Logo
image

গান্ধী জয়ন্তীৰ দিনাই শ্ৰমিকৰ বকেয়া আদায়ৰ দাবীত দিল্লী কঁপাবলৈ সাজু তৃণমূল কংগ্ৰেছ

ডিজিেটল ডেস্কঃ ২ অক্টোবৰত অৰ্থাৎ গান্ধী জয়ন্তীৰ দিনাই দিল্লীৰ ৰাজঘাটত আৰু ৩ অক্টোবৰত যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছে তৃণমূল কংগ্ৰেছে। প্ৰতিবাদৰ বাবে ইতিমধ্যে দিল্লীত উপস্থিত হৈছে টিএমচিৰ কৰ্মী। টিএমচিৰ নেতাসকলে কয় যে কেন্দ্ৰীয় চৰকাৰে এমএনৰেগা আৰু পিএম আৱাস যোজনাৰ অধীনত কাম কৰা পশ্চিমবংগৰ শ্ৰমিকসকলৰ বকেয়া পৰিশোধ কৰা নাই। শ্ৰমিকৰ বকেয়া আদায়ৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিব টিমচিএয়ে৷

তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে প্ৰায় ২৫খন বাছেৰে ৩ অক্টোবৰত দিল্লীত হ'বলগীয়া প্ৰতিবাদৰ বাবে শনিবাৰে কলকাতাৰ পৰা ৰাওনা হয়। তেওঁলোকে কয় যে এই প্ৰতিবাদৰ বাবে ৪ হাজাৰৰো অধিক লোক ইতিমধ্যে দিল্লীত উপস্থিত হৈছে। এই যাত্ৰাৰ পূৰ্বে তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে শনিবাৰে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰে’ল বাতিল কৰি আৰু ইডিৰ লগতে অন্য কেন্দ্ৰীয় সংস্থাসমূহৰ জৰিয়তে এই আন্দোলনত বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিছে।