Logo
image

আজি ভেলোৰত অসম ভৱন মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২৬ ছেপ্টেম্বৰঃ তামিলনাডুৰ ভেলোৰত আজি ‘অসম ভৱন’ মুকলি কৰিব অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ লক্ষণীয় বিষয় যে  প্ৰতিবছৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বহু সংখ্যক ৰোগীয়ে জটিল ৰোগৰ উন্নত চিকিৎসাৰ বাবে ভেলোৰলৈ যাবলগীয়া হয়৷ বিশেষকৈ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকে পৰিয়ালৰ সদস্যৰ জটিল ৰোগৰ চিকিৎসা কৰিবলৈ ভেলোৰলৈ গৈ আৰ্থিক সমস্যাৰ বাৰুকৈয়ে সন্মুখীন হ’বলগীয়া হয়৷ ৰোগীৰ চিকিৎসা ব্যয়ৰ লগতে ৰোগীৰ  পৰিচৰ্যাকাৰী তথা পৰিয়ালৰ লোকৰ থকা-খোৱাৰ বাবদ অধিক ধন খৰচ কৰিবলগীয়া হয়৷ যাৰ ফলত বহু পৰিয়ালে ভেটি-মাটি সকলো বিক্ৰী কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হয়৷ সেই পৰিপ্ৰেক্ষিতত মঙলবাৰে তামিলনাডুৰ ভেলোৰৰ চাথুভাচাৰিত মুকলি কৰিবলগীয়া অসম ভৱনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰোগী তথা ৰোগীৰ পৰিয়ালক বহু পৰিমাণে সকাহ দিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে৷ ২৩ কোটি টকা ব্যয় সাপেক্ষে ৪,৩৪০ বৰ্গমিটাৰ এলেকাত ভূমি মহলা, সেৱা মহলাসহ ষষ্ঠ মহলাৰ হ’ব ভেলোৰৰ ‘অসম ভৱন’৷ প্ৰথম মহলাত থাকিব অভ্যৰ্থনা, ডাইনিং হল, পাকঘৰ, গুদাম ঘৰ আৰু লবী৷ দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ মহলাত থাকিব ক্ৰমে যুটীয়া আৱাসিক আয়ুক্তৰ দুট বি এইচ কে এপাৰ্টমেণ্ট-কাৰ্যালয়, দুখন বিছনাযুক্ত কোঠা [৪০টা], ভিআইপি/ ভিভিআইপি ছুইট [২টা], সাতখন বিছনাযুক্ত মহিলা সংগক্ষিত কোঠা এটা৷ পাঁচখন বিছনাযুক্ত পুৰুষ-সংৰক্ষিত কোঠা [৩টা], চাৰিখন বিছনাযুক্ত কোঠা [৩টা]৷ তদুপৰি ভূমি মহলাত থাকিব এম্প’ৰিয়াম, বাহন চালকৰ কোঠা, সমূহীয়া শৌচালয়, বৈদ্যুতিক কোঠা৷ সেইদৰে সেৱামহলত থাকিব কৰ্মচাৰীৰ কোঠা ৰটা, একক বিছনাযুক্ত কোঠা ২টা, সমূহীয়া শৌচালয় ২টা আৰু লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়৷ মন কৰিবলগীয়া যে কৰ্কট ৰোগত আক্ৰান্ত ৰোগীসকলৰ ক্ষেত্ৰত দক্ষিণাত্যৰ ভেলোৰত প্ৰতিষ্ঠিত এই অসম ভৱনে এক নতুন আশাৰ সঞ্চাৰ কৰিছে৷ এই ভৱনে ভেলোৰত চিকিৎসাৰত অসমৰ ৰোগী তথা পৰিয়াললৈ আতিথ্যৰ সকলো সুবিধা প্ৰদানেৰে প্ৰৱাসক কৰি তুলিব সহনীয়৷ ভেলোৰৰ এই অসম ভৱন হৈছে অসম চৰকাৰৰ আন এক মানৱদৰদী পদক্ষেপ য’ত আছে সকাহ, সাহচৰ্য আৰু ৰোগ উপশমৰ নতুন আশাবাদ৷ উল্লেখ্য, মঙলবাৰৰ ‘অসম ভৱন’ মুকলি অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসো উপস্থিত থাকিব৷ এই নতুন অসম ভৱনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জটিল ৰোগত আক্ৰান্ত ৰোগী আৰু ৰোগীৰ পৰিয়াললৈ লৈ আহিছে আশাৰ বতৰা৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে ভেলোৰৰ ‘অসম ভৱন’ মুকলি অনুষ্ঠানত উপস্থিত থাকিব বুলি টুইটযোগে জানিবলৈ দিয়ে৷