Logo
image

ৰাজ্যৰ ২৭০টা অমৃত কলহ কেনেকৈ নিয়া হ’ব দিল্লীলৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ ছেপ্টেম্বৰঃ অমৃত বৃক্ষৰ পিছত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পুুৰুষ মহিলা ব্যস্ত হৈ পৰিছে অমৃত কলহ যাত্ৰাক লৈ৷ কেৱল পুৰুষ-মহিলাই নহয় বিজেপি দলৰ অধিকাংশ মন্ত্ৰী-বিধায়ক আৰু সাংসদো জড়িত হৈ পৰিছে এই যাত্ৰাত৷ মূলতঃ দলীয় কৰ্মীসকল লগত লৈ বিজেপিৰ দলৰ নেতা বিধায়কসকলে ২০ ছেপ্টেম্বৰৰ পৰা ঘৰে ঘৰে গৈ এমুঠি মাটি সংগ্ৰহ অভিযান অব্যাহত ৰাখিছে৷ মন্ত্ৰী আশাক সিংঘালেও শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ ৩০নং ৱাৰ্ডত আয়োজিত অমৃত কলহ যাত্ৰাত  অংশ লয়৷ অন্য মন্ত্ৰী বিধায়কসকলেও নিজৰ নিজৰ সমষ্টিৰ বিভিন্ন স্থানত অব্যাহত ৰাখিছে মাটি সংগ্ৰহ অভিযান৷ এই সংগৃহীত মাটি ৰাজধানী এক্সপ্ৰেছ ৰে’ল যোগে নতুন দিল্লীলৈ লৈ যোৱা হ’ব চৰকাৰী উদ্যোগত৷ স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত এই ‘অমৃত কলহ’ কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে৷ সমগ্ৰ দেশৰ প্ৰতিঘৰ মানুহ, প্ৰতিখন গাঁৱৰ মাটি একোটাকৈ কলহত সংগ্ৰহ কৰি সেয়া নতুন দিল্লীলৈ নিয়া হ’ব আৰু ৩০ অক্টোবৰত সমগ্ৰ দেশৰ মাটি নতুন দিল্লীত একত্ৰিত কৰি প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ‘অমৃত উদ্যান’ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব৷ ১৯ ছেপ্টেম্বৰৰ পৰা ২৬ অক্টোবৰলৈ অসমতো ‘মোৰ মাটি মোৰ দেশ’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷ ১৯ ছেপ্টেম্বৰৰ পৰা এক অক্টোবৰলৈ দুটাকৈ কলহত ১১ দিন অসমৰ প্ৰত্যেকখন গাঁৱৰ আৰু ৫০টা নিৰ্দিষ্ট পৌৰসভাত প্ৰত্যেকঘৰ মানুহৰ ঘৰে ঘৰে গৈ এমুঠিকৈ মাটি সংগ্ৰহ কৰা হ’ব৷ ৱাৰ্ডত যদি মাটি নাই তেন্তে এমুঠি চাউল কলহত দিলেও হ’ব৷ ২০ অক্টোবৰত প্ৰত্যেকখন গাঁৱৰ পৰা ২০০-৩০০ মানুহে শোভাযাত্ৰা, প্ৰভাত ফেৰী, সমদল কৰি ঢোলে-দগৰে নাম কীৰ্তনৰে গাঁৱৰ পঞ্চায়তৰ কাৰ্যালয়লৈ এই মাটিৰ কলহকেইটা লৈ আহিব৷ সমগ্ৰ ৰাজ্যতে এই অভিযানৰ বাবে জিলাসমূহক দুটা ভাগত ভাগ কৰা হৈছে৷ আঠ অক্টোবৰত পুনৰ পঞ্চায়তৰ পৰা ৩০০ মানুহে শোভাযাত্ৰা কৰি ব্লকৰ কাৰ্যালয়লৈকে অমৃত কলহটো লৈ আহিব৷ যদি পঞ্চায়তৰ পৰা ব্লকৰ কাৰ্যালয়টো অলপ দুৰ তেন্তে শোভাযাত্ৰাটো গাড়ী-মটৰেৰে হ’ব৷ নাম-কীৰ্তনৰে সন্মান সহকাৰে এই কলহ ব্লকৰ কাৰ্যালয়লৈ লৈ অহা হ’ব৷ ২৫ অক্টোবৰত পুৱা এই অমৃত কলহ দুখন গাড়ীৰে গুৱাহাটীলৈ অনা হয়৷ ৰাজ্যৰ ২৭০টা ব্লকৰ পৰা অমৃত কলহসমূহৰ গুৱাহাটী পৰিক্ৰমা আৰম্ভ হ’ব৷  এনচিচি, এনএছএছ বা বিহুৰ বিশ্ব ৰেকৰ্ড কৰা বিহুৱা-বিহুৱতীয়ে এই কলহ দুখন গুৱাহাটীলৈ লৈ আনিব৷ কোনে লৈ আনিব সেইটো জিলা আয়ুক্তসকলে ঠিক কৰিব৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২৫ অক্টোবৰত কলহসমূহ আহি গুৱাহাটীপাব৷ ২৫ অক্টোবৰত গুৱাহাটীৰ কলাক্ষেত্ৰত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হ’ব৷ য’ত ৰাজ্যৰ বিশিষ্ট লোকসকলে এই কলহ সংগ্ৰহ কৰিব৷ ২৭০টা অমৃত কলহ কলাক্ষেত্ৰতে ৰাখি আন ২৭০টা অমৃত কলহ পুৱা ৰাজধানী এক্সপ্ৰেছেৰে নতুন দিল্লীলৈ নিয়া হ’ব৷ ২৮ অক্টোবৰৰ পুৱা দিল্লীত থকা অসমীয়া ছাত্ৰ-ছাত্ৰী তথা পৰিয়ালসমূহে এই অমৃত কলহসমূহ আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব৷ ইয়াৰ পাছত নতুন দিল্লীৰ অসম ভৱনলৈ কলহসমূহ লৈ অনা হ’ব৷ ৩০ অক্টোবৰত জাতীয় পোছাক পৰিধান কৰি কলহসমূহ ৰাষ্ট্ৰীয় ৱাৰ মেম’ৰিয়েলৰ সমীপৰ প্ৰস্তাৱিত অমৃত উদ্যানলৈ লৈ যোৱা হ’ব৷ অমৃত উদ্যানত মাটিসমূহ বিলীন কৰি দিয়া হ’ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অমৃত উদ্যানৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব৷ কলাক্ষেত্ৰত থাকি যোৱা কলহসমূহ ২২ ডিচেম্বৰত গহপুৰলৈ সমদল কৰি নিয়া হ’ব৷ এই মাটি একত্ৰিত কৰি গহপুৰত কনকলতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব ৰাজ্য চৰকাৰে৷