Logo
image

দিকভ্ৰষ্ট তদন্ত

গগৈ চৰকাৰৰ শাসন কালত সংঘটিত কেলেংকাৰীসমূহৰ ভিতৰত অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰী অন্যতম আছিল৷ এই বিয়াগোম কেলেংকাৰীৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আয়োগৰ অধ্যক্ষ, সদস্য, উৎকোচ দিয়া বহু প্ৰাৰ্থী আৰু মধ্যভোগীক গ্ৰেপ্তাৰ কৰে৷ বৰ্তমানো এই কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া শেষ হোৱা নাই৷ লক্ষণীয়ভাৱে আৰক্ষীয়ে আজিপৰ্যন্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই আয়োগৰ পূৰ্বৰ কাৰাৰুদ্ধ অধ্যক্ষ ৰাকেশ পালৰ ভ্ৰাতৃ ৰাজীৱ পাল আৰু পশু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ মৃগেন শইকীয়াক৷ এই দুয়োজন লোক সমগ্ৰ গোচৰটোৰ অন্যতম অভিযুক্ত আছিল৷ তেওঁলোকৰ ভাষ্য অবিহনে সমগ্ৰ গোচৰটোৱে দুৰ্বল হৈ পৰিব বুলি আশংকা কৰিছিল তদন্তকাৰী বিষয়াই৷ কিন্তু কি যাদুৰ বলত আজিপৰ্যন্ত এই লোক দুজন আৰক্ষীৰ চকুত ধূলি দি পলাই থাকিব পাৰিছে, সেয়া এক ডাঙৰ প্ৰশ্ন৷ এই লোক দুজনে এ পি এছ চিৰ নিযুক্তি কেলেংকাৰিৰ মূল অভিকেন্দ্ৰ আছিল৷ ৰাকেশ পালৰ ভ্ৰাতৃ ৰাজীৱ পালৰ প্ৰেছত পৰীক্ষাৰ নকল বহী ছপা হৈছিল৷ তাতে প্ৰাৰ্থীয়ে বহি পৰীক্ষা দিছিল৷ সেইটো ছপাশালৰ পৰা আৰক্ষীয়ে বহু নকল পৰীক্ষা-বহী উদ্ধাৰ কৰিছিল৷ ঠিক তেনেদৰে ডাঃ শইকীয়াৰ চৰকাৰী বাসগৃহতো পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিল৷ তেওঁ নিজহাতে ধন সংগ্ৰহ কৰিছিল ৰাকেশ পালৰ হৈ৷ কিন্তু এই দুজন মূল অভিযুক্তকে আজি বছৰৰ পাছত বছৰ ধৰি আৰক্ষীয়ে বিচাৰি নাপালে৷ এই লোক দুজন গ্ৰেপ্তাৰ হ’লেই আয়োগৰ দুৰ্নীতিৰ এক নতুন অধ্যায় পোহৰলৈ আহিলহেঁতেন৷ ৰাজীৱ পাল বা ডাঃ মৃগেন শইকীয়া পেছাদাৰী অপৰাধীও নহয় যে আৰক্ষী বা অন্য তদন্তকাৰী সংস্থাৰ চকুত ধূলি দি নিমিষতে অদৃশ্য হ’ব আৰু তেওঁলোকক বিচাৰিয়ে পোৱা নাযাব৷ এই লোক দুজনক বিচাৰি পোৱা নাই নে তেওঁলোকক সুৰক্ষিত অৱস্থাত যাবলৈ দিয়া হ’ল? আজিৰ দিনত তদন্তকাৰী সংস্থাৰ ওচৰত ইমান অত্যাধুনিক প্ৰযুক্তি আছে যে এজন লোকৰ অৱস্থিতি নিমিষতে উলিয়াই দিব পাৰে৷ হয়তো আৰক্ষীৰ এই লোক দুজনক বিচাৰি উলিয়াবলৈ মন নগ’ল কিবা অদৃশ্য কাৰণত৷ এই নিযুক্তি কেলেংকাৰীৰ সৈতে বহু ৰাজনৈতিক আৰু অৰাজনৈতিক লোক জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল৷ ৰাজনৈতিক সুৰক্ষা আৰু পৃষ্ঠপোষকতা অবিহনে এনে বিয়াগোম কেলেংকাৰী সংঘটিত কৰাটো মুঠেই সম্ভৱ নহয়৷ কিন্তু এনে ৰাজনৈতিক বা অৰাজনৈতিক নেতাৰ এজনকো আজিপৰ্যন্ত তদন্তৰ আওতালৈ অনা নহ’ল৷ যাৰ ফলত সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোৱে আধৰুৱা হৈ থাকিল৷ শেহতীয়াভাৱে ৰাজ্যত আৰক্ষী বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া এই দুৰ্নীতিৰ অভিকেন্দ্ৰ হৈ পৰিছে৷ তেওঁৰ লগতে শাসনাধিষ্ঠিত বিজেপি দলৰ এজন নেতাৰ নামো সাঙুৰ খাই পৰিছে এই নিযুক্তি কেলেংকাৰীৰ সৈতে৷ কিন্তু দুয়োজন অভিযুক্তই সম্প্ৰতি পলাতক৷ নিযুক্তি কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাছতে বতাহৰ সৈতে মিলি যায় দুয়োজন অভিযুক্ত৷ আকৌ এক ৰহস্য৷ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ লগত শেষ মুহূৰ্তলৈ চৰকাৰী নিৰাপত্তাৰক্ষী আছিল৷ তেওঁ কিদৰে গম পালে যে আৰক্ষী তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁৰ বাসগৃহলৈ গৈ আছে৷ আৰক্ষীৰ লোকে গিজ্‌গিজাই থকা গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পৰা আৰক্ষী বিষয়াজন হঠাৎ কিদৰে অদৃশ্য হৈ গ’ল? শেহতীয়াভাৱে প্ৰশ্নকাকত ফাদিলৰ সমগ্ৰ ঘটনাটোৰ তদন্ততকৈ এই বিতৰ্কিত আৰক্ষী বিষয়াজনৰ সম্পত্তি বিচাৰি উলিয়াবলৈহে যেন তদন্তকাৰী সংস্থাসমূহ অধিক আকুল হৈ পৰিছে৷ যাৰ ফলত মূল তদন্তৰ বিষয়টো তল পৰি ৰোৱাৰ উপক্ৰম হৈছে৷ এই আৰক্ষী বিষয়াজনে নিজৰ কৰ্মজীৱনত সম্পত্তিৰ যি পাহাৰ গঢ়িছে, সেই বিষয়ে বিভাগৰ অধিকাংশ লোক অৱগত৷ চৰকাৰো অৱগত নোহোৱাৰ কোনো কাৰণ নাই৷ কিন্তু প্ৰশ্নকাকত কেলেংকাৰীৰ সৈতে এইজন বিষয়াৰ নাম সাঙোৰ খাই নগ’লে হয়তো তেওঁৰ বিশাল সম্পত্তিৰ তালিকা লোকচক্ষুৰ আঁতৰতে থাকিলহেঁতেন৷ এই অৱসৰপ্ৰাপ্ত বিষয়াজনৰ হাতত পৰীক্ষাৰ প্ৰশ্নকাকত পৰিল কেনেকৈ? কোনে তেওঁৰ হাতত তুলি দিছিল পৰীক্ষাৰ প্ৰশ্নকাকত? পৰীক্ষাৰ পূৰ্বে প্ৰাৰ্থীসকলে যি প্ৰি-পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তাৰ আঁৰত কোন কোন লোক জড়িত আছে? কোনে এনেদৰে প্ৰশ্নকাকত আগতীয়াকৈ লাভ কৰি প্ৰি-পৰীক্ষা অনুষ্ঠিত কৰিছিল? পিছদিনা অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ প্ৰশ্নকাকত কিদৰে আগতীয়াকৈ এইসকল লোকে লাভ কৰিছিল? এনে বিষয়সমূহ এতিয়া তদন্তকাৰী সংস্থা বা চৰকাৰৰ কাৰণে যেন  মৌন হৈ পৰিছে৷ পৰীক্ষা পৰিচালনাৰ দায়িত্বত থকা মূল লোকজন বা সেই সংস্থাটোৰ অৱস্থিতি কি? বহু ৰাজনৈতিক নেতাৰ নাম এই নিযুক্তি কেলেংকাৰীৰ সৈতে সাঙোৰ খাই পৰিছে৷ তেওঁলোক তদন্তৰ আওতালৈ আহিবনে? নে এপিএছচিৰ দৰে এই তদন্তও এক নিৰ্বাচনমুখী ৰাজনৈতিক চমক হৈ থাকিব?