Logo
image

শনি-দেওবাৰে বন্ধ থাকিব দিল্লীৰ বহু গুৰুত্বপূৰ্ণ পথ

‘আমাৰ অসম’ বিশেষ সেৱা, নতুন দিল্লী, ২ ছেপ্টেম্বৰঃ দিল্লীত জি-২০ শিখৰ সন্মিলনৰ বাবে সকলো আয়োজন জোৰদাৰ গতিৰে অব্যাহত ৰখা হৈছে৷ ট্ৰেফিকৰ পৰা আৰম্ভ কৰি সুৰক্ষা ব্যৱস্থাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে৷ এতিয়া দিল্লীত শনি আৰু দেওবাৰে সম্পূৰ্ণ অনুশীলন হ’ব, যাৰ ফলত দিল্লীৰ কিছুমান পথ বন্ধ থাকিব৷ এই অনুশীলন পুৱা চাৰে আঠ বজাৰ পৰা নিশা ১১ বজালৈকে চলিব৷ এই অনুশীলনত দিল্লীৰ বেলেগ বেলেগ স্থানৰ পৰা কাৰকেড জি-২০ সন্মিলন হোৱা স্থানলৈ বুলি যাব৷ গতিকে  দিল্লী আৰক্ষীয়ে সপ্তাহান্তিকৰ বাবে প্ৰয়োজনীয় যান-বাহন নিয়ম ঘোষণা কৰে৷ দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা নিয়ম অনুসৰি ২ ছেপ্টেম্বৰত প্ৰথমে পুৱা চাৰে আঠ বজাৰ পৰা দিনৰ ১২ বজালৈ হ’ব ফুল ড্ৰেছ অনুশীলন৷ তাৰ পাছত চাৰে পাঁচ বজাৰ পৰা ৬ বজালৈ হ’ব অনুশীলন৷ পুনৰ চাৰে সাত বজাৰ পৰা নিশা ১১ বজালৈ হ’ব অনুশীলন৷ আনহাতে, ৩ ছেপ্টেম্বৰত পুৱা চাৰে আঠ বজাৰ পৰা ৯ বজালৈ, ৯ বজাৰ পৰা দহ বজালৈ আৰু দুপৰীয়া চাৰে বাৰ বজাৰ পৰা আবেলি ৪ বজালৈ হ’ব  অনুশীলন৷ গতিকে শনি আৰু দেওবাৰে এই দুটা দিনত চৰ্দাৰ পেটেল মাৰ্গ-পঞ্চশীল মাৰ্গ ১১ মূৰ্তি, চৰ্দাৰ পেটেল মাৰ্গ-কৌটিল্য মাৰ্গ আৰ/এ তিন মূৰ্তি, আৰ/এ জেকেপি, আৰ/এ গোল মেথি, আৰ/এ এমএলএনপি-আৰ/এ মানসিং ৰোড, চি-হেক্সাগোন-মথুৰা ৰোড, জাকিৰ হুছেইন মাৰ্গ-সুব্ৰমণিয়ম ভাৰতী মাৰ্গ, ভৈৰো ৰোড-ৰিং ৰোড, আৰ/এ ব্ৰিগেডিয়াৰ হোশিয়াৰ সিং মাৰ্গ, আৰ/এ যশৱন্ত প্লেচ, আৰ/এ সত্য মাৰ্গ-শান্তিপথ, আৰ/এ কৌটিল্য, আৰ/এ ৱিণ্ডচাৰ প্লেচ, জনপথ-কৰ্তব্য পথ, বাৰাখম্ভ ৰোড ৰেড লাইট, টলষ্টয় মাৰ্গ-জনপথ, আৰ/এ ক্লেৰিজেজ-বিবেকানন্দ মাৰ্গ, মোতি বাগ ফ্লাইঅ’ভাৰ আৰু লোডী ফ্লাইঅ’ভাৰৰ তলৰ পথ, প্ৰেছ এনক্লেভ ৰোড-লাল বাহাদুৰ শাস্ত্ৰী মাৰ্গ, জোছেফ টিটি মাৰ্গ-ছিৰি ফ’ৰ্ট ৰোড, শ্বেৰশ্বাহ ৰোড  আদি বন্ধ থাকিব৷