Logo
image

জি এল আগৰৱালাক সশ্ৰদ্ধ স্মৰণ

আমাৰ অসম, ১ ফেব্ৰুৱাৰীঃ ‘স্বপ্নদ্ৰষ্টা’ জি এল আগৰৱালাৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী উপলক্ষে দেওবাৰে বিশিষ্ট সমাজকৰ্মী, প্ৰথিতযশা সাংবাদিকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়৷ জি এল পাব্লিকেশ্বন্‌ছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু পৰিচালন সঞ্চালক তথা জি এল পি ছ’চিয়েল চাৰ্কলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ জি এল আগৰৱালাৰ প্ৰতি শ্ৰদ্ধা জনাই দেওবাৰে বৰপেটাৰোডৰ আঠিয়াবাৰী মহোৎসৱস্থলীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ সাহিত্য সভা, প্ৰেছ ক্লাব আৰু ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠন, অনুষ্ঠানে স্মৃতিচাৰণ অনুষ্ঠানত ভাগ লয়৷ ‘আমাৰ অসম’ৰ গুৱাহাটী আৰু যোৰহাট কাৰ্যালয়তো তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়৷

বৰপেটাৰোড, গুৱাহাটী, যোৰহাটত স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাক স্মৰণ

জি এল আগৰৱালা ‘অকল ব্যক্তি নহয়, এক বৃহৎ অনুষ্ঠান৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ তেওঁৰ অৱদান অপৰিসীম আৰু অতুলনীয়৷ অসম সাহিত্য সভাৰ সৈতে একাত্ম হৈ যি মহান সেৱা আগবঢ়ালে সেই সেৱাৰ মূল্য নিৰ্ণয় কৰা কেতিয়াও সম্ভৱ নহয়৷ এই ভাষ্য বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসৰ৷ দেওবাৰে বৰপেটাৰোডত স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাক স্মৰণ কৰি দাসে আৰু কয়– চন্দ্ৰকুমাৰ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদিত ‘জোনাকী’ কাকতৰ সকলো সংখ্যাক একত্ৰ কৰি বিশিষ্ট সাহিত্যিক, সভাৰ প্ৰাক্তন সভাপতি ড॰ নগেন শইকীয়া সম্পাদিত ‘জোনাকী কাকতৰ দুটা সংস্কৰণৰ মুঠ দুইহেজাৰ কপি ছপাই দি অসম সাহিত্য সভা অসমৰ ৰাইজৰ যি প্ৰভুত উপকাৰ কৰিলে সেই উপকাৰ চিৰস্মৰণীয়৷ গ্ৰন্থ প্ৰকাশৰ বাবদ জি এল আগৰৱালাই সভাৰ পৰা এটকাও গ্ৰহণ নকৰাটোৱেই অসম, অসমীয়া ভাষা প্ৰেমৰ চৰম নিদৰ্শন৷ বৰপেটাৰোডৰ সু-সন্তান তথা বিশিষ্ট সমাজকৰ্মী জি, এল পাব্লিকেশ্যনৰ স্বত্বাধিকাৰী, আমাৰ অসম আৰু পূৰ্বাঞ্চল প্ৰহৰী বাতৰি কাকতৰ পৰিচালন সঞ্চালক জি এল আগৰৱালাৰ দ্বিতীয় মৃত্যুবাৰ্ষিকী অনুষ্ঠানত আঠিয়াবাৰী মহোৎসৱৰ স্থলীত বৰপেটাৰোড সাহিত্য সভা আৰু বৰপেটাৰোড ডেভলপমেণ্ট ফৰামৰ উদ্যোগত দেওবাৰে সন্ধিয়া কেইবাশ ৰাইজৰ উপস্থিতিত ভিন্ন কাৰ্যসূচীৰে জি এল আগৰৱালাৰ দ্বিতীয় মৃত্যুবাৰ্ষিক উপলক্ষে এক স্মৃতিচৰণ সভাৰ আয়োজন কৰা হয়৷ বৰপেটাৰোড সাহিত্য সভাৰ সম্পাদক কুলেন চৌধুৰীয়ে আঁতধৰা অনুষ্ঠানত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে, জি এল আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যপ্ৰদান কৰে গোপীনাথ বৰদলৈ উচ্ছ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ভূপালী পাঠক চৌধুৰীয়ে, পুষ্পাঞ্জলি প্ৰদান কৰে বিশিষ্ট সমাজ কৰ্মী চিত্ৰলেখা চৌধুৰীয়ে, বন্তি প্ৰজ্বলন কৰে সাংবাদিক জয়ন্ত কুমাৰ দাসে৷ জি এল আগৰৱালাৰ প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি শ্ৰীধৰ শৰ্মাই বৰপেটাৰোডৰ সু-সন্তান জি, এল আগৰৱালাৰ বুলি কোৱাৰ লগতে অসমৰ সকলো জাতি উপজাতিৰ লগতে নৱ প্ৰজন্মৰ অসমীয়া মাৰোৱাৰী সকলোৱে যাতে তেওঁৰ অনুপ্ৰেৰণত অনুপ্ৰেৰিত হৈ অসমীয়া ভাষা সংস্কৃতিৰ ভঁৰাল টনকিয়াল কৰাৰ বাবে আহ্বান জনায়৷ উক্ত স্মৃতিচৰণ সভাত বৰপেটাৰোড প্ৰেছ ক্লাব, বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থা, বৰপেটাৰোড সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সমিতি, বৰপেটাৰোড আঞ্চলিক মহিলাৰ তৰফৰ পৰা, বৃহত্তৰ বৰপেটাৰোড মাৰোৱাৰী যুৱ মঞ্চৰ, লায়ন্স ক্লাৱ, অম্বিকাগিৰী সংঘ, শংকৰ মাধৱ কলাকৃষ্টি বিকাশ সংঘ, শিল্পী সমাজ, সাংস্কৃতিক গোষ্টী, অনুভূতি, অনিল মোজাম্মিল সংঘ, যুৱ ছাত্ৰ পৰিষদ, ৰংগালয়, দি গ্ৰেট বনজ্যোতি সংঘ, বৃহত্তৰ মাৰোৱাৰী যুৱমঞ্চ, মাৰোৱাৰী সন্মিলন, লায়ন্স ক্লাব, পটঞ্জলি, ক্যালন আশ্ৰম, মিলন সংঘ, পৌৰ ব্যৱসায়ী সন্থাৰ বিষয় ববীয়া সকল উপস্থিত থাকে৷ সন্ধিয়া বৰপেটাৰোড সাহিত্য সভা প্ৰাঙ্গন আৰু অঠিয়াবাৰী মহোৎসৱৰ স্থলীত বৰপেটাৰোড সাহিত্য সভা আৰু বৰপেটাৰোড ডেভেলপমেণ্ট ফৰামৰ তৰফৰ পৰা বন্তি প্ৰজ্বলন কাৰ্যসূচী লোৱা হয়৷ ইফালে, জি এল পাব্লিকেশ্বনৰ গুৱাহাটীৰ কাৰ্যালয়তো স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাক স্মৰণ কৰে ‘আমাৰ অসম’ তথা জি এল পাব্লিকেশ্বন পৰিয়ালে৷


জি এল পাব্লিকেশ্যনছ লিমিটেডৰ প্ৰতিষ্ঠাপক, অসমীয়া সাহিত্য-সংস্কৃতিৰ পুৰুধা ব্যক্তি, স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে দেওবাৰে জি এল  পাব্লিকেশ্যনছ লিমিটেডৰ যোৰহাট কাৰ্যালয়ত শ্ৰদ্ধা সহকাৰে স্মৰণ কৰা হয়৷ এই উপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে প্ৰতিষ্ঠানটোৰ পৰিচালনা বিভাগৰ এছ এম আগৰৱালা আৰু যোৰহাটস্থ শাখা প্ৰবন্ধক ৰাজকুমাৰ আগৰৱালাই বন্তি প্ৰজ্বলন কৰে৷ অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ সমূহ কৰ্মকৰ্তাই স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে৷ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নিৰঞ্জন মহন্ত আৰু অঞ্জন বৰাই বক্তব্য প্ৰদান কৰি স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাই অসমীয়া সমাজ জীৱনৰ লগতে সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বিষয়ে আলোকপাত কৰে৷ অসমীয়া বিশ্বকোষ প্ৰণয়নৰ ক্ষেত্ৰত জি এল আগৰৱালাই আগবঢ়োৱা অৱদান অসমীয়া জাতীয় জীৱনলৈ এক উল্লেখযোগ্য অৱদান বুলি উল্লেখ কৰে৷ তেনেদৰে জি এল পাব্লিকেশ্যনছে অসমীয়া সংবাদ জগতত অভিনৱত্বৰ সংযোজন কৰাৰ লগতে মাইলৰ খুটি স্থাপন কৰা বুলি তেওঁলোকে উল্লেখ কৰে৷ অসমীয়া সমাজ জীৱনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পাছতে স্থান লাভ কৰা ব্যক্তিসকলৰ অন্যতম জি এল আগৰৱালা চিৰস্মৰণীয় ব্যক্তি বুলিও তেওঁলোকে অনুভৱ ব্যক্ত কৰে৷ অনুষ্ঠানত যোৰহাট কাৰ্যালয়ৰ পৰিচালা বিভাগৰ সহযোগী নৱজ্যোতি কলিতা, পূৰ্বাঞ্চল প্ৰহৰী কাকতৰ সাংবাদিক পৱন ধুত, জ্ঞানাৰুণ কুমাৰ গগৈ, প্ৰডাকচন-ইন-চাৰ্জ শিৱশংকৰ দত্ত, বিজ্ঞাপন বিভাগৰ ত্ৰিদীপ বৰুৱা প্ৰমুখ্য কৰ্মকৰ্তাসকল উপস্থিত থাকে৷