Logo
image

মুম্বাইৰ সাত মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ডত ৭জনৰ মৃত্যু

মুম্বাই, ৭ অক্টোবৰঃ মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইৰ গোৰেগাঁওস্থিত আজাদ নগৰৰ এটা সাত মহলীয়া অট্টালিকাত শুকুৰবাৰে পুৱতি নিশা হোৱা ভয়ংকৰ অগ্নিকাণ্ডই সাতজন লোকৰ প্ৰাণ লয়৷ এই ভয়ংকৰ অগ্নিকাণ্ডই এলেকাটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে৷ পুৱতি নিশা প্ৰায় আঢ়ৈ আৰু তিনি বজাৰ ভিতৰত অট্টালিকাটোৰ পাৰ্কিঙত প্ৰথমে লাগে জুই৷ তাৰ পাছতে এই জুই অট্টালিকাটোলৈ বিয়পি পৰে৷ জুই লগাৰ পাছতে অট্টালিকাটোত থকা লোকসকলৰ মাজত হাহাকাৰ লাগে৷ অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোকে আহি উদ্ধাৰ অভিযান চলোৱাৰ লগতে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায়৷ বহু সময় ধৰি চলোৱা চেষ্টাৰ অন্তত জুই নুমায়৷ কিন্তু সাতজন লোকে প্ৰাণ হেৰুৱায় আৰু ৪৬জন লোক আহত হয়৷ তেওঁলোকৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক৷ অগ্নিনিৰ্বাপক বাহিনীয়ে দহখন গাড়ী ব্যৱহাৰ কৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ৷ জুইত চাৰিখন গাড়ী আৰু ৩০খনৰো অধিক বাইক ধবংস হয়৷ আহত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷