Logo
image

ফৰাচী কূটনীতিকৰ কাজিৰঙা ‘আৱিষ্কাৰ’

আমাৰ অসম, ১ ফেব্ৰুৱাৰীঃ কাজিৰঙালৈ আহিছে হাইপ্ৰ’ফাইল বিদেশী পৰ্যটক৷ ‘অসম প্ৰকল্প’ৰ আধাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰূপায়ণ কৰা হাইলেণ্ড নিৰ্মাণকে ধৰি বিভিন্ন আঁচনিৰ কাম চাবলৈ কাজিৰঙালৈ আহিছে ফ্ৰান্সৰ এটা উচ্ছস্তৰীয় প্ৰতিনিধি দল৷ তেওঁলোকে যেন নতুনকৈ ‘আৱিষ্কাৰ’ কৰিছে কাজিৰঙাক৷ তেওঁলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ লগতে ইয়াৰ কাষৰীয়া ৰাইজৰ সৈতেও মত বিনিময় কৰাৰ কাৰ্যসূচী হাতত লৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে জানিবলৈ দিয়া মতে, অসমৰ বন আৰু জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ আঁচনিৰ কাম পৰিদৰ্শন কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ উদ্দেশ্যে ফ্ৰান্সৰ পৰিবেশ মন্ত্ৰী বাৰবাৰা পামপিলী, ভাৰতত থকা ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইন, সাংবাদিকদ্বয় মাৰিয়াণা গ্ৰেপিনেট, ফিলিপে পেটিটকে ধৰি ১৩জনীয়া এটা দলে শনিবাৰে কাজিৰঙাৰ এখন ব্যক্তিগত পৰ্যটন নিবাসত বাহৰ পাতে৷ উল্লেখ্য অসমত বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আচঁনিৰ বিভিন্ন উন্নয়নমূলক কাম ফ্ৰান্সৰ আৰ্থিক অনুদানেৰে চলি আছে৷ যাৰ বাবে এই কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে নিজে চোৱাৰ উদ্দেশ্য শনিবাৰে কাজিৰঙাত উপস্থিত হয় ফ্ৰান্সৰ দলটো৷ বন বিভাগৰ সূত্ৰে জানিব পৰা মতে দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ নেতৃত্বত ফ্ৰান্সৰ দলটোৱে উক্ত আচঁনিৰ ধনেৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত বিশেষকৈ বন্যপ্ৰাণীয়ে বানপানীৰ সময়ত আশ্ৰয় ল’ব পৰাকৈ নিৰ্মাণ কৰা হাইলেণ্ড আৰু বন শিবিৰ পৰিদৰ্শন কৰে৷ দলটোৱে দেওবাৰে পুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলেদি প্ৰবেশ কৰি বাগৰি বনাঞ্চলত উপস্থিত হয়৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত নিৰ্মাণ কৰা হাইলেণ্ড আৰু বন শিবিৰবোৰ পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে দলটোৱে৷ ২০১২ বৰ্ষৰ পৰাই কাজিৰঙাত ফ্ৰান্সৰ আচঁনিৰ ধনেৰে চলি আহিছে বিভিন্ন উন্নয়ন মূলক কাম৷ এই আচঁনিৰ ধনেৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত উন্নয়নমূলক কাম কৰাৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত বন বিভাগে গঠন কৰি দিয়া পাৰিপাশ্বিৰ্ক উন্নয়ন সমিতিৰ জৰিয়তে চলি আহিছে উন্নয়নৰ কাম৷ দলটোৱে দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উক্ত আচঁনিৰ কাম পৰ্যবেক্ষণ কৰাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া পনবাৰী ট্ৰাইবেল বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীৰ তথা গাঁৱৰ ৰাইজৰ সৈতে মত বিনিময় কৰে৷ উক্ত গাঁৱত জনজাতীয় মহিলাক বোৱা-কটা কাম কৰিবৰ বাবে ফ্ৰান্সৰ পৰা ধন আগবঢ়োৱা হৈছে, যাতে ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া ৰাইজ আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰে৷ ফ্ৰান্সৰ দলটো শনিবাৰে কাজিৰঙাত উপস্থিত হোৱাৰ পাছত সন্ধিয়া ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এ এম সিং,  প্ৰধান মুখ্য বন সংৰক্ষক [বন্যপ্ৰাণী] অমিত সহায়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, বন সংমণ্ডল বিষয়া আদিৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কত্তৃৰ্পক্ষই জানিবলৈ দিয়া মতে, এই আলোচনাত প্ৰধানকৈ অসমৰ বনকৰ্মীক আন দেশৰ ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰোৱাই অভিজ্ঞতা আহৰণ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা হয়৷ ফ্ৰান্সৰ দলটোৱে কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে পশু চিকিৎসকৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰত থকা বন্যপ্ৰাণীৰ অৱস্থাৰ বুজ লয়৷ দেওবাৰে ফ্ৰান্সৰ সঁজাতী দলটো কাজিৰঙাৰ পৰা উভতি যায়৷