Logo
image

২,০০০ টকীয়া নোটৰ ম্যাদ ৭ অক্টোবৰলৈ বৃদ্ধি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ অক্টোবৰঃ আৰু মাত্ৰ এসপ্তাহৰ পাছত চিৰদিনলৈ নোহোৱা হৈ পৰিব গোলাপী ২০০০ টকীয়া নোট৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ বাবে ৩০ ছেপ্টেম্বৰৰ সময়সীমা বান্ধি দিছিল যদিও এই সময়সীমা পুনৰ এসপ্তাহৰ বাবে বৃদ্ধি কৰিছে৷ অৰ্থাৎ ৭ অক্টোবৰলৈ গ্ৰাহকে বেংকত  ২০০০ টকীয়া নোট জমা তথা সলনি কৰিব পাৰিব৷ ভাৰতীয় ৰিজাৰ্ভ বেংকে বিগত মে’ মাহত  এটা নিৰ্দেশনাযোগে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰি নাগৰিকক হাতত মজুত থকা ২০০০ টকীয়া নোটসমূহ যিকোনো বেংকতে ২৩ মে’ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত জমা কৰি নোট সলনি কৰিবলৈ সময়সীমা বান্ধি দিছিল৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাতিটোৰ ভিতৰতে নোটবন্দী ঘোষণা কৰি এহেজাৰ আৰু পাঁচশ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ পাছত ৰিজাৰ্ভ বেংকে ২০১৬ চনৰ নৱেম্বৰৰ পৰা নতুন ২০০০ টকীয়া নোটৰ ছপা আৰম্ভ কৰিছিল৷ অৱশ্যে অন্যান্য নোট পৰ্যাপ্ত উপলব্ধ হোৱাত ২০১৯ চনৰ পৰা ২০০০ টকীয়া নোটৰ মুদ্ৰণ বন্ধ ৰাখিছিল ৰিজাৰ্ভ বেংকে৷ ইয়াৰ পাছতেই ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোট চিৰদিনৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত লয়৷ সেই অনুসৰি ৩০ ছেপ্টেম্বৰ অৰ্থাৎ আজিৰ দিনটোত ২০০০ টকীয়া নোটৰ সলনি কৰাৰ অন্তিম সময় আছিল ৰিজাৰ্ভ বেংকে নতুন এটা নিৰ্দেশনাযোগে এই সময়সীমা ৭ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে৷ এক কথাত অহা  ৮ অক্টোবৰৰ পৰা দেখিবলৈ পোৱা নাযাব ২০০০ টকীয়া গোলাপী নোট৷ আৰ বি আয়ে প্ৰকাশ কৰা অনুসৰি মুদ্ৰণ হোৱা মুঠ ৩.৫৬ লাখ কোটি টকা মূল্যৰ ২০০০ টকীয়া নোট ওলাই গৈছিল যদিও ২৯ ছেপ্টেম্বৰ পৰ্যন্ত ইয়াৰে ৩.৪২ কোটি টকা বিভিন্ন বেংক সমূহলৈ ঘূৰি আহিছে৷ অৱশ্যে বৰ্তমানেও ০.১৪ লাখ কোটি টকাৰ মূল্যৰ ২০০০ টকীয়া নোট বেংকসমূহলৈ ঘূৰি অহা নাই৷ এই ১৪ হাজাৰ কোটি টকা ঘূৰাই পোৱাৰ আশাতে ৰিজাৰ্ভ বেংকে পুনৰ এসপ্তাহলৈ  ২০০০ টকীয়া নোট জমা তথা সাল-সলনিৰ সময়সীমা বৃদ্ধি কৰিছে৷