈ খেলত আগবঢ়াৰ কথা উল্লেখ কৰি অম্লানে প্ৰধানমন্ত্ৰীৰ উত্তৰত কয় যে প্ৰথমতে তেওঁ হায়দৰাবাদত এথলেটিকছৰ প্ৰশিক্ষণ লৈছিল যদিও বৰ্তমান ভুৱনেশ্বৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে৷ প্ৰধানমন্ত্ৰীয়ে অম্লানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে৷ উল্লেখ্য যে, সমগ্ৰ দেশৰ লগতে আজি অসমতো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ শ্ৰৱণ কৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত উপস্থিত থাকি প্ৰধানমন্ত্ৰীৰ বক্তব্য শুনে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পিযুষ হাজৰিকা, ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় ক্ৰমে পল্লৱলোচন দাস আৰু ডিপ্লু ৰঞ্জন শৰ্মাও উপস্থিত থাকে৷ আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা কমলপুৰ বিধানসভা সমষ্টিত আয়োজিত মন কী বাত অনুষ্ঠানত উপস্থিত থাকে৷ কলিতাই কয়, প্ৰধানমন্ত্ৰীয়ে বক্তব্যৰ জৰিয়তে অসম গৌৰৱ অম্লান বৰগোহাঁইক দেশবাসীৰ আগত পুনৰাই এক স্বীকৃতি দিয়াত অতিকৈ আনন্দিত হৈছোঁ৷ উল্লেখযোগ্য যে আজি দলৰ অনান্য ৰাজ্যিক বিষয়ববীয়া, জিলা বিষয় ববীয়াসকলে নিজ বুথত উপস্থিত থাকি মন কী বাত অনুষ্ঠান শ্ৰৱণ কৰে৷ বিজেপিৰ মেডিকেল চেলৰ উদ্যোগত গুৱাহাটীৰ ১৬নং ৱাৰ্ড আৰু ৯০নং বুথৰ সহযোগত প্ৰথমবাৰৰ বাবে আজি মন কী বাতৰ কাৰ্যসূচী লুইতৰ বুকুতো আয়োজন কৰা হয়৷ সুসজ্জিত জাহাজত উঠি এই মন কী বাত কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিজেপি মেডিকেল চেলৰ সহ আহ৩ায়ক ডাঃ বেদব্ৰত পাঠক, কামৰূপ জিলা বিজেপিৰ সভাপতি তপন দাস, ১৬নং ৱাৰ্ডৰ কাউন্সিলাৰ প্ৰমোদ স্বামী আদিয়ে মন কী বাত শ্ৰৱণ কৰে৷ আজিৰ ‘মন কী বাত’ত প্ৰধানন্ত্ৰীয়ে চন্দ্ৰযান-৩ৰ সফলতাৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক পুনৰ প্ৰশংসা কৰাৰ লগতে অহা ৮-১০ ছেপ্টেম্বৰলৈ ভাৰতত অনুষ্ঠিত হ’বলগীয়া জি-২০ৰ মূল বৈঠকৰ প্ৰস্তুতি সন্দৰ্ভতো উল্লেখ কৰে৷ স্বাধীনতা দিৱসত দেশৰ দহ কোটি নাগৰিকে ৰাষ্ট্ৰীয় পতাকাৰ সৈতে ছেলফি উঠা বুলিও প্ৰধানমন্ত্ৰীয়ে কয়৷

জিলা আয়ুক্তৰে বৈঠক,  বিভিন্ন আঁচনিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে 

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাৰ সভাগৃহত  দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত  জিলা আয়ুক্তসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত অমৃত বৃক্ষ কাৰ্যসূচী, খেল মহাৰণ, সাংস্কৃতিক মহা সংগ্ৰাম, মিছন বসুন্ধৰা, ৰেচন কাৰ্ড প্ৰদান, ধান আৰু সৰিয়হ ক্ৰয়, অৰুণোদয়ৰ হিতাধিকাৰী নিৰ্বাচন, চাহ বাগিচাৰ গৰ্ভৱতী মহিলাক প্ৰদান কৰা এককালীন সাহায্য ইত্যাদি বিষয়সমূহ আলোচনা কৰা হয়৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে ১৭ ছেপ্টেম্বৰত আয়োজন হ’বলগীয়া অমৃত বৃক্ষ কাৰ্যসূচী সফল কৰাৰ দিশত তৃণমূল পৰ্যায়ৰ পৰা সকলোধৰণৰ ব্যৱস্থা সম্পূৰ্ণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে৷ লগতে ১০ অক্টোবৰৰ পৰা হ’বলগীয়া সাংস্কৃতিক মহাসংগ্ৰাম আৰু ১ নৱেম্বৰৰ পৰা হ’বলগীয়া খেল মহাৰণ সফল কৰাৰ দিশত গাঁও পঞ্চায়ত, স্থানীয় সংগঠন, খেলুৱৈ আদিক জড়িত কৰি এই দিশত সকলোধৰণৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ আজিৰ এই বৈঠকত মিছন বসুন্ধৰা সম্পৰ্কত বিস্তৃতভাৱে আলোচনা কৰা হয়৷ মিছন বসুন্ধৰা ২.০১ কাম-কাজসমূহ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কৰাৰ বাবে জিলা আয়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ ৰাজ্যখনত নতুনকৈ ৪০ লাখ হিতাধিকাৰীক সামৰি ৰেচন কাৰ্ড প্ৰদান সন্দৰ্ভত এই বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী জিলা আয়ুক্তৰ পৰা কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷ ৰাজ্যৰ কৃষকসমাজ যাতে উপকৃত হ’ব পাৰে তাৰ বাবে ধান আৰু সৰিয়হ ক্ৰয়ৰ বিষয়টো, অৰুণোদয় আঁচনিত নতুনকৈ সংযোজিত হ’বলগীয়া হিতাধিকাৰীৰ বিষয়টোও আলোচনা কৰা হয়৷ তদুপৰি চাহ বাগিচাৰ গৰ্ভৱতী মহিলাক প্ৰদান কৰা এককালীন সাহায্যৰ দিশটোও মুখ্যমন্ত্ৰীয়ে আলোচনা কৰে৷ উক্তবৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন্ত,  মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, ৰাজহ বিভাগৰ প্ৰধান সচিব জি দি ত্ৰিপাঠী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা প্ৰমুখ্যে অসমৰ চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷