Logo
image

‘আপ’ বিধায়ক আমানতুল্লা খানৰ বিৰুদ্ধে ইডিৰ অভিযান

‘আমাৰ অসম’ বিশেষ সেৱা, নতুন দিল্লী, ১১ অক্টোবৰঃ  দিল্লীৰ শাসকীয় আম আদমী পাৰ্টীৰ বিতৰ্কিত আৰু চৰ্চিত বিধায়ক আমানতুল্লা খানৰ বিৰুদ্ধে  মঙলবাৰে কেন্দ্ৰীয় তদন্তকাৰী এজেন্সী ইডিয়ে অভিযান চলায়৷ মঙলবাৰে পুৱাই ইডিৰ দলে আমানতুল্লা খানৰ ঘৰত উপস্থিত হৈ অভিযান চলোৱাৰ পাছতে খবৰটো ৰাজহুৱা হয়৷ যিটো গোচৰত ইডিয়ে আমানতুল্লা খানৰ বিৰুদ্ধে অভিযান চলায়, সেয়া হৈছে দিল্লী ৱাক্‌ছ ব’ৰ্ডত হোৱা ভূমি আৰু আৰ্থিক কেলেংকাৰি গোচৰ৷ যোৱা বছৰ আমানতুল্লা খান আৰু তেওঁৰ ঘনিষ্ঠৰ বিৰুদ্ধে ৱাক্‌ফ ব’ৰ্ডৰ ভূমি আৰু বৃহৎ ধন কেলেংকাৰিৰ অভিযোগ উঠিছিল৷ যোৱা বছৰ দিল্লী আৰক্ষীৰ দুৰ্নীতি নিবাৰক ব্যুৰ’ৱে [এচিবি] আমানতুল্লা আৰু তেওঁৰ ঘনিষ্ঠৰ বিৰুদ্ধে দিল্লীৰ পাঁচটা স্থানত অভিযান চলাইছিল৷ উক্ত অভিযানৰ সময়ত এচিবিয়ে ১২ লাখ নগদ ধন, এটা অনুজ্ঞাপত্ৰহীন পিষ্টল আৰু দুটা বেলেগ বেলেগ ব’ৰৰ কাৰ্টিজ উদ্ধাৰ কৰিছিল৷ এচিবিয়ে আমানতুল্লা খানক গ্ৰেপ্তাৰ কৰিছিল যদিও পিছলৈ তেওঁ জামিন লাভ কৰিছিল৷ সেই অভিযানত আমানতুল্লাৰ ঘনিষ্ঠৰ ঘৰৰ পৰা কেইবাখনো ডায়েৰী উদ্ধাৰ কৰিছিল৷ সেই ডায়েৰীয়েই  এতিয়া বিধায়ক আমানতুল্লা খানলৈ বিপদ মাতি আনিলে৷ এই ডায়েৰীত হাৱালাৰ জৰিয়তে বহু ধন বিদেশলৈ প্ৰেৰণ কৰাৰ কথাও উল্লেখ আছে৷ গতিকে ‘আপ’ৰ বিধায়কজন বিপদত পৰাটো নিশ্চিত৷ উল্লেখ্য, দিল্লী ৱাক্‌ফ ব’ৰ্ডত হোৱা ভূমি আৰু বিত্তীয় খেলি-মেলি ঘটনাটোৰ তদন্ত চিবিআয়েও চলাই আছে৷