Logo
image

নাগালেণ্ড বিশ্ববিদ্যালয়ৰ নতুন আচাৰ্য সমুদ্ৰগুপ্ত কাশ্যপ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ আগষ্টঃ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্যৰূপে নিযুক্ত হৈছে সমুদ্ৰগুপ্ত কাশ্যপক৷ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ পৰামৰ্শ মৰ্মে কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ আচাৰ্যৰূপে কাশ্যপৰ নিযুক্তিত স্বাক্ষৰ কৰিছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে৷ সম্প্ৰতি কাশ্যপ অসমৰ তথ্য আয়ুক্তৰূপে কৰ্মৰত হৈ আছে৷

‘ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতৰ জ্যেষ্ঠ সহকাৰী সম্পাদকৰূপে অৱসৰ গ্ৰহণ কৰা সমুদ্ৰগুপ্ত কাশ্যপ ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক৷ ‘প্ৰান্তিক’ৰ জৰিয়তে সাংবাদিক জীৱন আৰম্ভ কৰা কাশ্যপে পৰৱৰ্তী সময়ত প্ৰায় এটা দশক ‘দৈনিক অসম’ কাকতত কাৰ্যনিৰ্বাহ কৰিছিল৷ ১৯৯১ চনত তেওঁ ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতত যোগদান কৰে৷ ১৯৬০ চনত জন্মগ্ৰহণ কৰা সমুদ্ৰগুপ্ত কাশ্যপে কটন কলেজৰ পৰা ইংৰাজী বিষয়ত অনাৰ্চসহ সুখ্যাতিৰ স্নাতক ডিগ্ৰী লাভ কৰে৷ তাৰ পৰাই ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউ অৱ মাছ কমিউনিকেছনৰ পৰা স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰম সম্পূৰ্ণ কৰে৷ আছাম ৰাজীৱ গান্ধী ইউভাৰচিটী অৱ কো অপাৰেটিভ মেনেজমেণ্টৰ পৰা তেওঁ ২০২২ চনত পি এইচ ডি ডিগ্ৰী লাভ কৰে৷