Logo
image

ৰাহুল গান্ধীক মুকলি প্ৰত্যাহ্বান আছাদুদ্দিন ওৱেইছিৰ

হায়দৰাবাদ, ২৬ ছেপ্টেম্বৰঃ তেলেংগানাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে হায়দৰাবাদৰ সাংসদ তথা এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে দিয়ে ডাঙৰ প্ৰত্যাহ্বান৷ আছাদুদ্দিন ওৱেইছিয়ে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক মুকলিকৈ প্ৰত্যাহ্বান জনায় হায়দৰাবাদ লোকসভা সমষ্টিত তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ৷ হায়দৰাবাদ হৈছে আছাদুদ্দিন ওৱেইছিৰ গড়স্বৰূপ৷  ইয়াত তেওঁক পৰাস্ত কৰিবলৈ কাৰোৰে শক্তি নাই৷ গতিকে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীক হায়দৰাবাদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান জনাই ওৱেইছিয়ে ব্যাপক চৰ্চালৈ আহিছে৷ সাহস আছে যদি ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে কেৰালাৰ ৱেঅ’নাড লোকসভা সমষ্টিৰ সলনি হায়দৰাবাদ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি ওৱেইছিক পৰাস্ত কৰি দেখুৱাবলৈ জনোৱা আহ্বানে বৰ্তমান তেলেংগানাতো ব্যাপক চৰ্চা  লাভ কৰিছে৷ ওৱেইছিৰ মতে ৰাহুল গান্ধীয়ে ডাঙৰ ডাঙৰ মন্তব্য কৰে৷ কিন্তু বাস্তৱ সত্যৰ পৰা ৰাহুল গান্ধীয়ে বহু আঁতৰত অৱস্থান কৰা বুলি তেওঁ কয়৷ দেওবাৰে হায়দৰাবাদত হোৱা এখন ৰাজহুৱা সভাত ওৱেইছিয়ে এই প্ৰত্যাহ্বান জনায় ৰাহুল গান্ধীক৷