Logo
image

প্ৰথম জয়ৰ সন্ধানত আজি শ্ৰীলংকাৰ সন্মুখত অষ্ট্ৰেলিয়া

লক্ষ্ণৌ, ১৬ অক্টোবৰঃ বিশ্বকাপৰ সোমবাৰৰ খেলত শ্ৰীলংকাৰ সন্মুখীন হ’ব অষ্ট্ৰেলিয়া৷ উভয় দলেই এতিয়ালৈকে চলিত বিশ্বকাপত জয়ৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই৷ সেই দিশৰ পৰা প্ৰতিযোগিতাখনত প্ৰথম জয়ৰ মুখ দেখাৰ সন্ধানত সোমবাৰে পৰস্পৰৰ সন্মুখীন হ’ব অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা৷ বিশ্বকাপৰ নিজৰ প্ৰথম দুখন খেলত অষ্ট্ৰেলিয়া পৰাস্ত হৈছে দক্ষিণ আফ্ৰিকা আৰু ভাৰতৰ বিৰুদ্ধে৷ আনহাতে, শ্ৰীলংকা পৰাস্ত হৈছে দক্ষিণ আফ্ৰিকা আৰু পাকিস্তানৰ বিৰুদ্ধে৷ পাঁচবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়া ১০দলীয় প্ৰতিযোগিতাখনত শনিবাৰ পৰ্যন্ত নৱম স্থানত আছে৷ নেট ৰান ৰেটৰ ভিত্তিত শনিবাৰ পৰ্যন্ত  শ্ৰীলংকা অষ্ট্ৰেলিয়াকৈ ওপৰত সপ্তম স্থানত আছে৷ উল্লেখ্য, সামগ্ৰিকভাৱে শেহতীয়া আঠখন এদিনীয়াৰ সাতখনতে পৰাস্ত হৈছে অষ্ট্ৰেলিয়া৷ চলিত প্ৰতিযোগিতাখনত তেওঁলোকৰ প্ৰদৰ্শন আটাইকেইটা বিভাগতে দুৰ্বল৷ দুখন খেলত অষ্ট্ৰেলিয়াই  ছটা কেচ পেলাইছে৷ দলটোৰ বলিং আক্ৰমণো নিস্প্ৰভ দেখা গৈছে৷ বেটাৰৰ প্ৰদৰ্শনো সন্তোষজনক নহয়৷ এতিয়াও দলটোৱে প্ৰতিযোগিতাখনত ২০০ ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হোৱা নাই৷ প্ৰথম খেলত ভাৰতীয় স্পিনাৰৰ সন্মুখত সমস্যাত পৰাৰ পাছত দ্বিতীয় খেলত দলটো দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰৰ সন্মুখত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল৷ শ্ৰীলংকাৰ বলিং আক্ৰমণৰ বিৰুদ্ধে সোমবাৰে সুযোগ ল’ব পাৰে অষ্ট্ৰেলিয়াৰ বেটাৰে৷ সোমবাৰৰ খেলখন অনুষ্ঠিত হ’ব লক্ষ্ণৌৰ একানা স্প’ৰ্টছ চিটীত৷ একানাৰ পিটচৰ সৈতে পৰিচিত অষ্ট্ৰেলিয়াৰ খেলুৱৈ৷ প্ৰায় এসপ্তাহ দলটোৱে ইয়াত অনুশীলন চলোৱাৰ লগতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ অষ্ট্ৰেলিয়াৰ পেচ বলিং আক্ৰমণত অধিনায়ক পেট কামিনছ সৈতে জোছ হেজেলউড আৰু মিচেল ষ্টাৰ্ক থকাৰে সম্ভাৱনা আছে৷ স্পিন আক্ৰমণৰ দায়িত্বত থাকিব আডাম জাম্পা আৰু গ্লেন মেক্সৱেল৷ আনহাতে, শ্ৰীলংকাৰ বেটাৰে প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন আগবঢ়াইছে যদিও নিৰাশ কৰিছে দলটোৰ বলিং বিভাগে৷ পূৰ্বৰ দুয়োখন মেচতে শ্ৰীলংকাৰ বেটাৰে ৩২০১ অধিক ৰান কৰিছে৷ শ্ৰীলংকাৰ অনভিজ্ঞ বলিং বিভাগে প্ৰথম দুখন মেচত ৭৭৫ ৰান দিছে৷ অধিনায়ক ডাছুন ছনকা আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাত দলক নেতৃত্ব দিব কুশল মেণ্ডিছে৷