Logo
image

বজাৰত ২২ কোটিত এয়াৰক্ৰাফ্‌ট ৬ কোটি টকাত সুলভ হেলিকপ্টাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ ছেপ্টেম্বৰঃ সমগ্ৰ বিশ্বৰ গতিশীলনতাৰ সৈতে তাল মিলাই অসমৰ বিজেপি চৰকাৰখনো গতিশীল হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাজ্য চৰকাৰৰ গতিশীলতা অধিক ত্বৰান্বিত হৈছে৷ এতিয়া সকলো কামেই হয় ক্ষিপ্ৰগতিত৷ অভিযুক্ত অপৰাধী হিচাপে প্ৰমাণিত হোৱাৰ পূৰ্বেই আৰক্ষীৰ গুলীত হতাহত হয়, মাটি-বাৰী ক্ৰয়-বিক্ৰয়ৰ কাম-কাজো সুচল হৈছে, কিয়নো দালালবিহীন অসমত এতিয়া অনলাইনত আবেদন জনায়েই সুষম  গতিত ক্ৰয়-বিক্ৰয় সম্পন্ন কৰিব পৰা হৈছে ৰাজ্যৰ বাসিন্দাই৷ পিছে চৰকাৰৰ এই অধিক গতিশীলতাৰ বিষয়টো ঘাইকৈ প্ৰতিফলিত হৈছে ৰাজ্যই বিমান আৰু হেলিকপ্টাৰৰ ভাৰাৰ বাবদ প্ৰদান কৰা ধনৰ পৰিমাণত৷ কিয়নো এতিয়াৰ পৰা চাৰিটা বিত্তীয় বৰ্ষৰ পূৰ্বে ৰাজ্য চৰকাৰে বিমান আৰু হেলিকপ্টাৰত বছৰি যিমান ভাৰা আদায় দিছিল, এতিয়াৰ গতিশীল চৰকাৰে এবছৰত তাৰ প্ৰায় তিনিগুণ ভাৰা আদায় দিছে৷ ২০১৮-১৯ বিত্তীয় বৰ্ষত ১৩ কোটি টকা বিমান-হেলিকপ্টাৰৰ ভাৰাৰ বাবদ আদায় দিয়া চৰকাৰে ২০২২-২৩ বিত্তীয় বৰ্ষত আদায় দিছে ৩৪ কোটি ১৩ লাখ টকা৷ পিছে ৰাজ্যৰ একাংশ হিচাপী লোকৰ মতে ৰাজ্য চৰকাৰে আদায় দিয়া বিমান আৰু হেলিকপ্টাৰৰ ভাৰা একপ্ৰকাৰ অপব্যয়হে৷ কিয়নো, ইয়াৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে যদি এখন জেট বিমান আৰু দুখনমান হেলিকপ্টাৰ ক্ৰয় কৰি লয়, তেন্তে চৰকাৰৰ বহু ধন ৰাহি ৰ’ব৷ যিহেতু চৰকাৰে ব্যয় কৰা ধন ৰাজ্যৰ বাসিন্দাৰ পৰা তোলা কৰৰ জমাহে, সেয়ে চৰকাৰে অবিবেচকৰ দৰে বিমান হেলিকপ্টাৰৰ ভাৰাত কৰা এই ব্যয় ৰাজ্যবাসীৰ অনেকেই সহ্য কৰিব পৰা নাই৷ যিহেতু চৰকাৰে কাম-কাজৰ গতিশীলতা অব্যাহত ৰখাৰ বাবে বিমান আৰু হেলিকপ্টাৰ ব্যৱহাৰ কৰাটো অপৰিহায্য হৈ পৰিছে, সেয়ে ভাৰা দি ধন খৰচ কৰাতকৈ এখন এয়াৰক্ৰেফট আৰু দুখনমান হেলিকপ্টাৰ কিনি লোৱাৰ পোষকতা কৰিছে ৰাজ্যৰ হিচাপী ভোটাৰে৷ কিয়নো, তেতিয়া ৰাজ্য চৰকাৰৰ বিমান আৰু হেলিকপ্টাৰৰ ভাৰাত কৈ নিজৰ বিমান-হেলিকপ্টাৰ চলোৱাৰ ব্যয় কম হ’ব৷

আজিৰ দিনত ইউৰোকপ্টাৰ, আগষ্টাৱেষ্টলেণ্ড, বেল লংৰেঞ্জাৰ, ছিকৰস্কি, দ্য এ চি এইচ ১৬০ হেলিকপ্টাৰ ৫ কোটি টকাৰ পৰা ২০ কোটি টকাৰ ভিতৰত কিনিবলৈ পোৱা যায়৷ এই সকলোকেইটা কোম্পানীৰ হেলিকপ্টাৰ সমগ্ৰ বিশ্বত সমাদৃত আৰু নিৰাপদ৷ অসমৰ আকাশত উৰি থকা হেলিকপ্টাৰৰ মান এইকেইটা কোম্পানীৰ হেলিকপ্টাৰৰ সমান উন্নত নহয় বুলিও বিশেষজ্ঞই কয়৷

আনহাতে ৮-১০ আসনযুক্ত এখন বীচ্ছক্ৰেফট প্ৰিমিয়াৰ জেট বিমানৰ দাম আজিৰ বজাৰত ২২ কোটি টকা৷ বীচ্ছক্ৰেফট প্ৰিমিয়াৰ বিশ্বৰ বহু আগশাৰীৰ উদ্যোগপতিয়ে ব্যৱহাৰ কৰাৰ কাৰণ হৈছে মিতব্যয়িতা আৰু নিশ্চিত নিৰাপত্তা৷ বীচ্ছক্ৰেফট প্ৰিমিয়াৰৰ উপৰি ছেচনা, হ’কাৰ ৯০০ এক্স পি, ডাছো ফেলকন ইত্যাদিও এনেদৰে কম যাত্ৰীৰ বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিৰাপদ আৰু মিতব্যয়ী৷ কিয়নো হ’কাৰ ৯০০ এক্সপি এয়াৰক্ৰেফটৰ মূল্য ৪৬ কোটি, ডাছো ফেলকনৰ ৬০ কোটি আৰু ছেছনাৰ বিমানভেদে ৫০-৭০ কোটি টকা৷ তদুপৰি নিৰাপদ আৰু কম মূল্যৰ জেট হিচাপে অসম চৰকাৰে এমব্ৰাৰ ফেল্টম ৩০০ ই লেক্সটেণ্ট ৬০৪ এক্সটি, হোণ্ডা জেট এলিট এছ ইত্যাদিৰ কথাও বিবেচনা কৰিব পাৰে৷ কিয়নো বহুল ব্যৱহৃত এই বিমানসমূহৰ মূল্য প্ৰকাৰভেদে ৬০ কোটিৰ পৰা ৯০ কোটি টকাৰ ভিতৰত৷

চৰকাৰে বিমান ক্ৰয় কৰিলে একাধিক দিশৰ পৰা কৰদাতাৰ ধন ৰাহি হ’ব৷ কিয়নো এই জেট বিমানসমূহৰ আয়ুস কমেও ২৫ বছৰ৷ অৰ্থাৎ অসমে এনে বিমান এখন ক্ৰয় কৰিলে ৰাজ্যৰ ৫ জন মুখ্যমন্ত্ৰীয়ে ব্যৱহাৰ কৰিব পাৰিব৷ বিমান আৰু হেলিকপ্টাৰৰ ‘মেইনটেনেন্স’ৰ ব্যয় মাহেকত চৰকাৰে আনক ৫০ ঘণ্টা ভাৰা দিলেই ওলাই আহিব৷ সেই দিশতো চৰকাৰৰ ৰাজকোষৰ পৰা খৰছ নহ’ব৷ কেৱল বিষয়টো চৰকাৰে গুৰুত্বসহকাৰে গ্ৰহণ কৰিব লাগিব৷ তেতিয়া অসমৰ কৰদাতাৰ ধনেৰে অৰ্থাৎ দৰিদ্ৰ অসমীয়াৰ ধনেৰে কোনো বহিৰাগত বিমান ব্যৱসায়ী চহকী নহ’ব৷ অসমৰ ধন অসমতে থাকিব৷ চৰকাৰে নিজৰ গতিশীলতা অব্যাহত ৰখাৰ বাবে এয়া হ’ব উৎকৃষ্ট পদক্ষেপ৷