Logo
image

ভূমিৰ পৰা চন্দ্ৰলৈ...

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ ছেপ্টেম্বৰঃ ভূমি এৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা একেকোবে চন্দ্ৰ পালেগৈ৷ নিজ ৰাজ্যত উত্থাপিত ভূমি কেলেংকাৰিৰ অভিযোগ ৰাজ্যতে এৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শনিবাৰে উপস্থিত হ’লগৈ মধ্যপ্ৰদেশৰ কাটনিত আৰু তাৰ পৰাই তেওঁ অংগীকাৰ কৰিলে বিৰোধী দল কংগ্ৰেছক চন্দ্ৰলৈ পঠিওৱাৰ৷ মধ্যপ্ৰদেশত চলিত বছৰৰ শেষত ৰাজ্য বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ইতিপূৰ্বে এমাহৰ আগতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি শাসিত ৰাজ্যখনত নিৰ্বাচনী অভিযান আৰম্ভ কৰিছে৷ শনিবাৰে কাটনিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে আৰু কটাক্ষ-বিদ্ৰুপেৰে কংগ্ৰেছক থকা-সৰকা কৰি শাণিত আক্ৰমণ কৰে৷ ভাষণৰ মাজত হিমন্ত বিশ্ব শৰ্মাই কয়– ‘সঠিক সময়ত ইছৰোৱে চন্দ্ৰযান নিৰ্মাণ কৰিছে৷ সেই চন্দ্ৰযানত তুলি মই গোটেই কংগ্ৰেছ দলটোকে চন্দ্ৰলৈ পঠিয়াই দিম৷ তাতে তেওঁলোকে চৰকাৰ গঠন কৰিব৷ ৰাহুল গান্ধী জীৱনত ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব নোৱাৰে৷ তেওঁকো চন্দ্ৰলৈ পঠিয়াই দিব লাগিব, তাতে তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকিব৷’ এই ৰাজহুৱা সভাত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু ২৮ টা বিৰোধী দলৰ সন্মিলিত জোঁট ‘ইণ্ডিয়া’ক কঠোৰ ভাষাৰে আক্ৰমণ কৰে৷ তেওঁ কয়– ‘বিৰোধী দলে ইণ্ডি এলায়েন্স নে কি নামৰ এটা জোঁট খুলিছে৷ ইণ্ডিয়া নাম দি দিলেই দেশৰ ভোটাৰে তেওঁলোকক ভোট দিব নেকি? মই যদি মহাত্মা গান্ধীৰ নাম লৈ লওঁ, তেন্তে মই মহাত্মা গান্ধী হৈ যাম নেকি? ইণ্ডিয়া বুলি কৈ বিৰোধী দল বিজয়ী হ’ব নোৱাৰে৷ এইবাৰ বিজেপিয়ে আৰু সামগ্ৰিকভাৱে এন ডি এই বিগতবাৰতকৈ অধিক ভোট পাই পুনৰ চৰকাৰ গঠন কৰিব৷ তেওঁলোকে সনাতন ধৰ্মক অপমান কৰিছে৷ উদয়ানিধি ষ্টেলিনে সনাতন ধৰ্মক ডেংগু, এইডছৰ সৈতে তুলনা কৰিছে৷ তেওঁলোকৰ পৰাজয় নিশ্চিত৷ ডি এম কেক জোঁটৰ পৰা আঁতৰালে তেওঁলোকে হয়তো কিছু ভোট পাব৷ নহ’লে ভাৰতৰ কোন হিন্দুৱে এনে এটা জোঁটক ভোটদান কৰিব?’
উল্লেখ্য, শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মাই বিহাৰৰ নালন্দাত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল৷ সেই সময়ত দিছপুৰত চলি আছিল বিধানসভাৰ অধিৱেশন৷ সেই অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই কলিয়াবৰত ক্ৰয় কৰা ১০৬ বিঘা কৃষিভূমি শ্ৰেণী সলনি কৰি উদ্যোগভূমি কৰাৰ  অভিযোগত সদন উত্তাল কৰি তুলিছিল বিৰোধী দলে৷ তদুপৰি ৰিণিকি ভূঞা শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশাধন মন্ত্ৰণালয়ৰ পৰা ১০ কোটি টকাৰ ৰাজসাহায্যৰ অনুমোদন লাভ কৰাৰ অভিযোগত বিৰোধীয়ে সদনত তালফাল লগাইছিল৷ পিছে সদনত অনুপস্থিত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধীৰ অভিযোগৰ উত্তৰ দিয়া নাছিল৷ অৱশ্যে আগদিনাৰ পৰাই কালিও তেওঁ কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ সৈতে এই দুই অভিযোগক লৈ টুইট যুদ্ধত অৱতীৰ্ণ হৈ আছিল৷ সেই ভূমিৰ অভিযোগ তেওঁ তাতেই এৰি এতিয়া ব্যস্ত হৈ পৰিছে বিজেপিৰ ৰাষ্ট্ৰীয়  সূচীত৷ 

‘ইণ্ডিয়া’ৰ ভূপাল বৈঠক বাতিল

বিৰোধী জোঁট ‘ইণ্ডিয়া’ই তেওঁলোকৰ  প্ৰথমখন ৰাজহুৱা সভা অক্টোবৰৰ প্ৰথম সপ্তাহত ভূপালত অনুষ্ঠিত কৰিব বুলি সিদ্ধান্ত ল’লেও সেই সভা সাময়িকভাৱে বাতিল হৈছে৷ চলিত বছৰৰ শেষত মধ্যপ্ৰদেশত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ সেয়ে বিৰোধী জোঁটে অক্টোবৰৰ প্ৰথম সপ্তাহত মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত প্ৰথমখন যৌথ সমাৱেশ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল৷ পিছে শনিবাৰে বিৰোধী জোঁটৰ পক্ষৰ পৰা জনোৱা হয় যে ভূপালত এতিয়াই ‘ইণ্ডিয়া’ৰ যৌথ সমাৱেশ অনুষ্ঠিত নহয়৷ কেতিয়াকৈ এনে যৌথ সমাৱেশ অনুষ্ঠিত হ’ব সেই সন্দৰ্ভত জোঁটৰ পক্ষৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই৷ ‘ইণ্ডিয়া’ৰ আৰম্ভণিতেই হোৱা এই খেলিমেলিত বিজেপিয়ে কটাক্ষ কৰি কৈছে যে, সনাতন ধৰ্মক লৈ ডি এম কেৰ নেতা উদায়ানিধি ষ্টেলিনে কৰা মন্তব্যৰ ক্ষেত্ৰত জোঁটৰ ভিতৰত হোৱা মনোমালিন্যৰ বাবেই তেওঁলোকে সমাৱেশ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত পিছহুহকিবলৈ বাধ্য হৈছে৷