Logo
image

চীন এছিয়াডত অৰুণাচলী খেলুৱৈ নিষিদ্ধ, খেলিব ভাৰতে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ ছেপ্টেম্বৰঃ কেৱল লাডাখ, অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ ভূখণ্ডক লৈয়েই ভাৰত-চীনৰ তিক্ততাপূৰ্ণ সম্পৰ্ক অব্যাহত থকা নাই, এইবাৰ তিক্ততা বিয়পিছে ক্ৰীড়াক্ষেত্ৰলৈও৷ অৰুণাচল প্ৰদেশৰ তিনিগৰাকী মহিলা উশ্বু খেলুৱৈক হাংঝৌত অনুষ্ঠিত মহাদেশৰ বৃহত্তম প্ৰতিযোগিতা এছিয়ান গেমছৰ বাবে চীনে ভিছা প্ৰদান নকৰাত প্ৰতিবেশী দুইখন দেশৰ সংঘাতে এইবাৰ ক্ৰীড়াক্ষেত্ৰকো আঘাত কৰিছে৷ হাংঝৌত শনিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া এছিয়ান গেমছত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা অৰুণাচল প্ৰদেশৰ তিনিগৰাকী মহিলা উশ্বু খেলুৱৈ ক্ৰমে নেইমান ৱাংছু, অনিলো তেগা আৰু মেপুং লামগুক চীনৰ বৈদেশিক মন্ত্ৰণালয়ে ভিছা প্ৰদান নকৰিলে৷ ফলত এই তিনিগৰাকী সদস্যক বাদ দিয়েই যোৱা বুধবাৰে উশ্বু দলৰ বাকী জ্জগৰাকী খেলুৱৈ আৰু এজন কৰ্মকৰ্তা হংক লৈ চীনৰ হাংঝৌলৈ ৰাওনা হয়৷ এই বিষয়টো চলিত সপ্তাহৰ আৰম্ভণিতে ভাৰতীয় অলিম্পিক কতৃৰ্পক্ষ আৰু ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ জ্ঞাত হ’লেও সম্পূৰ্ণ বিষয়টো গোপনে ৰখা হৈছিল৷ ৩ দিন পূৰ্বে উশ্বু দলৰ অন্যান্য সদস্য হাংঝৌলৈ ৰাওনা হ’লেও অৰুণাচল প্ৰদেশৰ তিনিগৰাকী ভিছা- বঞ্চিত খেলুৱৈক নতুন দিল্লীৰ ‘ছাই’ৰ হোষ্টেলত তেতিয়াৰ পৰা ৰাখি থৈছে ভাৰতীয় অলিম্পিক সংস্থাৰ কতৃৰ্পক্ষই৷ কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ে সম্পূৰ্ণ ঘটনাটো শুকুৰবাৰে দিনৰ ভাগতহে পোহৰলৈ আনে৷ ভাৰতীয় অলিম্পিক সংস্থা আৰু বৈদেশিক মন্ত্ৰণালয়ৰ বিষয়টো ৩ দিন ধৰি গোপনে ৰখাৰ কাণ্ডত সন্দেহৰ সৃষ্টি হৈছে৷

ভাৰতে চীনৰ এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰিছে আৰু ক্ৰীড়াক্ষেত্ৰক ৰাজনীতিৰ পৰা মুক্ত কৰি ৰাখিবলৈ সক্ষম নোহোৱাৰ বাবে চীনক সমালোচনা কৰিছে৷ এই ঘটনাৰ প্ৰতিবাদকল্পে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰে চীনৰ এছিয়ান গেমছলৈ যাবলগীয়া সূচী বাতিল কৰিছে৷ কিন্তু ৰাজনৈতিক মহলৰ মতে এই প্ৰতিবাদ প্ৰকৃততে তেনেই অৰ্থহীন৷ ভাৰতে এইদিশত অধিক সাহসী প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিল বুলি ক্ৰমাত জনমত সৃষ্টি হৈছে৷ ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে তিনিগৰাকী ভাৰতীয় খেলুৱৈক চীনে ভিছা প্ৰদান নকৰাৰ বিষয়টো উদ্দেশ্যধৰ্মী আৰু পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে৷ বৈদেশিক মন্ত্ৰণালয়ে এটা বিবৃতিত কয়–‘ভাৰতীয় নাগৰিকক বাসস্থান আৰু জাতিগত পাৰ্থক্যৰ ভিত্তিত চীনে বিচাৰ কৰাৰ কাৰ্যক ভাৰতে সৱলভাৱে প্ৰত্যাখান কৰিছে৷ অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু অৰুণাচল প্ৰদেশৰ বাসিন্দা ভাৰতৰ নাগৰিক৷ চীনে অৰুণাচল প্ৰদেশৰ খেলুৱৈৰ প্ৰতি পৃথক দৃষ্টিভংগী প্ৰদান কৰি এছিয়ান গেমছৰ সংহতি ভংগ কৰিছে আৰু মহাদেশৰ বৃহত্তম ক্ৰীড়া প্ৰতিযোগিতাখনৰ নীতি-নিয়ম উলংঘা কৰিছে৷ ভাৰতে এইক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিজস্ব অধিকাৰ আছে৷’

চীনে এছিয়ান গেমছত ভাগ ল’বলগীয়া ভাৰতীয় খেলুৱৈক ভিছা প্ৰদান নকৰাৰ বিষয়টোৱে সমগ্ৰ এছিয়াতে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু অলিম্পিক কাউন্সিল অৱ এছিয়া বিষয়টোত জড়িত হৈ পৰিছে৷ পিছে শুকুৰবাৰে বিয়লি অলিম্পিক কাউন্সিল অব এছিয়াৰ ইথিক্স কমিটীৰ অধ্যক্ষ ৱেই ঝিজহঙে দাবী কৰা অনুসৰি ভাৰতীয় এথলীট তিনিগৰাকীক চীনে ভিছা প্ৰদান কৰিছিল৷ ভাৰতীয় কতৃৰ্পক্ষইহে ভিছা গ্ৰহণ কৰা নাই৷ ৱেই জিঝহঙে কয়–‘ভাৰতীয় এথলীট তিনিগৰাকীক চীনত প্ৰৱেশ কৰাৰ বাবে ভিছা প্ৰদান কৰা হৈছে৷ দুৰ্ভাগ্যবশতঃ এথলীট কেইগৰাকীয়েহে ভিছা গ্ৰহণ নকৰিলে৷ মই এয়া অলিম্পিক কাউন্সিল অৱ ইণ্ডিয়াৰ সমস্যা বুলি নাভাবো৷ কিয়নো যোগ্যতা আহৰণ কৰা প্ৰত্যেক খেলুৱৈকে চীনত প্ৰৱেশ কৰি এছিয়াডত ভাগ ল’বলৈ দিয়াৰ বাবে চীনে চুক্তি কৰি থৈছে৷ এয়া স্পষ্ট৷’ অলিম্পিক কাউন্সিল অৱ এছিয়াৰ মুৰব্বী ৱেই জিঝহঙৰ এই বক্তব্য আনুষ্ঠানিক আৰু বিশ্বাসযোগ্য বুলি ভবাৰ থল আছে৷ কিয়নো আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ অধীনষ্ঠ এছিয়াৰ সৰ্বোচ্ছ অলিম্পিক সংগঠনটোৰ মুৰব্বীয়ে এই বিষয়ত ইমান গুৰুতৰ মিথ্যাচাৰৰ আশ্ৰয় ল’ব নোৱাৰিব৷ এছিয়াডৰ ক্ষেত্ৰত তেওঁৰ প্ৰতিটো বক্তব্যই দায়িত্বপূৰ্ণ৷

এইক্ষেত্ৰত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ কোনো কৌশল লুকাই আছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো ইমান গুৰুতৰ বিষয়টো তেওঁলোকে তিনিদিন ধৰি গোপন কৰি ৰাখি অৰুণাচল প্ৰদেশৰ তিনি খেলুৱৈৰ ৮ সতীৰ্থক বুধবাৰেই চীনলৈ পঠিয়াইছিল৷ প্ৰসংগতঃ, বিগত জুলাইত চীনৰ আন্তঃ বিশ্ববিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাত ভাগ লোৱা অৰুণাচলৰ উশ্বু খেলুৱৈক চীনে ষ্টেপলড ভিছা দিছিল৷ ষ্টেপলড ভিছা হৈছে পাছপৰ্টত ষ্টাম্প মাৰি ভিছা প্ৰদানৰ পৰিৱৰ্তে এখন কাগজত ভিছা অৰ্থাৎ দেশখনত প্ৰৱেশৰ অনুমতি দি পাছপৰ্টত ষ্টেপল বা পিন মাৰি দিয়াৰ ব্যৱস্থা৷ ষ্টেপলড ভিছাক অপমানজনক বুলি গণ্য কৰা হয়৷ এছিয়াডৰ ক্ষেত্ৰতো চীনে একে ব্যৱস্থা লৈছিল নেকি সেয়া এতিয়াও স্পষ্ট নহয়৷ কিয়নো এই সন্দৰ্ভত ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়, ভাৰতীয় অলিম্পিক এছ’চিয়েচনে স্পষ্ট কৰা নাই৷ আনহাতে তিনি অৰুণাচলী এথলীটক নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ‘ছাই’ হোষ্টেলত এনেকৈ ৰখা হৈছে, যাৰ সৈতে সংবাদ মাধ্যমৰ যোগাযোগ সম্ভৱ নহয়৷ আনকি পৰিয়ালে বহু চেষ্টা কৰিও এই তিনিগৰাকী খেলুৱৈৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা নাই৷ তিনিওটা পৰিয়ালে সেয়ে সংবাদ মাধ্যমৰ আগত উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ চৰ্চা হৈছে, সংসদৰ বিশেষ অধিৱেশন চলি থকাৰ বাবেই মোদী চৰকাৰে বিগত তিনিদিন এই ঘটনাটো গোপনে ৰাখিছিল৷ কিয়নো বুধবাৰেই এই ৩ অৰুণাচলী এথলীটৰ সতীৰ্থ চীনলৈ ৰাওনা হৈছিল, যিসকলে অন্ততঃ এদিন পূৰ্বেই চীনৰ ভিছা লাভ কৰিছিল আৰু অৰুণাচলৰ ৩ এথলীটে ভিছা নোপোৱা বিষয়টোও তেতিয়াই নিশ্চিত হৈছিল৷ সংসদৰ বিশেষ অধিৱেশন এই বিষয়টোক লৈ উত্তপ্ত হৈ পৰিব পাৰে বুলি আৰু চীনৰ বিৰুদ্ধে মোদী চৰকাৰৰ দুৰ্বলতা প্ৰকট হৈ পৰিব পাৰে বুলি সমস্ত বিষয়টো কেন্দ্ৰই কমেও তিনিদিন গোপন কৰি ৰখা বুলি ব্যাপক চৰ্চা হৈছে৷ সেই দিশৰ পৰা কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰৰ চীন ভ্ৰমণ বাতিল তেনেই নগণ্য প্ৰতিবাদহে বুলিও সমালোচনা আৰম্ভ হৈছে৷

আনহাতে চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ মাও নিঙক নিয়মিত সংবাদ মেলৰ সময়ত বিষয়টো সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয়–‘আয়োজক দেশ হিচাপে চীনে সকলো দেশৰ বৈধ নথি লৈ অহা সকলো খেলুৱৈক এছিয়ান গেমছলৈ স্বাগতম জনাইছে৷ আনহাতে তথাকথিত অৰুণাচল প্ৰদেশক চীনৰ চৰকাৰে স্বীকৃতি দিয়া নাই৷ ঝাংনাম [ছিঝাং স্বায়ত্বশাসিত অঞ্চলৰ চীনৰ দক্ষিণ পশ্চিম অংশ] চীনৰ নিজস্ব ভূখণ্ড৷’