Logo
image

চন্দ্ৰৰ বুকুত ধৰা পৰিল বিশেষ কম্পনাংক

বেংগালুৰু, ২ ছেপ্টেম্বৰঃ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পাছতে ৰভাৰ প্ৰজ্ঞানে নিজৰ কাম আৰম্ভ কৰি দিছে৷ ইয়াৰ সমান্তৰালকৈ প্ৰতিটো কামৰ আপডেতো প্ৰেৰণ কৰি আছে ইছৰ’লৈ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে ৰভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ দক্ষিণমেৰুত এক আশ্চৰ্যকৰ ঘটনা ৰেকৰ্ড কৰে৷ ইছৰ’ৱে প্ৰকাশ কৰা মতে প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত এক বিশেষ কম্পনাংক ধৰা পেলাইছে৷ এই কম্পনাংক কিহৰ পৰা সৃষ্টি হ’ল তাৰ উৎস বিচাৰি এইবাৰ অভিযান আৰম্ভ কৰিছে প্ৰজ্ঞানে৷ উল্লেখ্য যে চন্দ্ৰযান-৩ৰ সৈতে প্ৰেৰণ কৰা প্ৰজ্ঞান নামৰ ৰভাৰত আছে আই এল এছ পেলোড মাইক্ৰ’ ইলেক্ট্ৰ মেকানিকেল চিষ্টেম প্ৰযুক্তিৰ বিশেষ যন্ত্ৰাংশ৷ প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ এনেধৰণৰ যন্ত্ৰ প্ৰেৰণ কৰা হৈছে৷ এইবিধ যন্ত্ৰই ৰভাৰ প্ৰজ্ঞান আৰু অন্যান্য পেলোডৰ গতিবিধিও ৰেকৰ্ড কৰি আছে৷ উল্লেখ্য যে বৃহস্পতিবাৰে চন্দ্ৰৰ বুকুত ৰভাৰ প্ৰজ্ঞানে বিশেষ কম্পনাংক ধৰা পেলোৱাৰ পূৰ্বে মঙলবাৰে চন্দ্ৰত ছালফাৰৰ উপস্থিতি নিশ্চিত কৰিছিল৷ ছালফাৰৰ উপৰিও চন্দ্ৰৰ বুকুত আন কেবাবিধো প্ৰাকৃতিক উপাদান থকাটোও নিশ্চিত কৰিছিল প্ৰজ্ঞানে৷ অৱশ্যে তাত হাইড্ৰজেন আছে নে নাই সেই সম্পৰ্কে এতিয়া পৰীক্ষা-নিৰীক্ষা চলি আছে৷