Not Found জুলাইত সন্ধানহীন হোৱা মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যা
Logo
image

জুলাইত সন্ধানহীন হোৱা মণিপুৰৰ দুই শিক্ষাৰ্থীক হত্যা

ইম্ফল, ২৭ ছেপ্টেম্বৰঃ কুকি আৰু মেইতেই সম্প্ৰদায়ৰ মাজত লগা ভয়ংকৰ গোষ্ঠীগত সংঘৰ্ষই উত্তৰ-পূবৰ ৰাজ্য মণিপুৰক উত্তপ্ত কৰি ৰখাৰ সময়তে ৬ জুলাইত ৰাজ্যখনত অপহৰণৰ বলি হোৱা দুই শিক্ষাৰ্থীৰ হত্যা হোৱাৰ বাতৰি  আহিছে৷ সামাজিক মাধ্যমত দুই শিক্ষাৰ্থীৰ ছবি বৰ্তমান ভাইৰেল হৈছে৷ তেওঁলোকক হত্যা কৰাৰ আগৰ আৰু হত্যাৰ পিছৰ এই ছবি দুখনে সকলোৰে চকু সেমেকাই তুলিছে৷ এখন ফটোত দেখা হৈছে দুয়োজন শিক্ষাৰ্থীয়ে বনেৰে ভৰা চৌহদত বহি থকা৷ তেওঁলোকৰ পিছফালে দুজন সশস্ত্ৰ লোক থিয় হৈ থকা দেখা গৈছে৷ দ্বিতীয়খন ছবিত দুয়োজন শিক্ষাৰ্থীৰ মৃতদেহ দেখা যায়৷ দুৰ্ভগীয়া শিক্ষাৰ্থী দুজনৰ পৰিচয়ো পোহৰলৈ আহিছে৷ তেওঁলোকৰ নাম আছিল ১৭ বছৰীয়া হিজাম লিনথ’ইংগাম্বি আৰু ২০ বছৰীয়া ফিজাম হেমজিত৷ এই কথা পোহৰলৈ অহাৰ পাছতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ইয়াক নিন্দা কৰে আৰু যিয়ে এই অপকৰ্ম কৰিলে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে৷