Logo
image

বাহুবলী ৰাণী, দুৰ্বল ৰিপুণ

আমাৰ অসম, ১ ফেব্ৰুৱাৰীঃ সাংগঠনিক ক্ষমতা আৰু দলীয় শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত বিশেষ দক্ষতাৰ পৰিচয় দিব নোৱাৰিলেও কংগ্ৰেছ নেত্ৰী ৰাণী নৰহ আৰু তেওঁৰ সাংগোপাংগসকলে বাহুবল প্ৰদৰ্শনৰ ক্ষেত্ৰত বিশেষ কৃতিত্ব অৰ্জন কৰিছে৷ ৰাণী নৰহ উপস্থিত থকা কংগ্ৰেছৰ সভা-সমিতিসমূহত তৰ্কাতৰ্কি আৰু হতাহতি কাৰ্যতঃ প্ৰাত্যহিক ঘটনাত পৰিণত হৈছে৷ দলীয় কাম-কাজৰ ক্ষেত্ৰত দীৰ্ঘদিনে নিস্ক্ৰিয় হৈ থকা নৰহ দম্পতী প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ বাবে কাৰ্যতঃ মূৰৰ কামোৰণি হৈ পৰাৰ সময়তে  প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাক একেবাৰেই দুৰ্বল নেতা বুলি সমালোচনা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ কিছু দিন ধৰি হিমন্ত বিশ্ব শৰ্মা আৰু ৰিপুণ বৰাৰ মাজত উত্তপ্ত বাক্য বিনিময় অব্যাহত আছে৷ এইবাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ১০০খনতকৈও অধিক আসন লাভ কৰিব বুলি ৰিপুণ বৰাই কৰা মন্তব্য সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই এই বুলি তাচ্ছিল্য কৰিছিল যে কংগ্ৰেছে ইমান আসন বাংলাদেশতহে লাভ কৰিব৷ ৰিপুণ বৰাক উদ্দেশ্যি কেইবাটাও প্ৰশ্নও কৰিছিল শৰ্মাই৷ প্ৰত্যুত্তৰত ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত এই বুলি কৈছিল– হিমন্ত সৰু ল’ৰা৷ তেওঁ সকলো কথা বুজি নাপায়৷ ডাঙৰ হ’লে কথাবোৰ নিজেই বুলি পাব৷ এই প্ৰসংগৰ আঁত ধৰি দেওবাৰে গহপুৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয়– কংগ্ৰেছৰ এশখন আসনৰ দাবী অলীক কল্পনা মাথোঁ৷ এয়া বাংলাদেশতহে সম্ভৱ হ’ব পাৰে৷ অসমত কংগ্ৰেছে এশখন আসন পোৱাৰ কল্পনা কৰা আৰু পৰ্বতত কাছ কণী বিচৰা একেধৰণৰ কথা৷ ৰিপুণ বৰা  দুৰ্বল নেতা৷ ৰিপুণ বৰাৰ দিনত কংগ্ৰেছৰ অৱস্থা একেবাৰে কাহিল হ’ল৷ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত সকলোৱে ৰিপুণ বৰাৰ দক্ষতাৰ উমান পাব৷ তেওঁ বেলেগক জিকোৱা বাদেই, নিজেই জিকিব নোৱাৰিব৷ ৰিপুণ বৰাক প্ৰদেশ কংগ্ৰেছৰ সভাপতি বুলি মই নাভাবোৱেই৷ তেওঁক মই ভালকৈ জানো৷ প্ৰথমে গহপুৰত ৰিপুণ বৰাই নিৰ্বাচনত জয়ী হৈ দেখুৱাওক৷ তাৰ পাছত বাকী কথাবোৰ হৈ থাকিব৷ উল্লেখ্য, কংগ্ৰেছ হাইকমাণ্ডে ৰিপুণ বৰাক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিৱৰ্তে নিৰ্বাচনী অভিযানৰ নেতৃত্ব ল’বলৈ পৰামৰ্শ দিয়া বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰিপুণ বৰাই কয়– মই কিয় প্ৰতিদ্বন্দ্বিতা নকৰিম? মই মোৰ সৈনিকসকলকো নেতৃত্ব দিম আৰু নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিম৷

ইফালে, ঢকুৱাখনাৰ কংগ্ৰেছ কাৰ্যালয়ত শনিবাৰে কংগ্ৰেছৰ দুটা ফৈদৰ মাজত [ৰাণী নৰহৰ সমৰ্থক আৰু বিৰোধী] হোৱা ঠেলাঠেলি, হতাহতি আৰু তৰ্কাতৰ্কিৰ ঘটনাই সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ৰাণী নৰহৰ দৰেই তেওঁৰ একাংশ সমৰ্থকেও বাহুবল প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত একপ্ৰকাৰে অভিলেখ স্থাপন কৰিছে৷ উল্লেখ্য, মহাত্মা গান্ধীৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এখন কৰ্মী সভা শনিবাৰে দুপৰীয়া ৰ বজাৰ পৰা ঢকুৱাখনা ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱন প্ৰাংগনত আয়োজন কৰা হৈছিল৷ উক্ত সভাত ঢকুৱাখনা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ভৰত নৰহ, ৰাজ্য সভাৰ সাংসদ ৰাণী নৰহ আৰু সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছে উত্তৰ অসমৰ বাবে নিযুক্তি দিয়া তত্ত্বাৱধায়ক, ঝাৰখণ্ডৰ সাংসদ বিকাশ উপাধ্যায় উপস্থিত আছিল৷ সভাখনত ভৰত নৰহে আদৰণী ভাষণ দি শেষ কৰাৰ লগে লগে সভাগৃহ আৰু মঞ্চত উপবিষ্ট একাংশ সমৰ্থকে ভৰত নৰহ জিন্দাবাদ ধ্বনি দিয়ে৷ ভৰত নৰহ জিন্দাবাদ ধ্বনি দিয়া শেষ হোৱাৰ লগে লগে ঢকুৱাখনা সমষ্টিৰ পৰা আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলৰ শক্তিশালী টিকটপ্ৰত্যাশী কালিদাস কামানৰ একাংশ সমৰ্থকে কালিদাস কামান জিন্দাবাদ ধ্বনি দিয়ে৷ প্ৰাৰ্থিত্বপ্ৰত্যাশী যুৱ নেতা কামানৰ সমৰ্থনত ধ্বনি দিয়া কাৰ্যৰ নেতৃত্ব দিয়ে লখিমপুৰ জিলা কংগ্ৰেছৰ সদস্য তথা ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ প্ৰাক্তন উপ-সভাপতি তথা এন এছ ইউ আইৰ ঢকুৱাখনা ব্লক সমিতিৰ প্ৰাক্তন সভাপতি নৱজ্যোতি হাজৰিকা আৰু নৰহ উপাধিৰ এজন যুৱ কংগ্ৰেছ নেতাই৷ কালিদাস কামান জিন্দাবাদ ধ্বনি দিয়াৰ লগে লগে সাংসদ ৰাণী নৰহ আৰু ঢকুৱাখনা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াই মঞ্চৰ পৰা নামি গৈ নৱজ্যোতি হাজৰিকাৰ লগত ধ্বনি দিয়া কামানৰ সমৰ্থকসকলক খেদি যায়৷ ফলত দুয়োপক্ষৰ মাজত ঠেলাঠেলি, হতাহতি আৰু তৰ্কাতৰ্কিৰ সৃষ্টি হয়৷ কালিদাস কামানৰ পক্ষত ধ্বনি দিয়া যুৱ কংগ্ৰেছীসকলে ৰাজীৱ ভৱন কাৰো পৈতৃক সম্পত্তি নহয় বুলি উভতি ধৰি বাহিৰলৈ যাবলৈ অমান্তি হয়৷ এনে পৰিস্থিতিত প্ৰাক্তন মন্ত্ৰী তথা প্ৰাক্তন বিধায়ক ভৰত নৰহে অসহায় অৱস্থাত মঞ্চৰ পৰা মাইকত উলিয়াই দিব নালাগে, উলিয়াই দিব নালাগে বুলি ঘোষণা দিয়াত ব্যস্ত হৈ পৰে৷ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ উত্তৰ অসমৰ তত্বৱধায়ক বিকাশ উপাধ্যায়ো মঞ্চৰ পৰা নামি আহে আৰু যুৱ কংগ্ৰেছৰ কৰ্মীসকলক বুজনি দিয়ে৷ পৰৱৰ্তীকালত তেওঁলোকৰ লগত বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ আশ্বাস দিয়াত ৰাণীবিৰোধী কংগ্ৰেছীসকল ক্ষান্ত হয়৷ উল্লেখ্য, কিছুদিন পূৰ্বে ঘিলামৰাত অনুষ্ঠিত এখন কৰ্মী সভাতো অনুৰূপ ঘটনা সংঘটিত হৈছিল৷