Logo
image

ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত, অপেক্ষা ৰাষ্ট্ৰপতিৰ চহীলৈ

নতুন দিল্লী, ২২ ছেপ্টেম্বৰঃ অৱশেষত লোকসভাৰ দৰেই ৰাজ্যসভাতো আজি নিশা  বহুচৰ্চিত ‘নাৰীশক্তি বন্দন অধিনিয়ম’ শীৰ্ষক মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত হয়৷ বিধেয়কখন আইনত পৰিণত হ’বলৈ এতিয়া মাথো অপেক্ষা ৰাষ্ট্ৰপতিৰ স্বাক্ষৰলৈ৷ উল্লেখ্য যে আজি বিধেয়কখনক লৈ সংসদৰ উচ্ছ সদনত নিশালৈকে আলোচনা চলে৷ আলোচনাকালত শাসক-বিৰোধী দুয়োপক্ষৰ সাংসদসকলে নিজৰ যুক্তি আগবঢ়ায়৷ নিশা ১০ বজাৰ আগে আগে বিধেয়কখনক  লৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়৷ তাৎপৰ্যপূৰ্ণ যে আজিৰ ভোটদানত ৰাজ্যসভাত উপস্থিত থকা ২১৫ গৰাকী সাংসদৰ প্ৰতিগৰাকীয়েই বিধেয়কখনৰ সপক্ষে ভোটদান কৰে৷ বিধেয়কখনৰ বিৰুদ্ধে এটাও ভোট নপৰাত অৱশেষত মহিলা সংৰক্ষণ বিধেয়কখন সৰ্বসন্মতিক্ৰমে গৃহীত হোৱা বুলি ঘোষিত হয়৷ ইয়াৰ লগে লগে দেশত মহিলাৰ  সংৰক্ষণক লৈ নতুন ইতিহাস সৃষ্টি হয়৷ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ প্ৰাকক্ষণত  ৰাজ্যসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈ বহুচৰ্চিত বিধেয়কখনক সকলোৱে সমৰ্থন জনোৱাৰ বাবে তেওঁ শাসক-বিৰোধী উভয়পক্ষৰ সাংসদসকলক ধন্যবাদ জ্ঞাপন কৰে৷ স্মৰ্তব্য যে নাৰীশক্তি বন্দন অধিনিয়ম শীৰ্ষক মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত হোৱাৰ লগে লগে মহিলাৰ  বাবে লোকসভা, ৰাজ্য বিধানসভা আৰু দিল্লী বিধানসভাত  ৩৩ শতাংশ আসন সংৰক্ষণ হোৱাটো নিশ্চিত হৈ পৰিল৷ লোকসভাৰ দৰে ৰাজ্যসভাতো আজি এই বিধেয়কখন উত্থাপন কৰে আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে৷ ইয়াৰ পূৰ্বে বুধবাৰে লোকসভাৰ বিশেষ অধিৱেশনত মহিলা সংৰক্ষণ বিধেয়কখন অভূতপূৰ্ব সমৰ্থনৰ জৰিয়তে গৃহীত হৈছিল৷ বুধবাৰে দিনজোৰা বিতৰ্ক আৰু আলোচনাৰ অন্তত হোৱা ভোটগ্ৰহণত বিধেয়কখনৰ সপক্ষে ৪৫৪ গৰাকী সাংসদে ভোটদান কৰাৰ বিপৰীতে ২ গৰাকী সাংসদে মহিলা সংৰক্ষণ বিধেয়কখনৰ বিৰুদ্ধে ভোটদান কৰে৷ উল্লেখ্য যে এই বিধেয়কখন আইনত পৰিণত হোৱাৰ পাছতে লোকসভাত মহিলা সাংসদৰ সংখ্যা এতিয়াৰ ৮২ গৰাকীৰ সলনি ১৮১ গৰাকীলৈ বৃদ্ধি পাব৷ স্মৰ্তব্য যে ২০১০ চনত ইউ পি এ চৰকাৰৰ আমোলত ৰাজ্যসভাত গৃহীত হোৱা এই বিধেয়কখন লোকসভাত অনিৰ্ণিত হৈ থাকোতেই ইউ পি এ চৰকাৰৰ কাৰ্যকালৰ সামৰণি পৰিছিল৷ ইয়াৰ পৰৱৰ্তী সময়ত নতুনকৈ শাসনভাৰ লোৱা চৰকাৰখনে বিধেয়কখন লোকসভাত গৃহীত কৰিবলৈ আগ্ৰহ নেদেখুৱালে৷ সেই সময়ত লোকসভাত বিধেয়কখনৰ ঘোৰ বিৰোধিতা কৰে ৰাষ্ট্ৰীয় জনতা দল আৰু সমাজবাদী পাৰ্টী৷ স্মৰ্তব্য যে মহিলা সংৰক্ষণৰ বিধেয়ক পোন প্ৰথমে ১৯৯৪ চনত গীতা মুখাৰ্জীয়ে ‘প্ৰাইভেট মেম্বাৰ্ছ বিল’ হিচাপে সংসদত উত্থাপন কৰিছিল৷ পিছে চি পি আই সাংসদ গীতা মুখাৰ্জীৰ সেই বিধেয়ক সংসদত গৃহীত হোৱা নাছিল৷