Logo
image

আজি আদিত্য এল-১ৰ উৎক্ষেপণ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ ছেপ্টেম্বৰঃ আদিত্য এল-১ উপগ্ৰহৰ কাউণ্ট ডাউন আৰম্ভ হৈছে৷  ২ ছেপ্টেম্বৰত ভাৰতৰ প্ৰথম সূৰ্য অভিযানৰ সূচনা হ’ব  বিয়লি ১১.৫০ বজাত৷ কোনো প্ৰতিবন্ধকতা নোহোৱাকৈ সূৰ্যৰ পৰ্যবেক্ষণ আৰু একাধিক পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰিবলগীয়া আদিত্য এল-১ক পি এছ এল ভি ৰকেটোৰ শনিবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ’ব৷ আদিত্য এল-১ৰ যাত্ৰা হ’ব ১২৫ দিনীয়া৷ জানুৱাৰীৰ মাজভাগত আদিত্য এল-১ গৈ লেগৰেঞ্জ-১ পইণ্ট অঞ্চলত উপনীত হ’ব৷ সেই স্থানৰ পৰাই অনিৰ্দিষ্ট কাললৈ আদিত্য এল-১ উপগ্ৰহে সূৰ্যক প্ৰদক্ষিণ কৰিব৷উল্লেখ্য, চন্দ্ৰযান-৩ৰ দুৰ্দান্ত সাফল্যৰ পাছত ইছৰোৱে যোৱা ২৮ আগষ্টত সূৰ্য অভিযানৰ দিন-ক্ষণ ঘোষণা কৰে৷ সেইদিনা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ চমুকৈ ইছৰোৱে জনায় যে ২ ছেপ্টেম্বৰত তেওঁলোকে সূৰ্য অভিমুখে আদিত্য এল-১ নামৰ এটা কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিব৷ পিএছএলভি ৰকেটেৰে আদিত্য এল-১ক  ২ ছেপ্টেম্বৰৰ দুপৰীয়া ১১.৫০ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ’ব৷ আদিত্য এল-১ লেগৰেঞ্জ পইণ্ট নামৰ এটা অঞ্চলত উপনীত হ’ব, য’ত সূৰ্য আৰু পৃথিৱীৰ আকৰ্ষণ আৰু বিকৰ্ষণ সমানে ক্ৰিয়াশীল৷ সেয়ে লেগৰেঞ্জ পইণ্টত উপনীত হ’লে আদিত্য এল-১ সেই স্থানত স্থিৰ হৈ থাকিব৷ লেগৰেঞ্জ পইণ্ট-১ৰ দূৰত্ব পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ৷ আনহাতে, পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব ১৫ কোটি কিলোমিটাৰ৷ পৃথিৱীৰ বাৰ্ষিক গতিৰ ফলত সেই দূৰত্বৰ অৱশ্যে তাৰতম্য ঘটি থাকে৷ ভাৰতে আদিত্য এল-১ক যি স্থানলৈ প্ৰেৰণ কৰিব সেই দূৰত্ব পৃথিৱী আৰু সূৰ্যৰ মূল দূৰত্বৰ ৰ শতাংশ৷ অৰ্থাৎ আদিত্য এল-১ পৃথিৱীৰ পৰা সূৰ্যৰ দিশে মাথোঁ ৰ শতাংশ দূৰত্বলৈহে আগবাঢ়ি যাব৷ লেগৰেঞ্জ-১ পইণ্টত উপনীত হ’লে আদিত্য এল-১ নামৰ উপগ্ৰহটোৱে সেই দূৰত্বৰ পৰা সূৰ্যক প্ৰদক্ষিণ কৰি থাকিব৷ এয়া হ’ব ভাৰতৰ প্ৰথমটো সূৰ্য অভিযান৷ আদিত্য এল-১ উপগ্ৰহটোৱে লেগৰেঞ্জ অঞ্চলৰ পৰা সূৰ্যক নিৰীক্ষণ কৰিব আৰু মহাকাশৰ পৰিৱেশ, বতৰ, তাৰ ওপৰত সূৰ্যৰ কেনে প্ৰভাৱ থাকে সেয়া উদ্‌ঘাটনৰ চেষ্টা কৰিব৷ সূৰ্যৰ গতিশীলতা আৰু সেই অংশৰ উত্তাপ পৰিমাপ কৰিব আদিত্য এল-১য়ে৷ আদিত্য এল-১ত মুঠতে ৭টা পে-লোড বা যন্ত্ৰ থাকিব৷ ইয়াৰে ৪টা পে-লোডে সূৰ্যক পৰ্যবেক্ষণ কৰিব৷ আন ৩টা পে-লোডে বিভিন্ন কণা আৰু ক্ষেত্ৰৰ বিশ্লেষণ কৰিব৷ সামগ্ৰিকভাৱে এই ৭টা পে-লোডে ফটোস্ফিয়াৰৰ পৰা ক্ৰমোস্ফিয়াৰ, সূৰ্যৰ একেবাৰে বাহিৰৰ দিশৰ স্তৰ কৰোণা পৰ্যবেক্ষণ কৰিব৷ সূৰ্যৰ উত্তাপ, সৌৰপদাৰ্থৰ নিঃসৰণ, সৌৰধুমুহাৰ দৰে সূৰ্য সম্পৰ্কিত বিভিন্ন বিষয় আদিত্য এল-১ৰ জৰিয়তে ইছৰোৰ বিজ্ঞানীয়ে জানিব পাৰিব৷ আদিত্য এল-১ৰ পে-লোডত বিদ্যুৎ চৌম্বকীয় কণা আৰু চৌম্বকীয় ক্ষেত্ৰ ডিটেক্টৰ ব্যৱহাৰ কৰা হৈছে৷

চন্দ্ৰযান-৩ উৎক্ষেপণৰ আগদিনা তিৰুপতি মন্দিৰত পূজা দিয়া ইছৰোৰ মুৰব্বী এছ সোমনাথে চন্দ্ৰযান-৩ৰ সাফল্যৰ পাছত দেওবাৰে তিৰুঅনন্তপুৰমৰ ভদ্ৰকালী মন্দিৰত পূজা দিছিল৷  শুকুৰবাৰে ইছৰোৰ মুৰব্বী এছ সোমনাথে তিৰুপতিৰ চেংগালাম্মা পৰমেশ্বৰী মন্দিৰত আদিত্য এল-১ৰ সফলতা কামনা কৰি পূজা অৰ্পণ কৰে৷ তেওঁৰ সৈতে ইছৰোৰ আৰু কেইবাজনো বিজ্ঞানীয়ে পূজা দিয়ে৷

সূৰ্যমুখী অভিযানৰে জড়িত অসমৰ অধ্যাপিকা

‘আমাৰ অসম’ৰ বাহনাৰ প্ৰতিবেদকঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শনিবাৰে সূৰ্য অভিমুখে উৎক্ষেপন কৰিবলগীয়া আদিত্য এল-১ ৰ সৈতে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকা জড়িত হৈ আছে৷ সূৰ্যৰ জটিল প্ৰক্ৰিয়াবিলাক অধ্যয়ন কৰিবলৈ প্ৰেৰণ কৰিবলগীয়া আদিত্যৰ কাৰ্যক্ৰমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্ব ল’বৰ বাবে যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড॰ ঐশ্বন্যা শৰ্মাক নিযুক্ত কৰা হৈছে৷ আদিত্য এল-১ত সংলগ্ন দূৰবীক্ষণ যন্ত্ৰ সংক্ষেপে SUIT (Solar Ultraviolet Imaging Telescope)-এ সংগ্ৰহ কৰি পঠিয়াবলগীয়া তথ্যৰ পৰা সূৰ্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলত স্থিত তৰংগ আৰু কম্পনৰ  বিষয়ে তেওঁ অধ্যয়ন কৰিব৷ উল্লেখ্য, ড॰ শৰ্মাই ২০১৫ চনৰ পৰা আদিত্যত সংলগ্ন সাতটা যন্ত্ৰৰ অন্যতম যন্ত্ৰ SUITৰ মুখ্য অনুসন্ধানকাৰী বিজ্ঞানী তথা পুনেত অৱস্থিত জ্যোতি পদাৰ্থ বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান IUCAAৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰফেছৰ দূৰ্গেশ ত্ৰিপাঠীৰ লগত বৰ্তমানেও কৰ্মৰত হৈ আছে৷ তেওঁ যোৰহাট ৰজামৈদাম নিউকলনীৰ বিচিত্ৰ শৰ্মা আৰু দীপালি শৰ্মাৰ কন্যা তথা যোৰহাটৰ উপকণ্ঠৰ পদুমণি নিবাসী, চিলাপথাৰ মহাবিদ্যালয়ৰ অধ্যাপক উৎপল শইকীয়াৰ পত্নী৷ ভাৰতবৰ্ষৰ সূৰ্যমুখী অভিযানৰ ঐতিহাসিক যাত্ৰাত ড॰ ঐশ্বন্যা শৰ্মা জড়িত হোৱাত মহাবিদ্যালয় পৰিয়ালৰ লগতে যোৰহাটবাসীয়ে গৌৰৱবোধ কৰিছে৷