Logo
image

দেশত বন্ধ হোৱাৰ পথত ডিজেল গাড়ী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ ছেপ্টেম্বৰঃ ডিজেল চালিত গাড়ীত এতিয়াই কেন্দ্ৰীয় চৰকাৰে বিক্ৰীকৰ বা প্ৰদূষণ কৰ হিচাপে ১০ শতাংশ কৰ আৰোপ কৰা নাই বুলি স্পষ্ট কৰি দিছে কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰিয়ে৷ অৱশ্যে অত্যধিক ডিজেল গাড়ী আৰু জেনেৰেটৰ বিক্ৰী হ’লে ভৱিষ্যতে চৰকাৰে তেনে সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব বুলি গাডকাৰিয়ে মন্তব্য কৰিছে৷ এই সকীয়নি দি তেওঁ দেশৰ গাড়ী নিৰ্মাতা কোম্পানীৰ সংগঠন ‘ছিয়াম’ক ডিজেল গাড়ীৰ নিৰ্মাণ ঢাপে ঢাপে হ্ৰাস কৰি এসময়ত একেবাৰে বন্ধ কৰিবলৈ আহ্বান জনাইছে৷ তেওঁ কয় যে ২০৭০ চনত শূন্য কাৰ্বন নিৰ্গমনৰ বাবে যি বিশ্বজনীন সংকল্প লোৱা হৈছে, সেয়া কাৰ্যকৰী কৰাৰ অৰ্থে ভাৰতত এসময়ত ডিজেল ইন্ধনৰ দ্বাৰা চালিত গাড়ী সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব৷ সেই লক্ষ্যৰ দিশে আগবাঢ়ি যাওতে ভাৰতীয় গাড়ী নিৰ্মাণ কোম্পানীয়ে ক্ৰমাৎ ডিজেলচালিত গাড়ীৰ নিৰ্মাণ হ্ৰাস কৰি আহিব লাগিব বুলি কয়৷ তেওঁ দেশবাসীক সেউজ ইন্ধন ব্যৱহাৰৰ প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়৷ উল্লেখ্য, একাধিক সংবাদ মাধ্যমত ডিজেল চালিত গাড়ীত ১০ শতাংশ জিএছটি আৰোপ কৰা বুলি বাতৰি প্ৰকাশ পোৱাৰ লগে লগে টাটা, মাৰুতিকে ধৰি অটোম’বাইল কোম্পানীৰ শ্বেয়াৰ বজাৰৰ দৰ হঠাৎ পতন ঘটিছিল৷ সেয়ে লগে লগে গাডকাৰিয়ে চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে৷