Logo
image

চিনেমা হল মুকলি, দৰ্শকে পিন্ধিব মাস্ক

আমাৰ অসম, ১ ফেব্ৰুৱাৰীঃ ভেলেণ্টাইন ডে’ৰ প্ৰাক্‌মুহূৰ্তত কাইলৈ অৰ্থাৎ সোমবাৰৰ পৰা ১০০ শতাংশ দৰ্শকৰ উপস্থিতিত  খোলা হ’ল ছবিগৃহ৷ অৰ্থাৎ এতিয়াৰে পৰা চিনেমা হলৰ দুখন আসনৰ মাজত নাথাকিব দৰ্শকৰ কোনো ব্যৱধান৷ দেওবাৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে এটা নিৰ্দেশনাযোগে চিনেমা হলত ১০০ শতাংশ দৰ্শকৰ উপস্থিতিত অনুমোদন জনাইছে৷ ১০০ শতাংশ দৰ্শক প্ৰৱেশৰ অনুমতি দিলেও চিনেমা হলত দৰ্শক আৰু কতৃৰ্পক্ষলৈ কঠোৰ চৰ্ত আৰোপ কৰিছে কেন্দ্ৰই৷ সেই অনুসৰি কণ্টেইনমেণ্ট জ’নত বৰ্তমানেও ছবিগৃহ মুকলিৰ অনুমতি দিয়া নাই যদিও সংশ্লিষ্ট ৰাজ্য চৰকাৰে পৰিস্থিতি অনুযায়ী নিয়ম নিৰ্ধাৰণ কৰিব পাৰিব বুলি উল্লেখ কৰিছে৷ অৱশ্যে, ছবিগৃহত সকলো দৰ্শকৰে মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে ছবিগৃহৰ চৌহদৰ বাহিৰে-ভিতৰে য’তে-ত’তে থু-খেকাৰ পেলোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে৷ প্ৰতিটো চিনেমা দৰ্শনীৰ পূৰ্বে ছেনিটাইজ বাধ্যতামূলক আৰু কতৃৰ্পক্ষই প্ৰৱেশ-প্ৰস্থান দ্বাৰত ছেনিটাইজ কৰিব লাগিব৷ তদুপৰি কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাটোত সকলো দৰ্শককে আৰোগ্য সেতু এপ ডাউনলোড কৰাৰ পৰামৰ্শ দিয়াৰ লগতে প্ৰৱেশদ্বাৰত দৰ্শকৰ থাৰ্মেল ষ্ক্ৰীণিং বাধ্যতামূলক কৰিছে৷ তদুপৰি দৰ্শকে ছবি উপভোগৰ বাবে টিকট ক্ৰয় কৰোতে নিজৰ ম’বাইল নম্বৰ দিব লাগিব৷ আনহাতে অফ-লাইনৰ পৰিৱৰ্তে অন-লাইনযোগে চিনেমাৰ টিকট কাটিব লাগিব দৰ্শকে৷ ইয়াৰ বাবে  চিনেমা হলৰ মালিক পক্ষই E Wallets, QR Code Scanners আদিৰ দৰে সুব্যৱস্থা ৰাখিব লাগিব৷ হলত প্ৰৱেশ আৰু প্ৰস্থানৰ সময়ত যাতে কোনো ধৰণৰ ভিৰ সৃষ্টি নহয়, তাৰ বাবে বিশেষ গুৰুত্ব দিব লাগিব৷ চিনেমা হলৰ বাহিৰত অৰ্থাৎ হলৰ চৌহদত ৬ ফুট সামাজিক দূৰত্ব মানি চলিব লাগিব৷ সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ উদ্দেশ্যে পূৰ্বতকৈ অধিক টিকট কাউণ্টাৰ ৰাখিব লাগিব৷ এক কথাত দৰ্শকে হাত ছেনিটাইজাৰেৰে ধুই ছবিগৃহৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব৷ ছবিগৃহত ১০০ শতাংশ দৰ্শকৰ উপস্থিতি অনুমতিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এছ অ’ পিত সন্তুষ্টি প্ৰকাশ কৰিছে চিনেমা হল মালিক সন্থাৰ সভাপতি চিন্ময় শৰ্মাই৷