Logo
image

গাখীৰ চাহ কিন্তু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক

চাহৰ প্ৰতি প্ৰায়ভাগ লোকেই আসক্ত৷ পুৱাই শুই উঠি চাহকাপ নহ’লে যেন বহুতৰ বাবে দিনটো আৰম্ভই নহয়৷ বহুতে শুই উঠি ৰঙা চাহ খায়৷ আন বহুতে আকৌ গাখীৰৰ চাহ কাপেৰে দিনটো আৰম্ভ কৰে৷ পিছে গাখীৰ চাহ কিমান ক্ষতিকাৰক সেয়া জানেনে? উল্লেখ কৰা হ’ল গাখীৰ চাহে কৰা ক্ষতিকাৰক দিশৰ বিষয়ে–

⬛ দৈনিক চাহপান কৰাৰ অভ্যাসে টোপনিত ব্যাঘাত জন্মোৱাৰ আশংকা বৃদ্ধি কৰে৷ গাখীৰ চাহ অতি ক্ষতিকাৰক৷ গাখীৰ চাহ কলা চাহপাতেৰে প্ৰস্তুত কৰা হয়৷ ইয়াত ৪৭ মিঃ গ্ৰাঃ কেফেইন থাকে৷ কেফেইনে টোপনিত সমস্যাৰ সৃষ্টি কৰে৷ গাখীৰ চাহ খোৱাৰ ১৫ মিনিটৰ ভিতৰত তেজত কেফেইনৰ প্ৰৱেশ ঘটা আৰম্ভ হয়৷ সেয়ে বিশেষজ্ঞসকলে শুবলৈ যোৱাৰ আগমুহূৰ্তত গাখীৰ চাহ খোৱাটো উচিত নহয় বুলি উল্লেখ কৰিছে৷ 

⬛ যিসকলৰ ওজন কম, তেওঁলোকে গাখীৰ চাহ মুঠেই নাখাব৷ গাখীৰ চাহত কম পৰিমাণৰ কেল’ৰি থকাৰ উপৰি কিছুমান ৰাসায়নিক পদাৰ্থ থাকে৷ এইবোৰ উপাদানে শক্তিৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে৷ চাহ গৱেষণা সংস্থাৰ এক প্ৰতিবেদনত উল্লেখ কৰা মতে চাহৰ সৈতে গাখীৰ মিহলোৱাৰ পাছতে গাখীৰত থকা প্ৰ’টিনসমূহ চাহৰ জৈৱ উপাদানৰ সৈতে সংযুক্ত হয়৷ ফলত ওজন অধিক হ্ৰাস পোৱাৰ আশংকা থাকে৷

⬛ পুৱাই খালী পেটত গাখীৰ চাহ খালে বিপাক ক্ৰিয়াই সঠিকভাৱে কাম নকৰিব পাৰে৷ তদুপৰি খালী পেটত গাখীৰ চাহ খালে গেষ্ট্ৰিকৰ সমস্যা হোৱাৰ আশংকা থাকে৷ একেদৰে এই অভ্যাসে আল্‌ছাৰ হোৱাৰ আশংকা বঢ়ায়৷

⬛ বিশেষজ্ঞসকলৰ মতে অত্যধিক চাহপান কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷ চাহপাতত টেনিন নামৰ এবিধ উপাদান থাকে৷ খালী পেটত চাহ খোৱাৰ লগে লগে এইবিধ উপাদানে পেটৰ টিছুসমূহৰ ক্ষতি কৰা আৰম্ভ কৰে৷ ইয়াৰ ফলত পেটৰ বিষ হ’ব পাৰে৷ তদুপৰি খালী পেটত চাহ খালে বমি ভাৱ হোৱাৰ আশংকা থাকে৷ 

⬛ গাখীৰ চাহে উদ্বেগ বৃদ্ধি কৰে৷ বহুতে পুৱাৰ চাহকাপে দেহ-মন সতেজ কৰা বুলি ভাৱে, কিন্তু চাহ গৱেষণা সংস্থাৰ মতে চাহপানৰ অভ্যাসে উদ্বেগ বঢ়ায়৷ হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ মতে চাহত থকা কেফেইনে হৃৎস্পন্দন বৃদ্ধি কৰে আৰু অস্থিৰতা বঢ়ায়৷

⬛ গাখীৰ চাহে টাইপ-২ ডায়েবেটিছৰ আশংকা বৃদ্ধি কৰে৷ যিসকলৰ দৈনিক গাখীৰ চাহ খোৱাৰ অভ্যাস, তেওঁলোকে চাহত কিমান পৰিমাণৰ চেনি দিয়া হৈছে সেয়া প্ৰথমে নিশ্চিত কৰি ল’ব৷ কিয়নো চেনিয়ে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে৷ ইয়াৰ ফলত টাইপ-২ ডায়েবেটিছত আক্ৰান্ত হোৱাৰ আশংকা আহি পৰে৷