Logo
image

৩২% বাজেট কৰ্তন ইছৰোত পুঁজিৰ সংকট

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৯ আগষ্টঃ যি চন্দ্ৰযানৰ সাফল্যক লৈ ভাৰতবাসী গৌৰৱান্বিত আৰু অহা ২ ছেপ্টেম্বৰত উৎক্ষেপণ কৰিবলগীয়া যি আদিত্য এল-১ উপগ্ৰহক লৈ দেশবাসী উৎসাহিত, সেই অভিযানৰ বাবে মোদী চৰকাৰে চলিত বিত্তীয় বৰ্ষত ৩২ শতাংশ ধন বাজেটত কৰ্তন কৰিছে৷ চন্দ্ৰযানৰ সাফল্য আৰু একে সময়তে সূৰ্য অভিমুখে ইছৰোৱে অভিযান চলাবলৈ প্ৰস্তুত হোৱাৰ সময়ত মোদী চৰকাৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত মহাকাশ অভিযানৰ ধন কৰ্তন কৰাৰ প্ৰসংগ পোহৰলৈ অহাত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে৷ আনহাতে, মোদী চৰকাৰে ২০২৩-২৪ বিত্তীয় বৰ্ষত দেশৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৰ বাজেট পূৰ্বৰ বাজেটতকৈ ৮ শতাংশ কৰ্তন কৰিছে৷ সাধাৰণতে প্ৰত্যেক বিত্তীয় বৰ্ষৰ বাজেট বিজ্ঞান-গৱেষণা ইত্যাদি ক্ষেত্ৰত পূৰ্বৰ বিত্তীয় বছৰতকৈ বৃদ্ধি কৰা হয়৷ কিন্তু মোদী চৰকাৰে চলিত বিত্তীয় বৰ্ষত চন্দ্ৰযান-৩, আদিত্য এল-১ অভিযান আৰু জলবায়ু তথা বায়ুমণ্ডলৰ গৱেষণা সূচীত পূৰ্বৰ বাজেটতকৈ ৩২ শতাংশ ধন হ্ৰাস কৰিলে৷ কি উদ্দেশ্যত মোদী চৰকাৰে মহাকাশ অভিযান তথা জলবায়ু-বায়ুমণ্ডলৰ গৱেষণাৰ ধন এইবাৰ পূৰ্বতকৈ ৩২ শতাংশ কৰ্তন কৰিলে তাৰ কোনো ব্যাখ্যা কেন্দ্ৰীয় চৰকাৰে দিয়া নাই৷ একেদৰে দেশক মহাকাশ বিজ্ঞানৰ সফলতাৰে বিশ্বত উচ্ছস্থানত প্ৰতিষ্ঠা কৰা ইছৰোৰ সামগ্ৰিক বাজেট এইবাৰ কিয় বিগত বৰ্ষতকৈ ৮ শতাংশ হ্ৰাস কৰিলে তাৰো কোনো উত্তৰ নাই৷  প্ৰসংগতঃ ভাৰতৰ চন্দ্ৰযান-৩ৰ বাবে লান্সপেড আৰু অন্যান্য সৰঞ্জাম তৈয়াৰ কৰা কেন্দ্ৰীয় গুৰু উদ্যোগ মন্ত্ৰণালয়ৰ অধীনষ্ঠ প্ৰতিষ্ঠান এইছ ই চিয়ে সঠিক সময়ত নিৰ্মাণ কৰি যোগান ধৰা সত্ত্বেও এই চৰকাৰী প্ৰতিষ্ঠানটোৰ বিজ্ঞানী আৰু প্ৰযুক্তিবিদে ১৭ মাহ ধৰি দৰমহা নোপোৱাকৈ থকাৰ বিষয়টো চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ পাছতে দেশৰ মিডিয়াত ব্যাপক চৰ্চা হৈছিল৷ তেনেদৰে এতিয়া চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাছত ইছৰোৰ বাজেটৰ  ৮ শতাংশ ধন কৰ্তন কৰা আৰু চন্দ্ৰযান-৩, আদিত্য এল-১ অভিযান তথা জলবায়ু আৰু বায়ুমণ্ডল গৱেষণা শিতানৰ ইছৰোৰ ধন ৩২ শতাংশ বাজেটৰ পৰা কৰ্তন কৰাৰ বিষয়টোও সংবাদ মাধ্যমত ব্যাপক চৰ্চা হৈছে৷

২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত মোদী চৰকাৰে ‘ডিপাৰ্টমেণ্ট অব ছায়েন্স এক্সপেণ্ডিচাৰ’ শিতানত পূৰ্বৰ বিত্তীয় বৰ্ষতকৈ ৮ শতাংশ ধন কৰ্তন কৰি ১২,৫৪৩.৯১ কোটি টকা ধাৰ্য কৰে৷ ২০২২-২৩ বৰ্ষত সেই শিতানৰ ধন আছিল ১৩,৭০০ কোটি টকা৷ বাজেটত সৰ্বোচ্ছ ধন এইবাৰ কৰ্তন কৰা হয় ‘চেণ্ট্ৰেল ছেক্টৰ স্কীম’ৰ ‘স্পেচ টেকন’লজী’ শিতানত৷ কৰ্তন কৰা ধনৰ পৰিমাণ হৈছে ১,০৯৩.৮৪ কোটি টকা৷ কৰ্তন কৰা ধনৰ যি পৰিমাণ, তাৰে প্ৰায় দুখন চন্দ্ৰযান প্ৰেৰণ কৰিব পৰা হ’লহেঁতেন৷ উল্লেখ্য, চন্দ্ৰযান-৩ অভিযানত ব্যয় হৈছে ৬১৫ কোটি টকা৷ এই শিতানৰ ধন ইছৰোৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ কিয়নো ‘স্পেচ টেকন’লজী’ শিতানত ইছৰোৱে পোৱা ধন তেওঁলোকৰ বিভিন্ন অংগ যেনে– ‘হিউমেন স্পেচ ফ্লাইট চেণ্টাৰ’, উপগ্ৰহ নিৰ্মাণ তথা উন্নীতকৰণ আৰু ‘লান্স ভেহিকল’ অৰ্থাৎ ৰকেট নিৰ্মাণৰ কামত ব্যয় কৰে৷ ইপিনে, ভাৰতৰ মহাকাশ অভিযানৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান ‘ছেমি কণ্ডাক্টৰ লেৱৰেটৰী’ত বিগত বৰ্ষৰ বাজেটত ৪০০ কোটি টকা আৱণ্টন দিয়া হৈছিল৷ সেই লেৱৰেটৰীলৈ ২০২৩-২৪ বিত্তীয় বৰ্ষত বাজেটত মোদী চৰকাৰে ধাৰ্য কৰিলে ‘শূন্য’ টকা৷

মোদী চৰকাৰে ইছৰোৰ ধন বাজেটত ব্যাপকভাৱে কৰ্তন কৰাৰ ফলত পুঁজিৰ সংকটত ভুগিছে দেশৰ মহাকাশ গৱেষণা কেন্দ্ৰটোৱে৷ ইছৰোৰ মুৰব্বী এছ সোমনাথে প্ৰকাশ কৰা অনুসৰি ক’ভিড অতিমাৰী আৰু পুঁজিৰ সংকটৰ বাবে দেশৰ বহু মহাকাশ অভিযান পিছুৱাই গৈছে৷ আৰ্থিক সংকটত ইছৰোৱে লান্স পেড নিৰ্মাণ কৰিব পৰা নাই৷ অন্যথা বিগত জুলাইতে ইছৰোৱে আদিত্য এল-ৰ উৎক্ষেপণ কৰিব পাৰিলেহেঁতেন৷