Logo
image

৪, ১১ এপ্ৰিলত অসমত ভোট

  • বংগত ছটা পৰ্যায়ত নিৰ্বাচন 
  • তামিলনাডু, কেৰালা, পুডুচেৰীত একেদিনাই ভোটগ্ৰহণ

আমাৰ অসম, ১ ফেব্ৰুৱাৰীঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটিল৷ বহাগ বিহুৰ পূৰ্বেই অনুষ্ঠিত হ’ব অসম বিধানসভাৰ নিৰ্বাচন৷ অসমত ৪ আৰু ১১ এপ্ৰিলত  দুটা পৰ্যায়ত এইবাৰ ভোটগ্ৰহণ কৰা হ’ব৷ দেশৰ নিৰ্বাচন আয়োগৰ এটা সূত্ৰই অসমৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন  চূড়ান্ত কৰাৰ তথ্য প্ৰকাশ কৰিছে৷ অসমৰ লগতে পশ্চিমবংগ, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷  নিৰ্বাচন আয়োগৰ সূত্ৰটোৱে সদৰী কৰা মতে, ১২৬ খন আসনৰ বাবে অনুষ্ঠিত হ’ব লগা অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অৰ্থাৎ ৪ এপ্ৰিলত উজনি অসমৰ জিলাকেইখনত ভোটগ্ৰহণ কৰা হ’ব৷ আনহাতে ১১ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত নামনি অসমৰ লগতে বৰাক উপত্যকাত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে আয়োগৰ সূত্ৰটোৱে৷ নিৰ্বাচন আয়োগে আনুষ্ঠানিকভাৱে  দুই-এদিনতে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে ঘোষণা কৰিব৷ এই সন্দৰ্ভত ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বাতৰি প্ৰকাশ পাইছে৷  সূত্ৰটোৱে সদৰি কৰা মতে, ২৯৪খন আসনৰ বাবে অনুষ্ঠিত হ’ব লগা পশ্চিম বংগত বিধানসভা নিৰ্বাচন ৬ টা পৰ্যায়ত অনুষ্ঠিাত হ’ব৷ ১৮, ২৩, ২৭ এপ্ৰিল আৰু ৩, ৭, ১০ মে’ত পশ্চিমবংগত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ আনহাতে তামিলনাডুত ২৩৪খন আসনৰ  বাবে ১৩ এপ্ৰিলত এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ’ব৷ কেৰালাৰ ১৪০ খন আসন আৰু পুডুচেৰীৰ ৩০ আসনৰ বাবে ১৩ এপ্ৰিলত এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি দেশৰ নিৰ্বাচন আয়োগৰ সূত্ৰটোৱে জানিবলৈ দিছে৷